অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মটু পতলু

মটু পতলু হ'ল ভাৰতৰ টেলিভিশন এনিমেটেড কাৰ্টুন চিৰিজ। যিটো কমিক্‌ছ চিৰিজ লট পটৰ অনুৰূপ। এইটো ১৬ অক্টোবৰ ২০১২ পৰা আৰম্ভ হয়, যাৰ প্ৰথম পৰ্ব আছিল "জন বানেগা ডন"। এইটো শিশুহঁতৰ বৰ প্ৰিয় অনুষ্ঠান। এই কাৰ্টুনৰ প্ৰধান তিনিটা চৰিত্ৰ হ'ল মটু, পতলু আৰু জন।

হালনাগাদ: ৯ অক্টোবৰ ২০২৫ ৫৮১ শব্দ · ৩ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

মটু পতলু হ'ল ভাৰতৰ টেলিভিশন এনিমেটেড কাৰ্টুন চিৰিজ। যিটো কমিক্‌ছ চিৰিজ লট পটৰ অনুৰূপ। এইটো ১৬ অক্টোবৰ ২০১২ পৰা আৰম্ভ হয়, যাৰ প্ৰথম পৰ্ব আছিল "জন বানেগা ডন"। এইটো শিশুহঁতৰ বৰ প্ৰিয় অনুষ্ঠান। এই কাৰ্টুনৰ প্ৰধান তিনিটা চৰিত্ৰ হ'ল মটু, পতলু আৰু জন। কাৰ্টুনৰ প্ৰতিটি দৃশ্যপট আৰু কাহিনী এই দুজনক কেন্দ্ৰ কৰি পৰিচালিত হয়। ডনৰ অসামাজিক কাৰ্যক্ৰমত দুই বন্ধু মটু আৰু পতলু বাধা দিয়ে। এই কাৰ্টুনৰ কল্পিত চহৰৰ নাম ফুৰফুৰি নগৰ। ফুৰফুৰি নগৰত এজন চা বিক্ৰেতা আছে, যিজনে মটুৰ বাবে চিঙাৰা তৈৰি কৰে। কাৰ্টুনটো নিকিলোডিয়ান ইণ্ডিয়াত হিন্দি ভাষাত সম্প্ৰচাৰিত হয়।১ ইয়াৰোপৰি, ভাৰতৰ কালাৰ্স বঙালীত বঙালী ভাষাত ডাবিং কৰি সম্প্ৰচাৰিত হয়।

পৰিচয়

মটু আৰু পতলু নামৰ দুজন ঘনিষ্ঠ বন্ধু ফুৰফুৰি চহৰত বাস কৰে। সদাহাস্য এই বন্ধু যুগল কেনেকৈ নিজেৰ ভাগ্যেৰ উন্নতি কৰিব পাৰি সেইদিশতেই মনোনিবেশ কৰে। চিঙাৰা মটুৰ প্ৰিয় খাদ্য। চহৰৰ আটাইতকৈ ভাল চিঙাৰা পোৱা যায় চাহৱালাৰ দোকানত। মটু সকলো সময়তে সেই দোকানৰ পৰা বিনা পইচাত কেনেকৈ চিঙাৰা খাব পাৰি তাৰেই ধান্ধাত থাকে। চিঙাৰাৰ বাবে মটু যিকোনো কাম কৰিব পাৰে। বেছিভাগ সময়তে মটু কিবা নহয় কিবা সমস্যা তৈৰি কৰে যিটো পতলু সমাধান কৰে। বহুক্ষেত্ৰত ঘাসিতা ৰাম, ইন্সপেক্টৰ চিঙ্গাম আৰু ডক্টৰ ঝাটকা সিহঁত দুজনক সাহায্য কৰে।

চৰিত্ৰসমূহ

মটু: মটু আচলতে এজন শকত মানুহ। মটুৰ প্ৰিয় খাদ্য চিঙাৰা। তাৰ একো কাজ কৰ্ম নাই। এক কথাত, ফুৰফুৰি চহৰৰ চহৰৰ বেকাৰ। সে ঘৰৰ কোনো কাম নকৰে। সকলো কাম বন্ধু পতলুৰ দ্বাৰা কৰায়। মটু শতকৰা ৯০ ভাগ পতলুৰ ওপৰত নিৰ্ভৰশীল।

পতলু: পতলু আচলতে এজন খীণ মানুহ। তেওঁ গোটেই চহৰৰ ভিতৰত বুদ্ধিমান লোক হিচাপে পৰিচিত। তেওঁ এজন সহজ সৰল মানুহ। পতলু চকুত চশমা পিন্ধে আৰু তপামূৰৰ, এটা টিকনি আছে। বাতৰি কাকত পঢ়িবলৈ বৰ ভাল পায়।

ডক্টৰ ঝাটকা: ডক্টৰ ঝাটকা এজন বিজ্ঞানী, তেওঁৰ অভিব্যক্তি এজন সৰ্দাৰৰ নিচিনা, সেয়েহে তেওঁক এজন পাঞ্জাবি বুলি কোৱা হয়। তেওঁৰ আবিষ্কাৰ খুবেই ভাল আৰু সফল কিন্তু মানুহৰ বাবে দৰকাৰী নহয়। দৰাচলতে মানুহক সাহায্য কৰাৰ পৰিবৰ্তে, উদ্ভাৱনবোৰ মানুহক কষ্টত আচ্ছন্ন কৰি তুলে আৰু এই সমস্যাৰ মূল কাৰণ হ'ল মটু।

