মিষ্টাৰ এণ্ড মিচেছ মাহী (Mr. & Mrs. Mahi) হৈছে শৰণ শৰ্মাৰ দ্বাৰা পৰিচালিত ২০২৪ চনৰ হিন্দী ভাষাৰ এখন ৰোমাণ্টিক ক্ৰীড়া-নাট্যধৰ্মী চলচ্চিত্ৰ। জি ষ্টুডিঅ’ছ আৰু ধৰ্ম প্ৰডাকশ্যন্সে ছবিখনৰ প্ৰযোজনা কৰিছে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাজকুমাৰ ৰাও আৰু জাহ্নৱী কাপুৰে। ক্ৰিকেট আৰু মহেন্দ্ৰ সিং ধোনিক কেন্দ্ৰ কৰি নিৰ্মিত হৈছে ছবিখন, আৰু ছবিখনত দুয়োজন মুখ্য অভিনয়-শিল্পীৰ উপনামো "মাহী।" ১২ ২০২৪ চনৰ ৩১ মে’ তাৰিখে ছবিখনে মুক্তি লাভ কৰিছিল। ই দৰ্শক তথা সমালোচকৰ পৰা মিশ্ৰিত সমালোচনা লাভ কৰে।৩
কাহিনীভাগ
ব্যৰ্থ ক্ৰিকেটাৰ মহেন্দ্ৰই জয়পুৰত বসবাসকাৰী ডাক্তৰ মহিমাক বিয়া কৰায়। দুয়োৰে উপনাম মহেন্দ্ৰ সিং ধোনিৰ উপনাম "মাহী"ৰ সৈতে মিলি থকা বাবে তেওঁলোক দুয়ো মিষ্টাৰ এণ্ড মিচেছ মাহী নামেৰে জনাজাত হৈ পৰে। অতি শীঘ্ৰেই তেওঁলোকে ক্ৰিকেটৰ প্ৰতি থকা উমৈহতীয়া প্ৰেম আৰু আবেগৰ সন্ধান পায়। মহেন্দ্ৰই ক্ৰিকেটত কেৰিয়াৰ গঢ়িব নোৱাৰিলে; তেখেতে তেওঁৰ পত্নীৰ প্ৰতিভা দেখি তেওঁৰ ক্ৰিকেটাৰ হোৱাৰ সপোন পূৰ কৰিবলৈ উৎসাহিত কৰে। স্বামীৰ পৰা উৎসাহ পাই প্ৰেকটিচিং ডাক্তৰ, মিচেছ মাহীয়ে অৱশেষত চিকিৎসকৰ চাকৰি এৰি দিয়ে আৰু ক্ৰিকেটত মনোনিৱেশ কৰে।৪
কলা-কুশলী
- ৰাজকুমাৰ ৰাও - মহেন্দ্ৰ "মাহী" আগৰৱালা
- জাহ্নৱী কাপুৰ - মহিমা "মাহী" আগৰৱালা
- ৰাজেশ শৰ্মা - বেনী দয়াল শুক্লা
- কুমুদ মিশ্ৰা - হৰদয়াল আগৰৱালা, মহেন্দ্ৰৰ পিতৃ
- পূৰ্ণেন্দু ভট্টাচাৰ্য - ত্ৰিলোক গুপ্তা
- জৰীনা ৱাহাব - গীতা আগৰৱালা, মহেন্দ্ৰৰ মাতৃ
- অৰ্জিত তানেজা - চিকন্দৰ আগৰৱালা, মহেন্দ্ৰৰ ভাতৃ
- যামিনী দাস - কল্পনা গুপ্তা
- সন্দেশ কুলকাৰ্ণী - প্ৰশিক্ষক মংগেশ
- ধীৰেন্দ্ৰ কুমাৰ গৌতম - গুড্ডান
- শশী ভাৰ্মা - ডাঃ পাটৱাল
- দেৱ চৌহান - বিমল
- দীপক দৰায়নী - ডাঃ ৰাস্তোগী
- গিৰিশ থাপৰ - দামোদৰ
- নমন অৰোৰা - জ্ঞানেশ
- হিমাংশু জয়কাৰ
নিৰ্মাণ
প্ৰগতি
২০২১ চনৰ ২২ নৱেম্বৰত, কৰণ জোহৰে ৰাজকুমাৰ ৰাও আৰু জাহ্নৱী কাপুৰ অভিনীত এই ছবিখনৰ কথা ঘোষণা কৰিছিল।৫৬৭
চিত্ৰগ্ৰহণ
২০২২ চনৰ ৯ মে’ৰ পৰা প্ৰধান ফটোগ্ৰাফীৰ কাম আৰম্ভ কৰা হয় আৰু জয়পুৰৰ বিভিন্ন স্থানত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হয়।৮৯১০ ২০২৩ চনৰ ১ মে'ত চিত্ৰগ্ৰহণৰ কাম সমাপ্ত হয়।১১১২ চিত্ৰগ্ৰহণৰ সময়ছোৱাত কাপুৰে দুবাৰকৈ কান্ধত দুখ পাইছিল।১৩১৪
সংগীত
ছবিখনৰ সংগীতৰ ৰচনা কৰিছে তনিষ্ক বাগচী, বিশাল মিশ্ৰা, জানি, হানি-বানি, অচিন্ত-যুৱ আৰু ধ্ৰুৱ ধল্লাই। গীতৰ কথা ৰচনা কৰিছে জানি, কৌছাৰ মুনীৰ, বিশাল মিশ্ৰা, আজিম দয়ানী, সাগৰ, অৰুষী কৌশল আৰু দেৱেন্দ্ৰ কাফিৰে।১৫
