অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মহেঞ্জোদাৰো (চলচ্চিত্ৰ)

মহেঞ্জোদাৰো (मोहेंजो दड़ो) হ’ল ২০১৬ চনৰ ১২ আগষ্টত মুক্তি লাভ কৰা এখন ঐতিহাসিক-ৰোমান্টিক ভাৰতীয় চলচ্চিত্ৰ। আশুতোষ গোৱাৰিকৰৰ দ্বাৰা পৰিচালিত আৰু সিদ্ধাৰ্থ ৰয় কাপুৰ আৰু সুনীতা গোৱাৰিকৰৰ দ্বাৰা প্ৰযোজিত চলচ্চিত্ৰখনত হৃত্বিক ৰোছন আৰু পূজা হেগড়ে মূল নায়ক আৰু নায়িকা হিচাপে অভিনয় কৰিছে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ২৭৪ শব্দ · ২ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

মহেঞ্জোদাৰো (मोहेंजो दड़ो) হ’ল ২০১৬ চনৰ ১২ আগষ্টত মুক্তি লাভ কৰা এখন ঐতিহাসিক-ৰোমান্টিক ভাৰতীয় চলচ্চিত্ৰ। আশুতোষ গোৱাৰিকৰৰ দ্বাৰা পৰিচালিত আৰু সিদ্ধাৰ্থ ৰয় কাপুৰ আৰু সুনীতা গোৱাৰিকৰৰ দ্বাৰা প্ৰযোজিত চলচ্চিত্ৰখনত হৃত্বিক ৰোছন আৰু পূজা হেগড়ে মূল নায়ক আৰু নায়িকা হিচাপে অভিনয় কৰিছে।১২৩ সিন্ধু সভ্যতাৰ যুগৰ মহেঞ্জোদাৰো নামে এখন প্ৰাচীন নগৰৰ ওপৰত চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে। এই চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ কাম গুজৰাটৰ ভূজ, মুম্বাই, জবলপুৰ আৰু মহাৰাষ্ট্ৰৰ থানেত কৰা হৈছে। চলচ্চিত্ৰখন এহাল প্ৰেমিক-প্ৰেমিকাৰ ওপৰত নিৰ্মিত য’ত প্ৰেমিকজনে তেঁওৰ শত্ৰুৰ কন্যাৰ সৈতে প্ৰেমত পৰে। তেখেতৰ প্ৰেমিকাজনী এজনী নৃত্যশিল্পী।৪৫

অভিনেতা-অভিনেত্ৰী

  • হৃত্বিক ৰোছন৬
  • পূজা হেগড়ে৬
  • কবিৰ বেদী৭
  • অৰুনোদই সিং৮
  • সুহাসিনী মুলয়
  • নিতীশ ভৰদ্বাজ৯
  • কিশোৰী সাহানে১০
  • শাৰদ কেলকাৰ
  • মনিশ চৌধাৰী১১
  • নৰেন্দ্ৰ ঝা১২
  • পীযুস মিশ্ৰা
  • কেজী ফ্ৰাংক১৩
  • দিগন্ত হাজৰিকা১৪১৫