ঘাসিটাৰাম: ঘাসিটাৰাম এজন কাপুৰুষ ব্যক্তি, প্ৰতিটি ক্ষেত্ৰত এটি ২০ বছৰৰ অভিজ্ঞতা আছে। তেওঁ পশ্চিমবঙ্গৰ পশ্চিম মেদিনীপুৰৰ ঘাটালৰ অধিবাসী। ডক্টৰ ঝাটকা আৰু ঘাসিটাৰাম মটু পতলুৰ ভাল বন্ধু।

চিঙ্গাম: চিঙ্গাম ফুৰফুৰি নগৰৰ এজন পুলিচ ইন্সপেক্টৰ। তেওঁ ফুৰফুৰি নগৰৰ মানুহক নিৰাপত্তা প্ৰদান কৰি থাকে। তেওঁৰ ধাৰণা তেওঁৰ হাতৰ পৰা কোনো চোৰ পলাব নোৱাৰিব।

জন: "জন হৈ যাব ডন" এয়া জনৰ উক্তি। জন তেওঁৰ কথাবোৰ কবিতাৰ মাধ্যমত কয়। আকৃতিত চুটি চাপৰ। তেওঁ এজন চোৰ, ডকাইত আৰু গুণ্ডা। জন মটু পতলুৰ শত্ৰু।

বক্সাৰ: মটুৰ ওচৰ চুবুৰীয়া। তেওঁ ৰঙা ৰঙৰ বক্সিং গ্লাভচ পৰিধান কৰে। তেওঁ এটি আক্ৰমণাত্মক মানুহ। তেওঁ সকলো সময়তে তেওঁৰ চুবুৰীয়াক সাহায্য কৰিবলৈ বিচাৰে। তেওঁ মাজে মাজে মটুৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈ থাকে। তেওঁৰ এটি দামি গাড়ি আছে আৰু তেওঁ ভাল মুষ্টিযোদ্ধা।

চাহৱালা: মটুৰ ঘৰৰ ওচৰত বসবাসকাৰী এজন সাধাৰণ মানুহ। সম্পূৰ্ণ ফুৰফুৰি চহৰত তেওঁৱেই একমাত্ৰ চিঙাৰা তৈৰি কৰে যিটো মটুৰ খুবই প্ৰিয় খাদ্য। বিভিন্ন উপায়ত মটু তেওঁৰ দোকানৰ পৰা ফ্ৰি চিঙাৰা খাই লয় আৰু তেওঁক কোন টকা দিব নালাগে। চাহৱালাৰ তৈয়াৰী চিঙাৰা মটুক অধিক শক্তি প্ৰদান কৰে।

কণ্ঠদানকাৰী

  • সৌৰভ চক্ৰবৰ্তী – মটু, পতলু, ঘাসিতা ৰাম, চিঙ্গাম, বক্সাৰ আৰু জন
  • ওমি শৰ্মা – ডক্টৰ ঝাটকা
  • সংকল্প ৰস্তোগী – চাহৱালা, নাম্বাৰ ১
  • ৰেনু সাৰদা – চবজিওয়ালী
  • ব্ৰায়ান ডি কস্তা – নাম্বাৰ ২ (মৌসুম ১–২)
  • ৰাজা – নাম্বাৰ ২ (মৌসুম ৩–বৰ্তমান)

অৱস্থান

চিৰিজটিৰ পটভূমি তৈয়াৰ কৰা হৈছে ভাৰতৰ ফুৰফুৰি নগৰ চহৰত।২৩ ফুৰফুৰি নগৰ এটি শান্তিপূৰ্ণ চহৰ আৰু ভাৰতৰ এটি দৃষ্টিনন্দন সৰু চহৰ। এই চহৰত সৰু ডাঙৰ কেবাটাও দোকান, এটি বিশাল বজাৰ এলাকা, এটি বাছ ডিপো, একতলা ঘৰ, মন্দিৰ আৰু কেবাটি বিনোদনমূলক স্থান আছে। চহৰটি আচলতে ভাৰতৰ ক'ত অৱস্থিত সেয়া স্পষ্টভাৱে ক’তো উল্লেখ কৰা হোৱা নাই, অৱশ্যে বেছিভাগ যানবাহনৰ প্লেটেৰ নম্বৰ এম এইচ ৰে আৰম্ভ হৈছে, যিটো মহাৰাষ্ট্ৰ ৰাজ্যৰ বাবে প্ৰযোজ্য। চহৰৰ পুলিচ বাহিনী মহাৰাষ্ট্ৰ পুলিচৰ ইউনিফৰ্ম পৰিধান কৰে।

তথ্যসূত্ৰ

  1. ↑ Moto patlu
  2. ↑ Have you won an invite to the coolest party this summer?|url=http://www.indiantelevision.com/release/y2k13/may/mayrel131.php |আহৰণ কৰা হৈছে=১১ মে ২০২০
  3. ↑ Archive|url=https://web.archive.org/web/20151123190125/ | আহৰণ কৰা হৈছে=১১ মে ২০২০

সম্পৰ্কিত শ্ৰেণী

দূৰদৰ্শন ধাৰাবাহিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মটু পতলু” প্ৰবন্ধৰ সংশোধন ৫৪২৭৬২ (৯ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।