"দেখা তেনু" গানটো ২০০১ চনৰ কভি খুশী কভি গম নামৰ চলচ্চিত্ৰৰ চে শ্বাৱা শ্বাৱা গানটোৰ কিছু অংশৰ পুনৰ নিৰ্মাণ। সমীৰ অঞ্জানৰ দ্বাৰা ৰচিত তথা সুৰাৰূপিত এই গানটোৰ গায়কসকল একাদিক্ৰমে- অলকা য়াগনিক, সুনিধি চৌহান, উদিত নাৰায়ণ, সুদেশ ভোছালে, আদেশ শ্ৰীবাস্তৱ আৰু অমিতাভ বচ্চন।১৬১৭
প্ৰচাৰ আৰু মুক্তি
প্ৰচাৰ
জাহ্নৱী কাপুৰে ‘মিষ্টাৰ এণ্ড মিচেছ মাহী’ৰ প্ৰচাৰ কাৰ্যত আগভাগ লৈছিল আৰু তেওঁৰ ছবিৰ প্ৰচাৰৰ বাবে ‘পিংক চিটি’ জয়পুৰ ভ্ৰমণ কৰিছিল। আনকি চহৰখনৰ বিখ্যাত লচ্চিৰ সোৱাদ ল’বলৈও তাই স্থানীয় বজাৰ এখনলৈও গৈছিল।১৮১৯২০
চিত্ৰগৃহত মুক্তি
প্ৰথমতে ২০২২ চনৰ ৭ অক্টোবৰত ছবিখনৰ মুক্তিৰ কথা ঘোষণা কৰা হৈছিল যদিও ছবিখনৰ নিৰ্মাণ স্থগিত ৰখা হৈছিল।২১ পিছলৈ ইয়াক ২০২৪ চনৰ ১৫ মাৰ্চত আৰু তাৰ পিছত ২০২৪ চনৰ ১৯ এপ্ৰিলত মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছিল যদিও পুনৰ পিছুৱাই দিয়া হৈছিল।২২২৩ অৱশেষত ২০২৪ চনৰ ৩১ মে’ত ছবিখনে ছবিগৃহত মুক্তি লাভ কৰে।২৪২৫
হোম মিডিয়া
২০২৪ চনৰ ২৬ জুলাইৰ পৰা নেটফ্লিক্সত এই ছবিখনৰ প্ৰিমিয়াৰ হৈছিল।২৬
সঁহাৰি
সমালোচনাত্মক সঁহাৰি
ৰিভিউ এগ্ৰিগেটৰ ৱেবছাইট ৰটেন টমেটোছত ১১জন সমালোচকৰ ৰিভিউৰ ভিতৰত ছবিখনে ৬৪% ইতিবাচক, গড় ৰেটিং ৫.৪/১০ লাভ কৰে।২৭ মিষ্টাৰ এণ্ড মিচেছ মাহীয়ে সমালোচকৰ পৰা মিশ্ৰিত সমালোচনা লাভ কৰিছিল যিয়ে নায়িকাৰ অভিনয় তথা ৰসায়ন আৰু ছবিখনৰ ঔপন্যাসিক ধাৰণাক প্ৰশংসা কৰিছিল যদিও চিত্ৰনাট্য আৰু কাহিনীভাগক সমালোচনা কৰিছিল।
বলিউড হাংগামাৰ এগৰাকী সমালোচকে ছবিখনক ৫ টাৰ ভিতৰত ৩.৫ তাৰকা ৰেটিং দি লিখিছে, "মিষ্টাৰ এণ্ড মিচেছ মাহী হৈছে অভিনয়, কাহিনীভাগ তথা হাত চাপৰিৰ যোগ্য ইণ্টাৰভাল পইণ্টৰ সৈতে এখন মান্য কথাছবি।" ২৮ দ্য হিন্দুৰ শিলাজিৎ মিত্ৰই মতামত দিছিল, "অন্য ছবিৰ কথা অহৰহ সোঁৱৰাই নাথাকি মিষ্টাৰ আৰু মিচেছ মাহীৰ ওপৰত মনোনিৱেশ কৰাটো কঠিন। বিশেষভাৱে সতেজ যেন লগা কোনো ধাৰণা, দৃশ্য বা সংগীত পছন্দ নাই।" ২৯ ৰেডিফ.কমৰ সুকন্যা ভাৰ্মাই ৩/৫ তাৰকা ৰেটিং দিয়ে আৰু উল্লেখ কৰে যে, "মোৰ ছবিখনৰ ভাল লাগিছে কাৰণ, ছবিখনত মহেন্দ্ৰ আৰু মহিমাৰ নিস্তেজ জীৱনে উত্তেজনা বিচাৰি পায় আৰু তেওঁলোকৰ সপোনক দিঠকলৈ ৰূপান্তৰিত কৰে।" ৩০
দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ শুভ্ৰা গুপ্তাই ২.৫/৫ ৰেটিং দি লিখিছে, "চলচ্চিত্ৰখনে আমাক ভাৰতৰ প্ৰিয় ক্ৰীড়াৰ মাজত সোমাই থকা এটা ৰোমাণ্টিক কাহিনী দিছে, যিখনে পাছলৈ পৰিয়াল-মনোৰঞ্জক ছবিসমূহৰ তালিকাতো স্থান পায়।" ৩১
