অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বাকোটা, ইউক্ৰেইন

বাকোটা ( Bakota) হৈছে পশ্চিম ইউক্ৰেইনৰ খ্মেলনিটস্কি অব্লাষ্টৰ এখন ঐতিহাসিক ডুব যোৱা গাওঁ। ডনিষ্টাৰ নদীৰ তলত অৱস্থিত এই গাঁওখন পড’লিয়াৰ ঐতিহাসিক অঞ্চলৰ অন্তৰ্গত। বাকোটাত এটা গুহাৰ মঠ আছে, য'ত দ্বাদশ–১৪ শতিকাৰ ফ্ৰেস্কো আৰু চিত্ৰকলা আছে, গাঁওখনৰ ওচৰতে এটা পুৰাপাথৰ যুগৰ প্ৰত্নতাত্ত্বিক স্থানও অৱস্থিত।

হালনাগাদ: ২৩ আগষ্ট ২০২৬ ১৪২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বাকোটা ( Bakota) হৈছে পশ্চিম ইউক্ৰেইনৰ খ্মেলনিটস্কি অব্লাষ্টৰ এখন ঐতিহাসিক ডুব যোৱা গাওঁ। ডনিষ্টাৰ নদীৰ তলত অৱস্থিত এই গাঁওখন পড’লিয়াৰ ঐতিহাসিক অঞ্চলৰ অন্তৰ্গত।

বাকোটাত এটা গুহাৰ মঠ আছে, য'ত দ্বাদশ–১৪ শতিকাৰ ফ্ৰেস্কো আৰু চিত্ৰকলা আছে, লগতে সন্ন্যাসীসকলৰ সংৰক্ষিত অৱশিষ্টও আছে।১ গাঁওখনৰ ওচৰতে এটা পুৰাপাথৰ যুগৰ প্ৰত্নতাত্ত্বিক স্থানও অৱস্থিত। বৰ্তমান বাকোটা ৰাষ্ট্ৰীয় পৰিৱেশ উদ্যান "পডিলস্কি টভট্ৰি"ৰ অংশ।

ইতিহাস

বাকোটাৰ গুহা মঠ
বাকোটাৰ গুহা মঠছবি: Dima Sergiyenko; Please attribute this image as the work of "DiscoverWithDima." · CC BY-SA 4.0
বাকোটাৰ গুহা মঠৰ এটা গুহা
বাকোটাৰ গুহা মঠৰ এটা গুহাছবি: Narking · CC BY-SA 4.0

স্থানীয় বিশ্বাস অনুসৰি বাকোটা গুহা মঠটো কিয়েভৰ ছেইন্ট এণ্টনিয়ে প্ৰতিষ্ঠা কৰিছিল, যিয়ে ১০৫১ চনত ঐতিহাসিক কিইভ পেচাৰ্ছক লাভ্ৰাও প্ৰতিষ্ঠা কৰিছিল। যিটো বৰ্তমান এতিয়া ইউক্ৰেইনৰ কিইভত আছে।২

বাকোটাৰ কথা প্ৰথমবাৰৰ বাবে হাইপেটিয়ান ক্ৰনিকলত ১২৪০ চনত উল্লেখ কৰা হৈছিল। যেতিয়া এই চহৰখন প্ৰথমবাৰৰ বাবে বসতি স্থাপন কৰা হৈছিল, তেতিয়া এই চহৰখন কিয়েভান ৰাছ' ৰাজ্যৰ অংশ আছিল, পিছলৈ দ্বাদশ শতিকাৰ মাজভাগত ই গালিচিয়া–ভলহিনিয়াৰ অংশ হৈ পৰে।৩ ত্ৰয়োদশ শতিকাত বাকোটাই ডনিষ্টাৰ নিম্নভূমিৰ (পনিজিয়া) ৰাজনৈতিক আৰু প্ৰশাসনিক কেন্দ্ৰ হিচাপে কাম কৰিছিল, যিটো সেই সময়ত গালিচিয়া-ভলহিনিয়াৰ অংশ আছিল।১ ১৩৬২ চনত কোৰিয়াট'ভিচ বংশৰ এই অঞ্চলৰ ওপৰত শাসনৰ কথাও বুৰঞ্জীত উল্লেখ কৰা হৈছে।২

কোৰিয়াটোভিচ বংশৰ শাসনৰ পিছত এই চহৰখন মধ্যযুগীয় লিথুৱেনিয়াৰ গ্ৰেণ্ড ডাচিৰ শাসক আলগিৰ্ডাছৰ নিয়ন্ত্ৰণলৈ আহে।৩ ১৩৬২ চনৰ লিথুৱেনিয়াৰ এখন বুৰঞ্জীত উল্লেখ কৰা হৈছে যে চহৰখনৰ ভিতৰত এটা কাৰ্যক্ষম গুহা মঠ আছে।৩ এই কাৰণে ক্ৰিমিয়াৰ টাটাৰসকলৰ আক্ৰমণৰ পৰা চহৰখনক ৰক্ষা কৰিবলৈ দুৰ্গ নিৰ্মাণ কৰা হয়।৩ ১৪৩১ চনত বাকোটাক লিথুৱেনিয়াৰ গ্ৰেণ্ড ডাচি আৰু পোলেণ্ড ৰাজ্যৰ মাজত বিভক্ত কৰা হয়। ইয়াৰ পিছত বাকোটাৰ বাসিন্দাসকলে বিদ্ৰোহ কৰি স্বাধীনতা ঘোষণা কৰে আৰু তিনি বছৰৰ ভিতৰতে পোলেণ্ডে ইয়াক চেপি ধৰে।৩ চহৰখনৰ দুৰ্গ আৰু দুৰ্গসমূহো ধ্বংস কৰা হয়।৩

১৮৯৩ চনত বৰ্তমানৰ গীৰ্জাঘৰৰ ঠাইত নতুন কাঠৰ গীৰ্জা নিৰ্মাণ কৰা হয়, যাৰ আধাৰশিলা পডিলিয়া আৰু ব্ৰাটস্লাভৰ বিচপ ডিমিট্ৰিয়ে স্থাপন কৰে।২৪ ১৯৬০ চনত এই গীৰ্জাঘৰটো ধ্বংস হৈছিল। ১৯৮১ চনৰ ২৭ অক্টোবৰত যেতিয়া নতুন ডনিষ্টাৰ হাইড্ৰ’ইলেক্ট্ৰিক ষ্টেচন নিৰ্মাণ কৰা হৈছিল, তেতিয়া বাকোটা গাঁওখন ডুব গৈছিল। গাঁওবাসীক উক্ত অঞ্চলৰ পৰা উলিয়াই আনি ওচৰৰ অন্য স্থানত স্থানান্তৰিত কৰা হয়। ১৯৯৬ চনত বাকোটাৰ শিলৰ পাহাৰৰ বৃহৎ অংশ ভাঙি গাঁওখনৰ প্ৰায়বোৰ প্ৰাচীন গুহা পুতি পেলায়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Khmelnytskiy (1493, 260.1 inhabitants). Magistral
  2. ↑ Kuzin, Volodymyr. Bakota. castles.com.ua
  3. ↑ Bakota. Architectural and environmental Monuments of Ukraine
  4. ↑ "Rock monastery, end of 13-middle 14th c." in "Monuments of architecture of Ukrainian SSR," edited by N. L. Zharikov, Kiev, "Budivelʹnyk", 1983-1986

সম্পৰ্কিত শ্ৰেণী

ইউক্ৰেইন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাকোটা, ইউক্ৰেইন” প্ৰবন্ধৰ সংশোধন ৬৩০০৪৮ (২৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।