মমতা সোধা ( Mamta Sodha) এগৰাকী ভাৰতীয় ক্ৰীড়াবিদ, ২০১০ চনত মাউণ্ট এভাৰেষ্ট স্কেল কৰাৰ সফল প্ৰচেষ্টাৰ বাবে পৰিচিত।১ পৰ্বতাৰোহণ ক্ৰীড়াৰ ক্ষেত্ৰত কৰা সেৱাৰ বাবে ২০১৪ চনত ভাৰত চৰকাৰে তেওঁক চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰি সন্মানিত কৰে।২
জীৱনী
১৯৭৯ চনৰ ১ নৱেম্বৰত৩ ভাৰতৰ হাৰিয়ানা ৰাজ্যৰ কাইথালত আৰ্থিক সম্পদৰ অভাৱৰ পৰিয়ালত তিনিজনী ছোৱালী আৰু দুজন ল'ৰাৰ ভিতৰত জ্যেষ্ঠ হিচাপে মমতা সোধাৰ জন্ম হয়।৪৫৬ ২০০৪ চনত হাৰিয়ানাৰ খাদ্য আৰু যোগান বিভাগৰ পৰিদৰ্শক হিচাপে কাম কৰা পিতৃ লক্ষ্মণ দাস সোধাক হেৰুৱাইছিল,৪৫ আৰু মাতৃ মেৱা দেৱীয়ে৫ ভাতৃদ্বয়ৰ সহায়ত পৰিয়ালটো পোহপাল দিবলগীয়া হৈছিল।৬
ক্ৰীড়াৰ কৃতিত্ব
মমতাৰ আৰম্ভণিতে শিল বগাই যোৱাৰ প্ৰতি আকৰ্ষণ আছিল,৪৬ যিটো বৈশিষ্ট্য তেওঁৰ পিতৃয়ে উৎসাহিত কৰিছিল।৪ অতি সোনকালেই তেওঁ এদিন মাউণ্ট এভাৰেষ্ট বগাবলৈ সিদ্ধান্ত লয় যাৰ বাবে তেওঁ উত্তৰাখণ্ড ৰাজ্যৰ নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেইনিংত যোগদান কৰে।৫ প্ৰকল্পটো আৰম্ভ কৰাৰ আগতে তাই আন কেইটামান শৃংগ স্কেল কৰিছিল। ২০০৮ চনৰ জুলাই মাহত ফাৱাৰৰাং শৃংগ আৰোহণ কৰা আই এম এফৰ সোণালী জয়ন্তী অভিযান দলৰ সদস্য আছিল।৩৭ দুমাহৰ পিছত অক্টোবৰ মাহত তেওঁ আন এটা দলৰ সৈতে মুন শৃংগ বগাইছিল, মেকলিয়ড গঞ্জত অভিযান চলাই থাকোঁতে।৩৭ ২০০৯ চনৰ আগষ্ট মাহত তেওঁ সৰ্বমহিলা দলৰ সৈতে শ্ৰীকান্ত শৃংগৰ শিখৰত উপনীত হয়।৩৭
বিভিন্ন উচ্চতাৰ অন্যান্য শৃংগ যেনে মৰ্নি শৃংগ, খুইটেন শৃংগ, ইণ্ডাৰহাৰা পাছ৪ আৰু দ্বীপ শৃংগ৭ আদিও বিভিন্ন সময়ত তেওঁ স্কেল কৰিছে। ইয়াৰ পিছত দ্বীপ (ইমজা-চে) শৃংগত প্ৰয়াস কৰে যিটো তেওঁ ২০১০ চনৰ এপ্ৰিল মাহত মাউণ্ট এভাৰেষ্ট অভিযানৰ ঠিক আগতে সফলতাৰে সম্পন্ন কৰে। ৩
মাউণ্ট এভাৰেষ্ট জয়ৰ পিছত ২০১২ চনত মমতাই ইউৰোপৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এলব্ৰাছত উপনীত হয়।৮
পৰ্বতাৰোহী হোৱাৰ উপৰিও মমতা সোধাই হেণ্ডবলতো পাৰদৰ্শিতা দেখুৱাইছিল।৫ ১৯৯৮ চনৰ নৱেম্বৰ মাহত আগ্ৰাত অনুষ্ঠিত হোৱা ২১ সংখ্যক জুনিয়ৰ গাৰ্লছ নেচনেল হেণ্ডবল চেম্পিয়নশ্বিপত ৰানাৰ্ছ আপৰ স্থান দখল কৰা হাৰিয়ানা ৰাজ্যিক ছোৱালী দলৰ সদস্য আছিল।৩ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ দলৰ সদস্য হিচাপে তেওঁ ১৯৯৮ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতাত বিজয়ী হৈছিল।৩ ২০০৩ চনত হাৰিয়ানা চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে হেণ্ডবলত বি ১ গ্ৰেড ক্ৰীড়াবিদ হিচাপে নিৰ্বাচিত কৰে।
মমতা সোধা নেচনেল এডভেঞ্চাৰ ক্লাবৰ সদস্যও।৫৯
বঁটা আৰু স্বীকৃতি
- পদ্মশ্ৰী – ভাৰত চৰকাৰ – ২০১৪২
- টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা – ভাৰত চৰকাৰ – ২০১০৭১০
- নগদ ধনৰ বঁটা ₹ ২১ লাখ – হাৰিয়ানা চৰকাৰ – ২০১০১১
- আইডলেণ্ড (ইমজা-চে) শৃংগত সফল আৰোহণৰ প্ৰমাণপত্ৰ – নেপাল পৰ্বতাৰোহণ সংস্থা – ২০১০৩
তথ্যসূত্ৰ
- ↑ (16 June 2010). Everester Mamta Sodha to be appointed DSP in Haryana Police. Web India
- ↑ (25 January 2014). Padma Awards Announced. Circular. Press Information Bureau, Government of India
- ↑ (2014). Haryana Police profile. Haryana Police Department
- ↑ Satish Seth. (22 May 2010). Kaithal girl scales Mt Everest. The Tribune
- ↑ (23 May 2010). The Contemporary Dalit Heroes – Ms. Mamta Sodha. diplomatic titbits
- ↑ (31 May 2010). A dream come true for Kaithal girl. The Hindu
- ↑ (29 August 2011). Tenzing Norgay Award. Haryana Police
- ↑ (18 September 2012). Mt. Elbrus. facebook page
- ↑ (22 May 2010). Young woman from Haryana scales Mt Everest. Zee News
- ↑ (2011). Tensing Norgay Adventure Award. Lead the Competition.in
- ↑ (3 June 2010). Hooda announce Rs 21 lakh to Mamta Sodha. The India Post
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মমতা সোধা” প্ৰবন্ধৰ সংশোধন ৬৪০১২৯ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।