মালা হৈছে ফুল, পাত বা অন্যান্য সামগ্ৰীৰে সজ্জাগত বেণী গাঁঠি বা চিলাই বনোৱা এক আলংকাৰিক সামগ্ৰী। মালা মূৰত বা ডিঙিত পিন্ধিব পাৰি, নিৰ্জীৱ বস্তুত ওলোমাই দিব পাৰি, বা সাংস্কৃতিক বা ধৰ্মীয় গুৰুত্বপূৰ্ণ স্থানত ৰাখিব পাৰি।
প্ৰকাৰসমূহ
- মণিগুটিৰ মালা
- ফুলৰ মালা
- লেই - হাৱাইৰ পৰম্পৰাগত মালা
- পেনেণ্ট মালা
- পাইনৰ মালা
- পপকৰ্ণ আৰু/বা ক্ৰেনবেৰী মালা
- ৰছীৰ মালা
- টিনচেল মালা
- লতাৰ মালা
- বেলুন মালা
- মুণ্ডমালা
ডেইজী চেইন
ডেইজী ফুলৰ পৰা সৃষ্টি হোৱা মালাক ডেইজী চেইন বোলে। ডেইজী শিকলি তৈয়াৰ কৰাৰ এটা পদ্ধতি হ’ল ডেইজী ফুল ছিঙি কাণ্ডৰ গুৰিৰ ফালে ফুটা কৰি (আঙুলিৰ নখৰে বা গাঁঠি বান্ধি) পৰৱৰ্তী ফুলৰ ঠাৰিডাল ফুলৰ মূৰে বন্ধ নকৰালৈকে সূতাৰে সুমুৱাই দিব পাৰি। বহুতো ডেইজীফুলৰ সৈতে এই পদ্ধতি পুনৰাবৃত্তি কৰিলে দীঘল শিকলি এডাল গঢ়ি তোলা সম্ভৱ আৰু ইয়াক সৰল ব্ৰেচলেট আৰু নেকেলেচ হিচাপে গঠন কৰা সম্ভৱ।১ আন এটা জনপ্ৰিয় পদ্ধতি হ’ল ফুলৰ মূৰবোৰ ইটোৱে সিটোৰ ওপৰত হেঁচা মাৰি ধৰি পলুৰ দৰে ৰূপ সৃষ্টি কৰা।
"ডেইজী চেইন" বা "ডেইজী চেইনিং" শব্দটোৱে বিভিন্ন কাৰিকৰী আৰু সামাজিক "শৃংখল"কো বুজাব পাৰে।
আঞ্চলিক ভিন্নতা
ভাৰতীয় উপমহাদেশ
ভাৰতকে আদি কৰি বাংলাদেশ আৰু পাকিস্তানৰ দৰে ভাৰতীয় উপমহাদেশ সমূহত মানুহে সন্মান প্ৰদৰ্শনৰ উপায় হিচাপে সন্মানীয় অতিথিৰ ডিঙিত মালা পিন্ধাই সম্ভাষণ জনাই।২ দক্ষিণ এচিয়াৰ হিন্দু বিবাহ পৰম্পৰাতো দৰা-কণ্যাই ইজনে সিজনক মালা পিন্ধাই।৩
ভাৰত

ভাৰতত মালা ঐতিহাসিকভাৱে বিশুদ্ধ আৰু ধৰ্মনিৰপেক্ষ আছিল। প্ৰথমে ইয়াৰ সুগন্ধি আৰু সৌন্দৰ্য্যৰ বাবে ব্যৱহাৰ হৈছিল। এই মালা ঘৰ, পথ, ৰাস্তা আদি সজাবলৈ ব্যৱহাৰ কৰা হৈছিল।৪ অৱশেষত ইয়াক হিন্দু দেৱতাসকলৰ ক্ষেত্ৰত প্ৰতিটো উৎসৱতে গুৰুত্বপূৰ্ণ আৰু পৰম্পৰাগত ভূমিকা হিচাপে প্ৰয়োগ কৰা হয় য'ত বিভিন্ন সুগন্ধি ফুল আৰু পাত ব্যৱহাৰ কৰি এই মালা তৈয়াৰ কৰা হয়।৫ সুগন্ধি আৰু গোন্ধহীন দুয়োপ্ৰকাৰৰ ফুল আৰু ধৰ্মীয়ভাৱে তাৎপৰ্যপূৰ্ণ পাতেৰে হিন্দু দেৱতাক পূজা কৰিবলৈ মালা তৈয়াৰ কৰা হয়। কিছুমান জনপ্ৰিয় ফুলৰ ভিতৰত আছে: খৰিকাজাই, চম্পা, কমল, ভেট, অশোক, নাৰ্জি, গোলাপ, জৱা ইত্যাদি।
