অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মণ্ডি (১৯৮৩ চলচ্চিত্ৰ)

মণ্ডি (Mandi (1983 film)) (ইংৰাজী: মাৰ্কেট প্লেচ) ১৯৮৩ চনত শ্যাম বেনেগালৰ পৰিচালনাত নিৰ্মিত এখন হিন্দী ভাষাৰ ছবি। লেখক গোলাম আব্বাছ ৰ এটি‍ উৎকৃষ্ট উৰ্দু চুটি গল্প আনন্দী ৰ আধাৰত আধাৰিত এই চলচ্চিত্ৰখনে এখন চহৰৰ মাজভাগত অৱস্থিত এখন পতিতালয়ৰ কাহিনী বৰ্ণনা কৰিছে, যিটো অঞ্চলক কিছুমান ৰাজনীতিবিদে‍ ইয়াৰ…

হালনাগাদ: ১৪ জুন ২০২৫ ২০৫ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মণ্ডি (Mandi (1983 film)) (ইংৰাজী: মাৰ্কেট প্লেচ) ১৯৮৩ চনত শ্যাম বেনেগালৰ পৰিচালনাত নিৰ্মিত এখন হিন্দী ভাষাৰ ছবি। লেখক গোলাম আব্বাছ ৰ এটি‍ উৎকৃষ্ট উৰ্দু চুটি গল্প আনন্দী ৰ আধাৰত আধাৰিত এই চলচ্চিত্ৰখনে এখন চহৰৰ মাজভাগত অৱস্থিত এখন পতিতালয়ৰ কাহিনী বৰ্ণনা কৰিছে, যিটো অঞ্চলক কিছুমান ৰাজনীতিবিদে‍ ইয়াৰ মুখ্য স্থানৰ বাবে বিচাৰে।১ চলচ্চিত্ৰখন ৰাজনীতি আৰু পতিতাবৃত্তিৰ বিষয়ে‍ এক বিদ্ৰূপাত্মক কৌতুক আৰু ইয়াত শ্বাবানা আজমী, স্মিতা পাটিল আৰু নাছিৰুদ্দিন শ্বাহ অভিনয় কৰিছে।

এই ছবিখনে ১৯৮৪ চনত নীতিশ ৰায়ৰ বাবেই শ্ৰেষ্ঠ কলা পৰিচালনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।২ ১৯৮৪ চনত বম্বেৰ ফিল্মোষ্টাভত অনুষ্ঠিত হোৱা ইণ্ডিয়ান পেনোৰামাত ইয়াক নিৰ্বাচিত কৰা হয় আৰু লছ এঞ্জেলছ এক্সপ'জিচন (ফিল্মএক্স), ১৯৮৪ চনৰ হংকং আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু ১৯৮৩ চনৰ লণ্ডন চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰণ জনোৱা হয়।

মণ্ডি হৈছে সৰ্বাধিক সংখ্যক ফিল্মফেয়াৰ বঁটা বিজয়ী (১২) অভিনেতা-অভিনেত্ৰী (স্মিতা পাটিল, শাবানা আজমী, নীনা গুপ্তা, নাছিৰুদ্দিন শ্বাহ, ওম পুৰী, ছাইদ জাফৰী, অন্নু কাপুৰ, সতীশ কৌশিক, পংকজ কাপুৰ, অমৰীশ পুৰী, ইলা অৰুণ আৰু কে. কে. ৰাইনা) অভিনীত বোলছবি‍। ইয়াৰ উপৰিও চলচ্চিত্ৰখনত (৪) ফিল্মফেয়াৰৰ বাবে মনোনীত অভিনেতা-অভিনেত্ৰী (কুলভূষণ খাৰবন্দ, অনিতা কানৱাৰ, ৰত্না পাঠক শ্বাহ আৰু চনী ৰাজদান) অন্তৰ্ভুক্ত আছিল।

ছাউণ্ডট্ৰেক

ছবিখনৰ গীতৰ কথা মিৰ তাকি মিৰ, বাহাদুৰ শ্বাহ জাফৰ, ইনশা, মখদুম মহিউদ্দিন আৰু সৰৱাৰ দাণ্ডাৰ আৰু সংগীত বনৰাজ ভাটিয়াৰ।

আশা ভোছলেই স্মিতা পাটিলৰ বাবে আৰু প্ৰীতি সাগৰে নীনা গুপ্তাৰ বাবে কণ্ঠদান কৰে।

গান।গায়ক
"চুভতি হে"আশা ভোছলে
"ইশ্ক কে শ্বোলে"আশা ভোছলে
"জাবানে বাদালতি হে"আশা ভোছলে
"ছামশ্বীৰ বৰাহানা"প্ৰীতি সাগৰ

বঁটা আৰু মনোনয়ন

বছৰবঁটাশ্ৰেণীমনোনীত ব্যক্তি (s)ফলাফল
১৯৮৩ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ কলা পৰিচালনানীতিশ ৰায়বিজয়ী
১৯৮৪ফিল্মফেয়াৰ বঁটাশ্ৰেষ্ঠ অভিনেত্ৰীশাবানা আজমীনিৰ্বাচিত
শ্ৰেষ্ঠ সহ-অভিনেত্ৰীস্মিতা পাটিলনিৰ্বাচিত
শ্ৰেষ্ঠ সহ অভিনেতানাছিৰুদ্দিন শ্বাহনিৰ্বাচিত

তথ্যসূত্ৰ

  1. ↑ Mandi. ইণ্টাৰনেট মুভি ডাটাবেছ
  2. ↑ 31st National Film Awards. Directorate of Film Festivals

সম্পৰ্কিত শ্ৰেণী

উৰ্দু ভাষাৰ ভাৰতীয় চলচ্চিত্ৰভাৰতৰ পতিতাবৃত্তি সম্পৰ্কীয় চলচ্চিত্ৰ১৯৮৩ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মণ্ডি (১৯৮৩ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫১৭৭৫৩ (১৪ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।