বঙ্গবন্ধু এভিনিউ (Bangabandhu Avenue; বঙ্গবন্ধু অ্যাভিনিউ) হৈছে ঢাকাৰ গুলিস্তানত অৱস্থিত এটা নগৰীয়া পথ। ইয়াৰ পূৰ্বৰ নাম আছিল জিন্না এভিনিউ১ বাংলাদেশৰ স্বাধীনতাৰ পিছত ইয়াৰ নাম সলনি কৰি বঙ্গবন্ধু এভিনিউ কৰা হয়। বাংলাদেশ আৱামী লীগৰ কেন্দ্ৰীয় কাৰ্যালয় বঙ্গবন্ধু এভিনিউত অৱস্থিত।২ ২০০৪ চনৰ ঢাকা গ্ৰেনেড আক্ৰমণ বঙ্গবন্ধু এভিনিউত সংঘটিত হৈছিল।৩
ইতিহাস
১৯৫০-ৰ দশকত প্ৰথমবাৰৰ বাবে এই পথৰ পৰা বিমানবন্দৰলৈ এটা দ্বিমুখী পথ নিৰ্মাণ কৰা হৈছিল।৪ ১৯৬০-ৰ দশকত বঙ্গবন্ধু এভিনিউত বহুতো জনপ্ৰিয় ৰেষ্টুৰেণ্ট আৰু ভোজনালয় আছিল; যেনে- কাচবাহ, লা চানী, চু-চিন-চাউ, চুইট হেভেন, চেলিমাবাদ হোটেল, ৰেক্স আদি।৫ বঙ্গবন্ধু এভিনিউ পূব পাকিস্তানৰ ৰাজনীতিৰ বিভিন্ন ঐতিহাসিক ঘটনাৰ সাক্ষী।৬
অধিক জানিবলৈ পঢ়ক
- গজালা শেখ আকবৰ. (২৯ সেপ্টেম্বৰ ২০১৮). ALL ROADS LEAD TO GULISTAN. দ্য ডেইলি ষ্টাৰ
তথ্যসূত্ৰ
- ↑ Rahman, Mahmud. (6 April 2017). A mythical place called Bangla Motors. Dhaka Tribune
- ↑ Fazlur Rahman Raju. (21 June 2018). Awami League’s new central office to open on June 23. Dhaka Tribune
- ↑ (19 August 2015). Witness Account: When all hell broke loose. The Daily Star
- ↑ AM Chowdhury
- ↑ Hussain, Sajjad. (18 May 2021). Eateries of ‘60s: A walk down memory lane. The Daily Star
- ↑ Ahmed, Tofail. (23 February 2015). '৬৯-এৰ গণঅভ্যুত্থান বঙ্গবন্ধু ও বাংলাদেশ. Samakal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বঙ্গবন্ধু এভিনিউ” প্ৰবন্ধৰ সংশোধন ৩৯১৯৯৩ (১৬ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।