এনডিটিভিৰ শৈবাল চেটাৰ্জীয়ে ছবিখনক ২/৫ তাৰকা ৰেটিং দি কয় যে, "বিৰোধী আৰু জটিল বাৰ্তা প্ৰেৰণ নকৰা ই এটা সঠিক মানদণ্ডৰ ছবি।" ৩২ হিন্দুস্তান টাইমছৰ মনিকা ৰাৱাল কুক্ৰেজাই লিখিছে, "এইখন এখন অভিলাষী ক্ৰীড়া ছবি যিয়ে এটা বাৰ্তা দিবলৈ চেষ্টা কৰে, কিন্তু দুখৰ বিষয় যে ই অসমৰ্থ হয়।" ৩৩ গাল্ফ নিউজৰ মঞ্জুষা ৰাধাকৃষ্ণনে ২.৫/৫ ৰেটিং দি লিখিছে, "এবাৰ চোৱাৰ বাবে এই চিনেমাখন উপযুক্ত চিনেমা। আইপিএলৰ ফাইনেল মেচৰ দৰে ই হয়তো ৰোমাঞ্চকৰ নহ'বও পাৰে, কিন্তু ইয়াৰ কেইটামান ভাল মুহূৰ্ত আছে যিয়ে আমাৰ সময় মূল্যৱান কৰি তুলে।" ৩৪
বক্স অফিচ
মিষ্টাৰ এণ্ড মিচেছ মাহীয়ে ফাইটাৰক অতিক্ৰম কৰি ২০২৪ চনত হিন্দী ছবিসমূহৰ অগ্ৰিম টিকট বিক্ৰীৰ সৰ্বোচ্চ অভিলেখ ভংগ কৰে। ছবিখনে টিকট বিক্ৰী কৰি ২.৫ লাখ টকাত অৰ্জন কৰে কাৰণ ছবিখনে চিনেমা প্ৰেমী দিৱসত ৰাজসাহায্যযুক্ত দামৰ পৰা লাভৱান হৈছিল।৩৫ ছবিখনে মুক্তিৰ দিনটোত ৬.৮৫ কোটি টকা উপাৰ্জন কৰিছিল আৰু ২০২৪ চনৰ সপ্তম সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী চলচ্চিত্ৰ হৈ পৰিছিল। ২০২৪ চনৰ জুলাই মাহলৈকে ছবিখনে ভাৰতত ৪৩.১৯ কোটি টকা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৮.৭৭ কোটি টকা উপাৰ্জন কৰিছে, যাৰ ফলত বিশ্বজুৰি মুঠ উপাৰ্জন হৈছে ৫১.৯৬ কোটি টকা।৩৬৩৭
তথ্যসূত্ৰ
- ↑ Hungama, Bollywood. (1 December 2023). Mr. And Mrs. Mahi Cast List · Mr. And Mrs. Mahi Movie Star Cast · Release Date · Movie Trailer · Review- Bollywood Hungama. বলিউড হাংগামা
- ↑ (31 May 2024). Mr. & Mrs. Mahi · Rotten Tomatoes. Rotten Tomatoes
- ↑ (November 29, 2021). Mr. & Mrs. Mahi. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Pranav Bhavsar, Karishma. (8 May 2024). ’Mr & Mrs Mahi’: New poster launched for Bollywood cricket love story starring Rajkummar Rao, Janhvi Kapoor. Mint
- ↑ (22 November 2021). Karan Johar announces 'Mr and Mrs Mahi' featuring Rajkummar Rao and Janhvi Kapoor. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ FC, Team. (9 November 2023). Karan Johar announces the release date of his next, Mr And Mrs Mahi. Film Companion
- ↑ (November 22, 2021). Mr and Mrs Mahi: Janhvi Kapoor-Rajkummar Rao reunite for cricket theme film; Fan asks 'Is it another movie on MS Dhoni?'. হিন্দুস্তান টাইমছ