এইবোৰৰ বাদেও আমপাত, বেলপাত, বিভিন্ন পাতবাহাৰ, দুৱৰি আদিৰ দৰে ঘাঁহো মালা বনাবলৈও ব্যৱহাৰ কৰা হয়। ফল-মূল, শাক-পাচলি, আনকি কেতিয়াবা মুদ্ৰাৰ নোটো মালাৰ বাবে ব্যৱহাৰ কৰা হয়।
কোনো অনুষ্ঠানত সন্মানিয় ব্যক্তি বা কোনো ঐশ্বৰিক প্ৰতিমূৰ্তিক সন্মানৰ চিন স্বৰূপে মালা দিয়া হয়।
গজৰা হৈছে ভাৰত আৰু বাংলাদেশৰ মহিলাসকলে পৰম্পৰাগত উৎসৱৰ সময়ত চুলিত পিন্ধা খৰিকাজাই ফুলৰ মালা। ইয়াক খোপাৰ চাৰিওফালে পিন্ধিব পাৰি, নতুবা বেণীত ওলোমাই ল'ব পাৰি। সাধাৰণতে মহিলাসকলে শাৰীৰ সৈতে মিলাই গজৰা পিন্ধে। কেতিয়াবা, গোলাপ, ক্ৰাইচেন্থেমম আদিৰ দৰে ফুলৰ সৈতেও চুলিত গজৰা পিন্ধা হয়।
দক্ষিণ ভাৰত
প্ৰাচীন কালত তামিল ৰজাই কোনো বিশেষ দেৱতাৰ বাবে নিতৌ মালা নিৰ্মাণৰ বাবে মানুহক নিয়োগ কৰিছিল। এই মালাবোৰ জনসাধাৰণৰ বাবে উপলব্ধ নাছিল।
সমসাময়িক সময়ত দক্ষিণ ভাৰতৰ প্ৰতিটো হিন্দু মন্দিৰত নন্দবনম (ফুলৰ বাগিচা) আছে য’ত ফুল আৰু মালাৰ বাবে নানান ফুলগছৰ খেতি কৰা হয়।
থাঞ্জাভুৰত প্ৰথম ৰাজাৰাজৰ শিলালিপিত "বৃহৎ মন্দিৰ"ৰ অন্তৰ্গত নন্দনবন সংৰক্ষণৰ বাবে ৰাজকীয় লোকে প্ৰদান কৰা পৃষ্ঠপোষকতাৰ বিৱৰণ দিয়া হৈছে।৬
তথ্যসূত্ৰ
- ↑ Make a Daisy Chain. BBC Gardening
- ↑ Crawford, William Henry. (1909). Thoburn and India: Semicentennial Sermon and Addresses Delivered at the Thoburn Jubilee, Celebrating the Fiftieth Anniversary of Bishop James M. Thoburn's Sailing for India. Eaton & Mains. পৃ. 48
- ↑ (1998). Pakistan Journal of History and Culture, Volume 19. National Institute of Historical and Cultural Research. পৃ. 92
- ↑ Bais, Mitraja. (1 December 2017). Mala: The floral garlands of India. Garland
- ↑ Singh Randhawa, Gurcharan. (1986). Floriculture in India. Allied Publishers. পৃ. 606. ISBN 8170230578
- ↑ (2014-01-27). Thanjavur Periya Kovil - 1000 Years, Six Earthquakes, Still Standing Strong. Tamilnadu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালা” প্ৰবন্ধৰ সংশোধন ৬৩২৪৪৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।