অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভিক্টোৰিয়া মেম’ৰিয়েল, কলকাতা

ভিক্টোৰিয়া মেম’ৰিয়েল (The Victoria Memorial) মধ্য কলকাতাৰ মৈদানত অৱস্থিত মাৰ্বলৰ এটা বৃহৎ কীৰ্তিচিহ্ন, যাৰ প্ৰৱেশদ্বাৰ কুইনছ ৱে’ত আছে। ব্ৰিটিছ ৰাজৰ দ্বাৰা ইয়াক ১৯০৬ চনৰ পৰা ১৯২১ চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল।

হালনাগাদ: ২২ জুলাই ২০২৫ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ভিক্টোৰিয়া মেম’ৰিয়েল (The Victoria Memorial) মধ্য কলকাতাৰ মৈদানত অৱস্থিত মাৰ্বলৰ এটা বৃহৎ কীৰ্তিচিহ্ন, যাৰ প্ৰৱেশদ্বাৰ কুইনছ ৱে’ত আছে। ব্ৰিটিছ ৰাজৰ দ্বাৰা ইয়াক ১৯০৬ চনৰ পৰা ১৯২১ চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল। ১৮৭৬ চনৰ পৰা ১৯০১ চনলৈ ভাৰতৰ সম্ৰাজ্ঞী হৈ থকা ৰাণী ভিক্টোৰিয়াৰ স্মৃতিত এই কীৰ্তিচিহ্ন উচৰ্গা কৰা হৈছে।

পৃথিৱীৰ যিকোনো ঠাইতে সম্ৰাটৰ স্মৃতিত নিৰ্মিত এয়া আটাইতকৈ ডাঙৰ স্মৃতিসৌধ। ৬৪ একৰ বাগিচাত অৱস্থিত আৰু বৰ্তমান ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণত থকা সংগ্ৰহালয়।১ ভাৰত-ছাৰাচেনিক স্থাপত্যৰ বিশেষ বৈশিষ্ট্যৰ অধিকাৰী ই চহৰখনৰ অন্যতম জনপ্ৰিয় আকৰ্ষণলৈ বিকশিত হৈছে।

সংগ্ৰহালয়

ভিক্টোৰিয়া মেম'ৰিয়েলত ২৫ টা গেলেৰী আছে।২ ইয়াৰ ভিতৰত ৰাজকীয় গেলেৰী, ৰাষ্ট্ৰীয় নেতাৰ গেলেৰী, প’ৰ্ট্ৰেইট গেলেৰী, চেণ্ট্ৰেল হল, ভাস্কৰ্য্য গেলেৰী, অস্ত্ৰ আৰু অস্ত্ৰভাণ্ডাৰ গেলেৰী, আৰু নতুন, কলকাতা গেলেৰী অন্যতম। ভিক্টোৰিয়া মেম'ৰিয়েলত থমাছ ডেনিয়েল (১৭৪৯–১৮৪০) আৰু তেওঁৰ ভতিজাক উইলিয়াম ডেনিয়েল (১৭৬৯–১৮৩৭)ৰ ৰচনাৰ সৰ্ববৃহৎ একক সংগ্ৰহ আছে।৩ ইয়াৰ উপৰিও ইয়াত উইলিয়াম শ্বেক্সপীয়েৰৰ সচিত্ৰ ৰচনা, আৰবীয়ান নাইটচ, ওমৰ খৈয়ামৰ ৰুবায়তৰ দৰে বিৰল আৰু প্ৰাচীন গ্ৰন্থৰ সংকলন আছে আৰু লগতে নবাব ৱাজিদ আলী শ্বাহৰ কথক নৃত্য আৰু থুমৰি সংগীত সম্পৰ্কীয় গ্ৰন্থও আছে। কিন্তু গেলেৰী আৰু ইয়াৰ প্ৰদৰ্শনী, স্মৃতিসৌধৰ কাৰ্যসূচীগত উপাদানসমূহে বিশুদ্ধ স্থাপত্যৰ স্থানৰ সৈতে প্ৰতিযোগিতা নকৰে।৪৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Victoria Memorial . www.iloveindia.com
  2. ↑ Chander P. "India past and present." APH Publishing, 2003. p148, 9788176484558. Accessed at Google Books, 13 December 2013
  3. ↑ Freitag W. M. "Artbooks: a basic bibliography of monographs on artists." 2503. Victoria Memorial (Calcutta). A descriptive catalog of Daniells work in the Victoria Memorial (Museum). 1976. Routledge, 2nd edition, 2013., 9781134830411. Accessed at Google Books, 13 December 2013
  4. ↑ Dutta A. "The Bureaucracy of beauty: design in the age of its global reproducibility." Routledge, 2013 p294., 9781135864026. Accessed at Google Books, 13 December 2013
  5. ↑ Moorhouse G. "Calcutta." Faber & Faber, 2012., 9780571281138. Accessed at Google Books, 13 December 2013

সম্পৰ্কিত শ্ৰেণী

পশ্চিম বংগৰ সংগ্ৰহালয়ভাৰতভিত্তিক সাংস্কৃতিক সংগঠনভাৰতৰ কলা সংগ্ৰহালয় আৰু গেলাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিক্টোৰিয়া মেম’ৰিয়েল, কলকাতা” প্ৰবন্ধৰ সংশোধন ৫২৫৮৭৩ (২২ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।