- ↑ (October 1, 2022). Jahnvi Kapoor Gets Nostalgic as She Returns to This Shoot Location after 5 Years. News18
- ↑ (May 9, 2022). Janhvi Kapoor and Rajkummar Rao's Mr And Mrs Mahi goes on floors. ইণ্ডিয়া টুডে
- ↑ (9 May 2022). Shooting on 'Mr and Mrs Mahi' begins. ThePrint. PTI
- ↑ (May 1, 2023). Janhvi Kapoor Wraps Shoot For Mr And Mrs Mahi, Feels Like She's "Been To War And Back". NDTV
- ↑ Mazumdar, Shreyanka. (1 May 2023). Janhvi Kapoor Wraps Up Mr And Mrs Mahi; Says 'Waking Up This Morning Felt Like A Rebirth..'. News18
- ↑ Jha, Subhash K. (10 November 2022). Janhvi dislocates her shoulder twice for Mr. & Mrs. Mahi: Bollywood News - Bollywood Hungama. বলিউড হাংগামা
- ↑ (10 November 2022). Janhvi Kapoor Reveals She Dislocated Shoulders Twice While Shooting For Mr And Mrs Mahi. News18
- ↑ (24 May 2024). Mr. & Mrs. Mahi – Original Motion Picture Soundtrack. JioSaavn
- ↑ (15 May 2024). Mr and Mrs Mahi song Dekha Tenu: Janhvi Kapoor and Rajkummar Rao's first single is all about love. Hindustan Times
- ↑ (28 May 2024). Udit Narayan made the makers of 'Mr. & Mrs. Mahi' wait for 'Dekha Tenu' for four months due to miscommunication: 'I made a mistake'. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Janhvi Kapoor relishes Jaipur ki lassi as she reaches PinkCity to promote her movie. Times of India
- ↑ Janhvi Kapoor reached Jaipur for the promotion of ‘Mr and Mrs Mahi’. Voice of Jaipur
- ↑ entertainment/actress-janhvi-kapoor-reached-jaipur-for-mr-and-mrs-mahi-movie-promotion-rjn24052307192 फिल्म प्रोमशन के लिए 'मिसेज माही' जाह्नवी पहुंचीं जयपुर, बोलीं- यहां की गलियों में रोमांस है - Mr and Mrs Mahi Movie. ETV Bharat
- ↑ Roy Chowdhury, Rishita. (November 23, 2021). Rajkummar Rao, Janhvi Kapoor roped in for Mr And Mrs Mahi. Film to release on Oct 7, 2022. ইণ্ডিয়া টুডে
- ↑ (9 November 2023). Janhvi Kapoor, Rajkummar Rao's Mr And Mrs Mahi To Be Released On This Date. See KJo's New Poster. Times Now. ANI
