অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মিডি সংগীত উৎসৱ

মিডি সংগীত উৎসৱ (ইংৰাজী: Midi Music Festival), যাকে কেতিয়াবা মিডি আধুনিক সংগীত উৎসৱ বা চমুকৈ মিডি উৎসৱ বুলিও কোৱা হয়, হৈছে চীন দেশৰ অন্যতম বৃহৎ ৰক সংগীতৰ উৎসৱ। এই উৎসৱৰ আয়োজন কৰে বেইজিং মিডি স্কুল অৱ মিউজিকে।

হালনাগাদ: ৩১ আগষ্ট ২০২৬ ৩৩৫ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ
২০০৭ চনৰ মিডি সংগীত উৎসৱৰ এটি প্ৰদৰ্শনী
২০০৭ চনৰ মিডি সংগীত উৎসৱৰ এটি প্ৰদৰ্শনীছবি: E T from Beijing, China · CC BY-SA 2.0

মিডি সংগীত উৎসৱ (ইংৰাজী ভাষা: Midi Music Festival), যাকে কেতিয়াবা মিডি আধুনিক সংগীত উৎসৱ বা চমুকৈ মিডি উৎসৱ বুলিও কোৱা হয়, হৈছে চীন দেশৰ অন্যতম বৃহৎ ৰক সংগীতৰ উৎসৱ। এই উৎসৱৰ আয়োজন কৰে বেইজিং মিডি স্কুল অৱ মিউজিকে। ১৯৯৭ চনত আৰম্ভ হোৱাৰ পৰা প্ৰতি বছৰে মে’ দিৱসৰ বন্ধৰ দিনবোৰত (১-৩ মে’) বেইজিঙত এই উৎসৱ অনুষ্ঠিত হৈ আহিছে। অৱশ্যে ২০০৩, ২০০৪ আৰু ২০০৮ চনত ইয়াৰ ব্যতিক্ৰম ঘটিছিল (এই কেইবছৰত উৎসৱ অক্টোবৰ মাহত অনুষ্ঠিত হৈছিল)। বৰ্তমান ইয়াৰ সময়সীমা সলনি কৰি (২৮ এপ্ৰিলৰ পৰা ১ মে') কৰা হৈছে। ২০০৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিক ক্ৰীড়া সমাৰোহৰ বাবে ২০০৮ চনৰ উৎসৱটো অক্টোবৰ মাহলৈ পিছুৱাই দিয়া হৈছিল আৰু ২০২০ তথা ২০২১ চনত কৰ'নাভাইৰাছ ৰোগ ২০১৯ অতিমাৰীৰ বাবে উৎসৱসমূহ বাতিল কৰা হৈছিল। বৰ্তমান এই উৎসৱ বাৰ্ষিকভাবে চীনৰ চাৰিখন চহৰ ক্ৰমে: বেইজিং, চাংহাই, চুঝৌ আৰু শ্বেনঝেনত অনুষ্ঠিত হয়।১

২০০৬ চনত বেইজিঙৰ হেইডিয়ান পাৰ্কত অনুষ্ঠিত হোৱা উৎসৱত প্ৰায় ৪০ৰ পৰা ৮০ হাজাৰ দৰ্শকৰ সমাগম হৈছিল। ইয়াত ৫০টাতকৈও অধিক বেণ্ডৰ (যাৰ ভিতৰত ১৮টা বিদেশী বেণ্ড আছিল, যেনে- এ্লেভ, মনোকিনো, য়োকোহামা মিউজিক এছ'চিয়েশ্যন, দ্য ৱামবেটচ, আৰু দ্য মে'ফ্লাইজৰ সংগীত প্ৰদৰ্শিত হৈছিল। এই বেণ্ডসমূহে মূল মঞ্চ, গীটাৰচাইনা মঞ্চ, মিনি মিডি মঞ্চ আৰু ডিস্কো মঞ্চ নামৰ চাৰিখন ভিন্ন মঞ্চত নিজৰ কলা প্ৰদৰ্শন কৰিছিল। শিল্পীসকলে প্ৰধানকৈ ৰক সংগীত, ইলেক্ট্ৰ' আৰু ডিজে ধাৰাৰ সংগীত পৰিৱেশন কৰিছিল। ২০০৭ চনৰ উৎসৱত যুক্তৰাজ্যৰ কেইবাটাও জনপ্ৰিয় দল যেনে- দ্য ক্ৰাইমিয়া, কাভা কাভা (বেণ্ড), ইউৰিথমিকচৰ ডেভ ষ্টিৱাৰ্ট আৰু চাউণ্ডট্ৰেক অব আৱাৰ লাইভচে অংশগ্ৰহণ কৰিছিল।

এই উৎসৱে পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতাকে মূল শ্লোগান হিচাপে ব্যৱহাৰ কৰি আহিছে। যেনে- ২০১১ চনৰ উৎসৱত বিলুপ্তপ্ৰায় প্ৰাণীক সুৰক্ষা দিয়াৰ বিষয়টো দাঙি ধৰা হৈছিল২ আৰু ২০১২ চনৰ উৎসৱত পিএম ২.৫ (PM2.5 বায়ু প্ৰদূষণ) সম্পৰ্কে সজাগতা সৃষ্টিৰ বাৰ্তা দিয়া হৈছিল।৩

২০০৮ চনৰ পৰা ৰক ইন চাইনাই মিডি আধুনিক সংগীত উৎসৱৰ বাবে ইংৰাজী ভাষাৰ ৱেবছাইটটো যোগান ধৰি আহিছে।৪

২০১১ চনৰ উৎসৱত অষ্ট্ৰেলিয়াৰ ৰক বেণ্ড দ্য অন ফায়াৰচে অংশ লৈছিল।

২০১১ চনৰ উৎসৱত জাপানৰ বিখ্যাত বেণ্ড গুডফৰনাথিঙে পৰিৱেশন কৰিছিল। তেওঁলোকে ১৬বাৰ সংগীত প্ৰদৰ্শন কৰা প্ৰথমটো বেণ্ড আছিল।

২০১২ চনৰ উৎসৱত অষ্ট্ৰেলিয়াৰ বেণ্ড আৰ্কেন চেইণ্টচ আৰু ফ্ৰান্সৰ বেণ্ড লা চুৰিচ দেগ্লিঙগেই অংশগ্ৰহণ কৰিছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (17 September 2013). A Rock Gathering at Changjiang Midi Festival. Music Weekly Asia
  2. ↑ ২০১১ চনৰ উৎসৱৰ পোষ্টাৰ চাওক 2011 festival
  3. ↑ মিডি ২০১২ উৎসৱৰ পৃষ্ঠাত থকা ব্যাখ্যা চাওক Midi 2012 festival page
  4. ↑ ৰক ইন চাইনাৰ About Us অংশত উল্লেখ কৰা অনুসৰি, link

সম্পৰ্কিত শ্ৰেণী

চীনৰ উৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিডি সংগীত উৎসৱ” প্ৰবন্ধৰ সংশোধন ৬৩৩৬৬৭ (৩১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।