প্ৰযোজনা

নিৰ্মাণ

২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত আশুতোষ গোৱাৰিকৰে আনুষ্ঠানিকভাবে চলচ্চিত্ৰখন ঘোষণা কৰে আৰু সেই একে চনৰে আগষ্ট মাহত, চলচ্চিত্ৰখনত মূল নায়ক (পুৰুষ) হিচাপে হৃত্বিক ৰোছনক ল’বলৈ নিশ্চিত কৰা হয়, লগতে তেখেতক ৫০ কৌটি (US$ ৭.৪ মিলিয়ন) টকা দিয়া হয়। অভিনেত্ৰী পূজা হেগড়েক মূল নায়িকা (মহিলা) হিচাপে লোৱা হয়। চলচ্চিত্ৰখনত ষ্টান্ট্ বোৰ গ্লেন ব’ছৱেলৰ দ্বাৰা কৰিঅ’গ্ৰাফ কৰা হৈছে তথা সাজপাৰৰ ডিজাইনবোৰ এপ্ৰিল ফেৰী আৰু নীতা লুল্লাৰ দ্বাৰা কৰা হৈছে। ইউ.কে.(UK)ৰ বাসিন্দা জ’ছুৱা কাইল বেকাৰে হৃত্বিক ৰোছনক চলচ্চিত্ৰখনত তেখেতৰ চৰিত্ৰৰ বাবে প্ৰশিক্ষণ দিছে। ২০১৪ চনৰ ডিচেম্বৰ মাহত প্ৰাক্-প্ৰযোজনা আৰম্ভ কৰিবলৈ ভূজ অঞ্চলত আশুতোষ গোৱাৰিকৰ উপস্থিত হৈছিল। এই চলচ্চিত্ৰখন ঐতিহাসিক পটভূমিত নিৰ্মাণ কৰা হৈছে বাবে ইয়াত উচ্চমানৰ ভিজুৱেল ইফেক্ট (Visual Effect) ব্যৱহাৰ কৰা হৈছে।

চিত্ৰগ্ৰহণ

২০১৫ চনৰ ২৭ জানুৱাৰী তাৰিখে ভূজ অঞ্চলত চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰা হৈছিল। তাৰ পিছত আন আন ঠাইবোৰত চিত্ৰগ্ৰহণৰ কাম কৰিছিল আৰু ২০১৬ চনৰ ৮ এপ্ৰিল তাৰিখে চিত্ৰগ্ৰহণৰ কাম সম্পূৰ্ণ হৈছিল।

সংগীত

এ. আৰ. ৰহমান হৈছে চলচ্চিত্ৰখনৰ সংগীত পৰিচালক। ২০১৬ চনৰ ৬ জুলাই তাৰিখে সম্পূৰ্ণ সংগীত এলবামটো মুক্তি দিয়া হয়।১৬ চলচ্চিত্ৰখনৰ গীতকেইটা ৰচনা কৰিছে প্ৰখ্যাত গীতিকাৰ জাভেদ আখতাৰে

তথ্যসূত্ৰ

  1. ↑ Ashutosh Gowariker: The tallest structure in Mohenjo Daro was two-storey high
  2. ↑ the Indus Valley civilisation dates back to 8000 BC, making it one of the most ancient civilisations, Gowariker noted
  3. ↑ আৰ্কাইভ কপি
  4. ↑ Ashutosh Gowariker’s ‘Mohenjo Daro’ Falls Prey to Hindutva Horseplay
  5. ↑ Lohana, Avinash. (December 16, 2015). ‘Ashutosh stole my Mohenjodaro story'. Mumbai Mirror
  6. ↑ (12 July 2014). Pooja Hegde paired opposite Hrithik Roshan in Mohenjo Daro. হিন্দুস্তান টাইমছ
  7. ↑ (10 January 2015). Kabir Bedi to play villain in Hrithik Roshan starrer Mohenjo Daro. বলিউড হাংগামা
  8. ↑ (29 January 2015). Arunoday Singh turns villain. ডি এন এ
  9. ↑ (2016-02-28). BJP wilfully ignored my potential: Nitish Bharadwaj. DNA India
  10. ↑ Hrithik Roshan's co-star Kishori Shahane in 'Lakhon Hain Yahan Dilwale' - The Times of India
  11. ↑ Bollywood actor Manish Chaudhari shoots in Gujarat - The Times of India
  12. ↑ Narendra Jha Bags Ashutosh Gowriker’s Mohenjo Daro
  13. ↑ (31 March 2015). Hrithik Roshan's co-star Casey Frank. stuff.co.nz
  14. ↑ Diganta Hazarika Appearing in Hritik Roshan Starrer Film Mahenjo Daro
  15. ↑ Diganta Hazarika in Hritik Roshan Starrer Film Mohenjo Daro
  16. ↑ Mohenjo Daro (Original Motion Picture Soundtrack) by A. R. Rahman on iTunes. ITunes Store

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহেঞ্জোদাৰো (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৪৬ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।