- ↑ (4 July 2023). Rajkummar Rao & Janhvi Kapoor-starrer 'Mr And Mrs Mahi' to hit the theatres in March 2024. The Economic Times
- ↑ (18 April 2024). Mr. and Mrs. Mahi makers unveil release date; Janhvi Kapoor, Rajkummar Rao starrer to release in May. Bollywood Hungama
- ↑ (14 April 2024). Janhvi Kapoor, Rajkummar Rao's 'Mr And Mrs Mahi' gets a new release date. ইণ্ডিয়া টুডে
- ↑ 'Mr & Mrs Mahi' to arrive on OTT soon: Here's where you can watch Janhvi Kapoor-Rajkumar Rao's romantic drama. The Economic Times
- ↑ Mr. & Mrs. Mahi
- ↑ Hungama, Bollywood. (31 May 2024). Mr. & Mrs. Mahi Movie Review: MR & MRS MAHI is a decent flick with fine performances.. বলিউড হাংগামা
- ↑ Mitra, Shilajit. (31 May 2024). Mr & Mrs Mahi movie review: This Janhvi Kapoor, Rajkummar Rao partnership doesn't quite land. দ্য হিন্দু
- ↑ Verma, Sukanya. (May 31, 2024). Mr & Mrs Mahi Review: Match Made In Heaven. Rediff.com
- ↑ Gupta, Shubhra. (31 May 2024). Mr and Mrs Mahi movie review: Janhvi Kapoor-Rajkummar Rao film struggles as it tries to please everyone. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Chatterjee, Saibal. (May 31, 2024). Mr & Mrs Mahi Review: Moderately Engaging Film That Struggles With Inconsistent Pace. NDTV
- ↑ Rawal Kukreja, Monika. (May 31, 2024). Mr and Mrs Mahi review: Rajkummar Rao, Janhvi Kapoor throw a no ball despite a perfect partnership. হিন্দুস্তান টাইমছ
- ↑ Radhakrishnan, Manjusha. (31 May 2024). Film Review: 'Mr & Mrs Mahi' starring Janhvi Kapoor and Rajkummar Rao is a serviceable tale of ambition and redemption. Gulf News
- ↑ (31 May 2024). Mr and Mrs Mahi advance booking: Rajkummar Rao-Janhvi Kapoor's film beats Fighter, records biggest ticket sales of 2024. হিন্দুস্তান টাইমছ
- ↑ (2024-06-01). Top Rajkummar Rao Film Openers: Mr And Mrs Mahi takes biggest start for actor at the box office. Pinkvilla
- ↑ (2024-06-01). Box Office Collection · Bollywood Box Office Collection India 2024 · Box Office India - Bollywood Hungama. বলিউড হাংগামা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিষ্টাৰ এণ্ড মিচেছ মাহী” প্ৰবন্ধৰ সংশোধন ৬০২৬২৮ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।