মনসা চালি বা মনসা বাৰী ( Manasa chali ) দেৱী মনসাৰ এক অনন্য মাটিৰ প্ৰতিমা, যি ভাৰতৰ পশ্চিম বংগৰ পাঁচমুৰাৰ পোৰামাটিৰ শিল্পকলাৰ তথা পশ্চিম বংগৰ শিল্পকলাৰ উত্তম নিদৰ্শন। দেৱী প্ৰতিমাৰ চালচিত্ৰৰ দৰে ইয়াৰ মনসাৰ চালিত দেৱী মনসাৰ প্ৰতীকিস্বৰূপ অৰ্ধচন্দ্ৰাকৃতিৰ ৰূপত ফণা মেলি থকা সৰ্পৰ শাৰী থাকে।১ মনসা চালি সাধাৰণতে ক’লা অথবা ৰঙা ৰঙৰ হয়।২
সৰ্পদেৱী মনসাক মূলতঃ সৰ্প দংশনৰ পৰা ৰক্ষা পাবলৈ পূজা কৰা হয়। শিৱ ভক্ত চান্দ সদাগৰৰ আখ্যান সমগ্ৰ বাঁকুৰা জিলাতে সুপৰিচিত। পাঁচমুৰাত মনসা চালি আৰু মনসা ঘট পূজা কৰা হয়।৩
মনসা চালিয়ে ‘বাঁকুৰা পাঁচমূৰা টেৰাকোটা ক্ৰাফ্ট’ নামেৰে ২০১৮ চনৰ ২৮ মাৰ্চত ভৌগোলিক সূচক (GI) টেগ লাভ কৰে। ৪
তথ্যসূত্ৰ
- ↑ Satra, Tarapada. (December 2000). Paschimbanger Lokshilpa O Shilpisamaj. Lokosanskriti o Adibasi Sanskriti Kendra. পৃ. 63–64
- ↑ (2016-07-03). Panchmura terracotta craft become the symbol of Indian folk-art. Hand Made Toys
- ↑ Dasgupta, Samira; Biswas, Rabiranjan; Mallik, Gautam Kumar. (2009). Heritage Tourism: An Anthropological Journey to Bishnupur. Mittal Publications. ISBN 9788183242943
- ↑ Details · Geographical Indications · Intellectual Property India. ipindiaservices.gov.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনসা চালি” প্ৰবন্ধৰ সংশোধন ৪৮০১৭৮ (২০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।