মাইহাং অসমত পৰম্পৰাগতভাৱে আহাৰ গ্ৰহণ কৰিবলৈ ব্যৱহাৰ হোৱা নাল বা ধাৰকযুক্ত কাঁহীবিশেষ। মাইহাং সমূহ কাঁহেৰে নিৰ্মাণ কৰা হয়। একেধৰণৰ আন এখন কাঁহী হৈছে বানকাঁহী। মাইহাঙখন মূলতঃ তিনিটা ঠেং যুক্ত কাঁহী। একেধৰণৰ তিনি ঠেঙৰ ওপৰত থকা থাল নেপাল১২, তিব্বত স্বায়ত্তশাসিত অঞ্চল৩, দক্ষিণ ভাৰত,৪ইত্যাদিত বৌদ্ধ বা হিন্দু ধৰ্মৰ ৰীতি-নীতিত প্ৰয়োগ কৰা দেখা যায়।
মাইহাং শব্দৰ উৎপত্তি
"মাইহাং" শব্দটোৱে মূলতঃ বেৰা-কাহীক বুজোৱা হয়। টুঙখুঙীয়া বুৰঞ্জীত উল্লেখ থকাৰ মতে মাইহাং ৰজা ডা-ডাঙৰিয়া সকলে ব্যৱহাৰ কৰা তিনি ঠেঙ যুক্ত থাল খনক কোৱা হয়।৫ "মাইহাং" শব্দৰ উৎসৰ বিষয়ে দুটা মত আছে।
কিছু লোকৰ মতে এই শব্দ দেউৰী-চুতীয়া বা বড়ো-কছাৰী ভাষাৰ এটা যুক্তাক্ষৰ যাৰ অৰ্থ হৈছে ভাত(মাই) খাবলৈ ব্যবহাৰ কৰা ওখ কাঁহী(চাং বা হাং), যেনেকৈ "মাইবাং" মানে "অত্যাধিক চাউল/ভাত" বা "মাইৰুং" মানে "নিসিজোৱা চাউল" বুজোৱা হয়। বড়ো ভাষাত "বি-চাং" শব্দটোৱে elevated platform বুজাই। একে গুৰিৰ ত্ৰিপুৰি/ককবৰক ভাষাত কাঁহীক "মাইৰাং" কোৱা হয়৬। বৰ্তমানৰ দেউৰী ভাষাত মাইহাঙক মেহেঙা(মাইহাং)৭, বান-কাঁহীক মেচোৱা(মাইচোৱা) আৰু সাধাৰণ কাঁহীখনক মেৰং(মাইৰং) কোৱা হয়৮। দেউৰী ভাষাত "চু" শব্দৰ অৰ্থ হৈছে ওখ ৯। গতিকে "মেচুৱা" মানে ওখ কাঁহীও বুজোৱা হ'ব পাৰে। ভাত/খাদ্য বুজোৱা "মাই" শব্দটো দেউৰী ভাষাত কালক্ৰমত "মে/মি" লৈ ৰূপান্তৰিত হৈছিল যদিও বাকী বড়ো-কছাৰী মূলীয় ভাষাত একেই ৰূপতে থাকি গ'ল।
কিছু লোকে আকৌ "মাই-হাং" শব্দটো আহোম ভাষাৰ বুলি আৰু ইয়াৰ অৰ্থ "কাঠৰ চাং" বুলি ক'ব খোজে। কিন্তু আহোম ভাষাৰ অভিধানত মাইহাঙক বুজাবলৈ আহোম শব্দ "ফোন" হে উল্লেখ কৰা হৈছে১০। আহোম বুৰঞ্জীতো টাই ভাষাৰ অংশত মাইহাঙক "ফোন" বুলি উল্লেখ কৰিছে১১। একেইখন গ্ৰন্থৰ অনুসৰি "ফোন" শব্দটোৱে শৰাই খনকো বুজোৱা হয়। থাই ভাষাত শৰাই দৰে ধাৰ্মিক ৰীতি-নীতিত ব্যৱহাৰ কৰা পাত্ৰ খনক "ফান" বুলি কোৱা হয়। এই শব্দৰ গুৰি পুৰণি চীনা ভাষাৰ থাল বা ট্ৰে বুজোৱা "পান" শব্দ।১২ যিহেতু মাইহাং আৰু শৰাই দুয়োখনেই একেই ধৰণৰ থাল যুক্ত পাত্ৰ, সেইবাবে হয়টো আহোম সকলে এই অঞ্চললৈ আহি দুয়োখনকে "ফোন" বুলি কৈছিল। বানকাঁহী বা বান বাটি বুজোৱা "বান" শব্দতো আহোম শব্দকোষত "বাটি" বুলি উল্লেখ আছে। এই শব্দটো সংস্কৃত/প্ৰাকৃত ভাষাৰ Cup বুজোৱা "পান" শব্দ বা চীনা ভাষাৰ থাল/ট্ৰে বুজোৱা একেই "পান" শব্দৰ পৰা অহাৰ সম্ভাৱনা আছে১৩। বানকাঁহী বা বানবাটি লেখীয়া পাত্ৰ টাই দেশ সমূহত দেখা নাযায়।
