মহাবীৰ জয়ন্তী বা মহাবীৰ জন্ম কল্যানক জৈন ধৰ্মৰ অনুগামী সকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ। ভগৱান মহাবীৰৰ জন্ম জয়ন্তী হিচাপে এই দিন পালন কৰা হয়। ভগৱান বৰ্ধমান মহাবীৰ জৈন ধৰ্মৰ ২৪তম তথা তীৰ্থাংকৰ। চ'ত মাহৰ শুক্লা ত্ৰয়োদশী তিথিত উদযাপিত হোৱা এই উৎসৱ ইংৰাজী মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত হয়।১
জন্ম
আধুনিক ইতিহাসবিদ সকলে বৰ্তমান বিহাৰৰ বৈশালী জিলাৰ কুণ্ডগ্ৰাম বা ভাস'কুণ্ড মহাবীৰৰ জন্মস্থান হিচাপে চিহ্নিত কৰিছে।২ পাৰম্পৰিক জৈন গ্ৰন্থৰ মতে ভগৱান মহাবীৰ ৫৯৯ খ্ৰীষ্টপূৰ্বৰ চ'ত মাহৰ শুক্লা ত্ৰয়োদশী তিথিত জন্ম লাভ কৰিছিল।৩৪ তেওঁ এখন গণৰাজ্যত জন্মগ্ৰহণ কৰিছিল অৰ্থাৎ তেওঁৰ ৰাজ্যৰ ৰজা প্ৰজা সকলে ভোটৰ দ্বাৰা নিৰ্বাচিত কৰিছিল। বৈশালী এই ৰাজ্যৰ ৰাজধানী আছিল।৫
মহাবীৰৰ প্ৰকৃত নাম বৰ্ধমান। বৰ্ধমান মানে বাঢ়ি অহা। কিংবদন্তি অনুসৰি তেওঁৰ জন্মৰ পিছৰে পৰা তেওঁলোকৰ ৰাজ্যৰ ধন সম্পত্তি ক্ৰমাগত ভাবে বাঢ়ি আহিছিল।৬ ভাস'কুণ্ড গাঁৱত মহাবীৰৰ জন্মস্থান বুলি চিহ্নিত এটুকুৰা মাটি অহল্যা ভূমি গাঁওবাসীয়ে প্ৰায় এহাজাৰ বছৰ হাল বোৱা নাই।৭
জন্মৰ লগত জড়িত আখ্যান

মহাবীৰ ইক্ষভাকু বংশত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ কুণ্ডগ্ৰামৰ ৰজা সিদ্ধাৰ্থ আৰু মাতৃ ত্ৰিশলা। গৰ্ভৱতী কালত ৰাণী ত্ৰিশলায়ে কেইবাটাও অলৌকিক সপোন দেখিছিল। জৈন ধৰ্ম অনুসৰি এই সপোনসমূহ কোনো মহান আত্মাৰ জন্মৰ আগজাননী। জৈন ধৰ্মৰ দিগম্বৰ শাখায়ে এই সপোনৰ সংখ্যা ১৬ টা বুলি বিশ্বাস কৰে।৮ আনহাতে শ্বেতাম্বৰ শাখায়ে এই সপোন সংখ্যা ১৪ টা বুলি কয়। মহাবীৰৰ জন্মৰ পিছত দেৱৰাজ ইন্দ্ৰয়ে তেওঁৰ অভিষেক কৰিছিল বুলি প্ৰবাদ আছে। অভিষেক তীৰ্থাংকৰ সকলৰ পাঁচটা মূল ধৰ্মীয় নীতি 'পঞ্চ কল্যানক'ৰ দ্বিতীয় নীতি।৯
উদযাপন
মহাবীৰ জয়ন্তী জৈন মন্দিৰ আৰু ৰাজহুৱা স্থানত পালন কৰা হয়। এইদিনা ভগৱান মহাবীৰৰ মূৰ্তি ৰথত লৈ 'ৰথ যাত্ৰা' কৰা হয়।১০ ৰথ যাত্ৰাৰ বাটত স্তৱন (ধৰ্মীয় গীত) গোৱা হয়।১১ মহাবীৰৰ মূৰ্ত্তিৰ অভিষেক কৰা হয়। এইদিনা বহুতো জৈন ধৰ্মালম্বী মানুহে দান দক্ষিণা কৰে। বহুতে জৈন মন্দিৰ গৈ প্ৰাৰ্থনা, যোগ আদি কৰে।১২ জৈন সাধু-সন্ত, মহাত্মা সকলে জৈন ধৰ্মৰ গুণ গান কৰে। দান দক্ষিণা সংগ্ৰহ কৰি বিভিন্ন লোক কল্যানমূলক কাম-কাজ কৰা হয়। প্ৰাচীন জৈন মন্দিৰ সমূহত মহাবীৰ জয়ন্তীৰ দিনা বহু ভক্তৰ সমাগম হয়।১৩১৪১৫
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Gupta, K.R. (2006). Concise Encyclopaedia of India. Atlantic Publishers & Dist. পৃ. 1001. ISBN 9788126906390
- ↑ Row over Mahaveer’s birthplace. The Times of India
- ↑ (India), Gujarat. (1975). Gazetteers: Junagadh. পৃ. 13
- ↑ Kristi L. Wiley: Historical Dictionary of Jainism, Lanham 2004, p. 134
- ↑ Jalaj 2011, পৃ. 4
- ↑ Kailash Chand Jain 1991, পৃ. 32
- ↑ Jalaj 2011, পৃ. 4
- ↑ Pannalal Jain 2015, পৃ. 460
- ↑ Pramansagar, Muni. (2008). Jain tattvavidya. Bhartiya Gyanpeeth. পৃ. 30. ISBN 978-81-263-1480-5
- ↑ Piety marks Mahaveer Jayanthi. Deccan Herald
- ↑ Both sects of Jain community take out attractive joint procession
- ↑ (2 April 2015). Mahaveer Jayanti 2015: The importance of a Satvik meal. NDTV
- ↑ (28 March 2015). Jain youth to hold vegan promotion rally on Mahaveer Jayanti in pink city Jaipur. merinews.com
- ↑ (1 April 2015). Jains gear up for Mahaveer Janma Kalyanak tomorrow. dnaindia.com
- ↑ Staff Reporter. (30 March 2015). Over 900 run for spreading Bhagwan Mahaveer’s message. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাবীৰ জয়ন্তী” প্ৰবন্ধৰ সংশোধন ৬০৫৩১৮ (৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।