ভূমিকা (Bhumika) ১৯৭৭ চনৰ শ্যাম বেনেগালৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় হিন্দী ছবি। ছবিখনত অভিনয় কৰিছে স্মিতা পাটিল, আমোল পালেকাৰ, অনন্ত নাগ, নাছিৰুদ্দিন শ্বাহ আৰু অমৰীশ পুৰীয়ে।
ছবিখনৰ আধাৰ হ’ল মাৰাঠী ভাষাৰ ১৯৪০ দশকৰ সুপৰিচিত মাৰাঠী মঞ্চ আৰু পৰ্দাৰ অভিনেত্ৰী হন্সা ৱাডকাৰৰ মাৰাঠী ভাষাৰ স্মৰণিকা “সাংতে আইকা”, যিগৰাকী নাৰীয়ে এক আড়ম্বৰপূৰ্ণ আৰু অগতানুগতিক জীৱন যাপন কৰিছিল আৰু ব্যক্তিৰ পৰিচয় আৰু আত্মপূৰ্তিৰ সন্ধানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।১ স্মিতা পাটিলে এগৰাকী সজীৱ কিশোৰৰ পৰা এগৰাকী জ্ঞানী কিন্তু গভীৰভাৱে আঘাতপ্ৰাপ্ত মধ্যবয়সীয়া মহিলালৈ ৰূপান্তৰিত হোৱাৰ এক শক্তিশালী অভিনয় কৰিছে।
ছবিখনে দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰে। ছবিখনক ১৯৭৮ চনৰ কাৰ্থেজ চলচ্চিত্ৰ মহোৎসৱ, চিকাগো চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰণ জনোৱা হয়, য'ত ইয়াক ১৯৭৮ চনৰ গোল্ডেন ফলক প্ৰদানেৰে সন্মানিত কৰা হৈছিল। ১৯৮৬ চনত ভূমিকাক আলজেৰিয়াৰ চলচ্চিত্ৰ মহোৎসৱলৈও আমন্ত্ৰণ জনোৱা হয়।২
বঁটা
১৯৭৭: ২৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- শ্ৰেষ্ঠ অভিনেত্ৰী-স্মিতা পাতিল
- শ্ৰেষ্ঠ চিত্ৰনাট্য-সত্য়দেৱ ডুবে, শ্যাম বেনেগাল, গিৰিশ কৰ্নাড
১৯৮৮: ফিল্মফেয়াৰ বঁটা
- শ্ৰেষ্ঠ চলচ্চিত্ৰ
- ফিল্মফেয়াৰ স্পেচিয়েল এৱাৰ্ড- আমোল পালেকৰ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূমিকা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৭৬৯৬২ (১৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।