ইয়াৰ উপৰিও জনা যায় যে আহোম ভাষাৰ ব্যাকৰণৰ নিয়ম অনুসৰি বিশেষণ (adjective) শব্দটো সংজ্ঞা (noun) শব্দৰ পাছত ব্যৱহাৰ কৰা হয়। গতিকে আহোম ভাষাত "হাং-মাই" হ'ব লাগিছিল,যʼত "হাং" শব্দটোৱে সংজ্ঞা আৰু "মাই" শব্দটো বিশেষণ (যেনে চিন-খাম (সোণালী কাপোৰ),কুপ-খাম (সোণালী জাপি), ইত্যাদি)।১৪ কিছু গৱেষকে পাছৰ কালত গঢ় লৈ উঠা "pseudo-Ahom" ভাষাৰ প্ৰভাৱৰ কথাও উল্লেখ কৰিছে। বি. জে. টাৰৱিলৰ মতে আহোম পুনৰুজ্জীৱনবাদী (Revivalist) আচাৰ-অনুষ্ঠানত বহু ক্ষেত্ৰত অভিধানৰ সহায়ত আহোম শব্দসমূহ গঠন কৰা হৈছিল যদিও সেইবোৰে প্ৰকৃত টাই-আহোম ব্যাকৰণ অনুসৰণ নকৰে আৰু প্ৰায়ে কৃত্ৰিম ৰূপ লয়।১৫ এই প্ৰেক্ষাপটত “মাই-হাং” শব্দটোৰ ব্যাখ্যাও সাৱধানতাৰে মূল্যায়ন কৰাৰ প্ৰয়োজন আছে।
যিহেতু অসমত মাইহাং বুজাবলৈ "ফোন" শব্দৰ সলনি পুৰণি "মাইহাং" শব্দয়ে ব্যৱহাৰ কৰা হয়, গতিকে ধৰিব পাৰি যে অসমৰ মাইহাং খনো প্ৰাগ-আহোম যুগৰ পৰাই ব্যৱহাৰ কৰি অহা হৈছে। সম্ভৱতঃ যিহেতো আহোম সকলে আগৰে পৰা থাল, ট্ৰে, ইত্যাদি বুজাবলৈ "ফোন/ফান" ব্যৱহাৰ কৰি আহিছিল, সেই বাবে থলগিৰি লোকে ব্যৱহাৰ কৰা মাইহাং আৰু শৰাই দুয়োকে একেই ধৰণৰ সম্পদ দেখি "ফোন" বুলি উল্লেখ কৰিছিল। যি কি নহওঁক, যিহেতু এই কাঁহী সমূহ অসম আৰু উত্তৰ-পূব ভাৰতৰ বাহিৰত দেখা পোৱা নাযায়,সেই বাবে ধৰিব পাৰি যে আহোম সকলে ইয়াৰে থলোৱা লোকৰ পৰা এইবোৰ কাঁহী ব্যৱহাৰ কৰিব লৈছিল।
মাইহাঙৰ ইতিহাস
অসমত মাইহাঙ কাঁহীখন খাদ্য গ্ৰহণ কৰাৰ লগতে দেৱ-দেৱীক সামগ্ৰী উছৰ্গা কৰিবলৈ ব্যৱহাৰ হৈ আহিছে। অসমকে ধৰি দক্ষিণ-পূব এছিয়া, তিব্বত বা চীনদেশৰ বিভিন্ন অঞ্চলত মাইহাং বা শৰাই জাতীয় বাচন পূজা কৰাৰ সময়ত সামগ্ৰী উছৰ্গা কৰিবলৈ ব্যৱহাৰ হৈ আহিছে যদিও কাঁহীৰ দৰে খাদ্য গ্ৰহণ কৰিবলৈ একমাত্ৰ অসমত হে ব্যৱহাৰ কৰা হয়।
বুৰঞ্জীত মাইহাঙৰ প্ৰথম উল্লেখ চুতীয়া ৰাজ্যৰ বিষয়ে লিখা অংশত পোৱা যায়। বুৰঞ্জীত উল্লেখ আছে যে শদিয়া দখল কৰি চুতীয়া ৰজাৰ সোণৰ মাইহাং আহোম ৰজাই ব্যৱহাৰ কৰিব লৈছিল। কাশীনাথ তামুলী ফুকনৰ বুৰঞ্জীৰ(p. 18) আৰু হিতেশ্বৰ বৰবৰুৱাৰ "আহোমৰ দিন" গ্ৰন্থৰ(p. 49) অনুসৰি শদিয়া জয় কৰি আহোম ৰজা চুহুংমুঙে বহুতো সামগ্ৰী নিজৰ ৰাজধানী লৈ আনিছিল আৰু তাৰে ভিতৰত সোণৰ মাইহাং ও অন্যতম। নাওবৈচা ফুকনৰ বুৰঞ্জীত (p.43) মতে চুহুংমুঙ ৰজাই চুতীয়াৰ পৰা লোৱা সোণ-ৰূপৰ মাইহাং ব্যৱহাৰ কৰিব লৈছিল।
অতীজতে চুতীয়া আৰু আহোম ৰাজপৰিয়াল আৰু সম্ভ্ৰান্ত ঘৰৰ লোকে মাইহাঙত আহাৰ গ্ৰহণ কৰিছিল।১৬ ৰজাঘৰৰ মাইহাংসমূহ সোণেৰে নিৰ্মাণ কৰাৰ কথা বুৰঞ্জীবিদ ড° লীলা গগৈয়ে উল্লেখ কৰিছে।১৭ চুতীয়া, দেউৰী আৰু আহোমসকলৰ বিভিন্ন মাংগলিক আচাৰ-অনুষ্ঠানত দেৱতালৈ উছৰ্গা আগবঢ়াবলৈ মাইহাঙৰ ব্যৱহাৰ কৰা হয়। ৰাজহুৱাভাৱে অনুষ্ঠিত কৰা মে-ডাম-মে-ফীত আঠখন মাইহাং স্থাপন কৰি থুৰিয়া তামোল, তামোল-পান, হাঁহ কণী, কুকুৰা কণী, লুকলাও, মাটিৰ চাকি, মিঠাতেল, ধূপ, ফুল, পানী, ডেকেৰুৱা কুকুৰা আদি সা-সামগ্ৰীৰে মলুংসকলে পূজা অৰ্পণ কৰাৰ নিয়ম আছে।১৮
