মন্দ মেয়েৰ উপাখ্যান (Mondo Meyer Upakhyan; অনুবাদ: নষ্ট ছোৱালীৰ উপাখ্যান) বুদ্ধদেৱ দাসগুপ্ত পৰিচালিত ২০০২ বৰ্ষৰ এখন বঙালী ভাষাৰ চলচ্চিত্ৰ। মূল ভূমিকাত অভিনয় কৰিছে সমতা দাসে। অন্যান্য গুৰুত্বপূৰ্ণ ভূমিকাত আছে তাপস পাল, ঋতুপৰ্ণ সেনগুপ্ত, শ্ৰীলেখা মিত্ৰ, সুদীপ্ত চক্ৰৱৰ্তী আৰু জুন মালিয়া। ২০০৩ চনত এই ছবিখনে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৫০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
কাহিনীৰ মূলভাব
কিশোৰী লতী এখন গণিকালয়ত বাস কৰে, য’ত তাইৰ মাক ৰজনীয়ে এজনী গণিকাৰ কাম কৰে। ৰজনীৰ সপোন, নিজৰ জীয়েকক কামুক চিনেমাহলৰ মালিকৰ হাতত সমৰ্পন কৰা। তেওঁৰ যুক্তি এয়ে যে এই বৃদ্ধ চহকী লোকজন যদি জীয়েকৰ ৰক্ষক হয়, তেন্তে বয়স ভাটী দিয়াৰ পিছত ৰজনীৰো আশ্ৰয় হ’ব। কিন্তু পঢ়াশুনাৰ প্ৰতি আগ্ৰহী লতীয়ে তাইৰ পঢ়াশুনাৰ সৈতে কোনো ধৰণৰ বুজাপৰা কৰিব নিবিচাৰে।
সীমাৰ পৰিধি ভঙাৰ লতীৰ এই প্ৰয়াসক ১৯৬৯ চনত মানুহে প্ৰথম চন্দ্ৰত ভৰি দিয়াৰ ঘটনাক্ৰমৰ সৈতে ৰিজাব পৰা যায়। এই ৰূপক তাইৰ মুক্তিৰ প্ৰয়াসকে অভিব্যক্ত কৰে। এখন নতুন পৃথিবীলৈ লতীৰ এই যাত্ৰাৰ সৈতে ‘আশা’ৰ আৰু কিছু যাত্ৰাও চামিল হয়। বেশ্যালয়ৰ অন্য তিনিগৰাকী বাসিন্দাও স্বতন্ত্ৰতা আৰু পূৰ্ণতাৰ সন্ধানত আগবাঢ়ে। সহযাত্ৰীৰ ৰূপত এহাল বৃদ্ধ দম্পতীয়েও অংশ লয়। এই যাত্ৰাৰ কালত উদ্ভৱ হোৱা পৰিস্থিতিয়ে ছবিখনৰ কাহিনীভাগ আগবঢ়াই লৈ যায়।১
বঁটা
- ২০০৩: আনন্দলোক বঁটা – শ্ৰেষ্ঠ পৰিচালক – বুদ্ধদেৱ দাসগুপ্ত২
- ২০০৩: শ্ৰেষ্ঠ আছিয়ান ফিল্ম এৱাৰ্ড- বুদ্ধদেৱ দাসগুপ্ত
- ২০০৩: ৫০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা – শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ 50th National Film Award Catalogue. DIRECTORATE OF FILM FESTIVALS
- ↑ Mando Meyer Upakshan(2003) Movie Awards. www.gomolo.in
- ↑ Mondo Meyer Upakhyan (2002) - Awards. www.imdb.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মন্দ মেয়েৰ উপাখ্যান” প্ৰবন্ধৰ সংশোধন ৩৯০৬৬৪ (৭ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।