নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ হৈছে অসম চৰকাৰৰ দ্বাৰা আয়োজিত এক আধ্যাত্মিক অনুষ্ঠান। এই অনুষ্ঠানত ব্ৰহ্মপুত্ৰ নদক আৰাধনা কৰা হৈছিল। অনুষ্ঠানটি ২০১৭ চনৰ ৩১ মাৰ্চৰ পৰা ৪ এপ্ৰিল তাৰিখলৈকে অনুষ্ঠিত হৈছিল।১ ব্ৰহ্মপুত্ৰ নদীয়ে চুই যোৱা অসমৰ ২১ খন জিলাত এই উৎসৱ অনুষ্ঠিত হৈছিল। অনুষ্ঠানটি অনুষ্ঠিত কৰাৰ পাছত অৱশ্যে চৰকাৰে ৰাজহুৱা ধনৰ অপচয় কৰা বুলি যথেষ্ঠ সমালোচনাৰো সন্মুখীন হৈছিল।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ” প্ৰবন্ধৰ সংশোধন ৬১৪০০০ (২৩ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।