বিৱৰণ
মাইহাং বা বানকাঁহী কাঁহেৰে নিৰ্মাণ কৰা হয় যদিও ৰাজপৰিয়ালৰ মাইহাং সোণেৰে নিৰ্মিত হ'ব পাৰে।১৭ একোখনৰ ওপৰভাগটো এখন কাঁহীৰ দৰে। ইয়াৰ তলত খুৰা বা ধাৰক সংযুক্ত কৰা হয়। এই ধাৰক কাঁহীখনৰ তলফালে সোঁমাজত এডলীয়াকৈ থাকিব পাৰে বা কাঁহীৰ তিনি মূৰত তিনিটা থাকিব পাৰে। ওপৰৰ কাঁহীখনত ফুল আদি খোদাই কৰি সজোৱা হয়। ধাৰকৰ সৈতে কাঁহীখন তামৰ গজালেৰে যুক্ত হৈ থাকে। কোনো কোনো সময়ত ধাৰকডালো শৰাইৰ দৰে বিভিন্ন গঠনযুক্ত কাৰুকাৰ্য কৰা হ'ব পাৰে।
তথ্যসূত্ৰ
- ↑ Locke, John K. (1975). Newar Buddhist Initiation Rites. Contributions to Nepalese Studies. Centre for Nepal and Asian Studies, Tribhuvan University. পৃ. 1–23
- ↑ Plate on Tripod stand behind the copper water vessel. Wisdom Library
- ↑ Skull Cup on Tripod stand. Rubin Museum of Himalayan Art
- ↑ Owsanecki, Peter Franz. (1985). Kanni-Mangala: A Microcosm of Coorg Identity: Toward an Alternative Interpretation and Analysis of the Coorg Marriage Ceremony. Sociological Bulletin. পৃ. 95–147
- ↑ Bhuyan,S.K,"Tungkhungia Buranji, p.242
- ↑ Kokborok English Bengali Dictionary, Binoy Debbarma, p. 79
- ↑ Pathak, Guptajit. Tribal Identity and Societal Formation: Reflection on Socio-economic Paradigm of Women Among the Deori Community in Assam. The Criterion. পৃ. 76
- ↑ Deori, Kishor, "Chuperemago", p. 30-31
- ↑ An Outline of Deori-Chutia Language, W.B Brown, p.70
- ↑ G C Barua, Ahom Assamese English Dictionary, p. 138-139
- ↑ Barua,GC,"Ahom Buranji", p. 253, 276, 287
- ↑ พาน. Wiktionary
- ↑ พาน. Wiktionary
- ↑ Barua, GC, "Ahom-Assamese-English Dictionary: Preface", p.11
- ↑ Terwiel, B. J. (1996). Recreating the Past; Revivalism in Northeastern India. Bijdragen tot de Taal-, Land- en Volkenkunde. পৃ. 275–292
- ↑ মাইহাং. শব্দ (অভিধান)
- ↑ লীলা গগৈ. (১৯৯৪). ((টাই সংস্কৃতিৰ ৰূপৰেখা)). বনলতা. পৃ. ৫১. ISBN 81-7339-079-7
- ↑ চিত্ৰ বৰগোহাঁই. (30 January 2022). মে-ডাম-মে-ফী: তাই-আহোমৰ এক পবিত্ৰ অনুষ্ঠান. pratyahban.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাইহাং” প্ৰবন্ধৰ সংশোধন ৬১২৭৫৬ (১৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।