অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মল্লভূম

মল্লভূম বৰ্তমান ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ বাংকুৰা জিলাৰ বিষ্ণুপুৰ চহৰৰ পৰা মল্লবংশৰ দ্বাৰা শাসিত প্ৰাচীন ৰাজ্য।

হালনাগাদ: ১১ ডিচেম্বৰ ২০২৪ ৯৭ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মল্লভূম বৰ্তমান ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ বাংকুৰা জিলাৰ বিষ্ণুপুৰ চহৰৰ পৰা মল্লবংশৰ দ্বাৰা শাসিত প্ৰাচীন ৰাজ্য।

বিস্তাৰ

বিষ্ণুপুৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলটোক মল্লভূম বুলি কোৱা হৈছিল। বৰ্তমানৰ বাংকুৰা থানাৰ মূল অঞ্চলটো (ছাতনা, ওন্দা, বিষ্ণুপুৰ, কোতুলপুৰ আৰু ইন্দাসৰ বাহিৰে) মল্লভূম ৰাজ্যৰ আছিল। আগতে বিষ্ণুপুৰ ৰাজ্যৰ সম্প্ৰসাৰণ অতি বৃহৎ আছিল। উত্তৰে সন্থাল পৰগনাৰ দামিন-ই-কোহৰ পৰা দক্ষিণে মেদিনীপুৰ জিলালৈকে এই ৰাজ্য বিস্তৃত আছিল। বৰ্ধমান জিলাৰ পূব অংশ আৰু চোটোনাগপুৰ মালভূমিৰ কিছু অংশ এই ৰাজ্যৰ অন্তৰ্গত আছিল।১

বিষ্ণুপুৰৰ ৰজাসকলক মল্ল ৰাজা বুলি কোৱা হৈছিল। সংস্কৃতত "মল্ল" শব্দৰ অৰ্থ হ'ল মল্লযুঁজাৰু। কিন্তু এই অঞ্চলৰ মাল জনগোষ্ঠীৰ নামৰ লগত এই নামটো জড়িত হোৱাটো সম্ভৱ।১

খ্ৰীষ্টীয় সপ্তম শতিকাৰ পৰা ব্ৰিটিছ শাসনৰ আৰম্ভণিলৈকে প্ৰায় ১০০০ বছৰৰ বাংকুৰা জিলাৰ ইতিহাস মল্লভূম ৰাজ্যৰ উত্থান-পতনৰ সৈতে অবিচ্ছেদ্যভাৱে জড়িত। এই মল্লৰাজাসকলৰ লগত বিপত্তাৰিণী দেৱীৰ কিংবদন্তি জড়িত হৈ আছে।১২

তথ্যসূত্ৰ

  1. ↑ O’Malley, L.S.S., ICS, Bankura, Bengal District Gazetteers, pp. 21-46, 1995 reprint, first published 1908, Government of West Bengal
  2. ↑ Östör, Ákos. (24). Play Of The Gods: Locality, Ideology, Structure, And Time In The Festivals Of A Bengali Town. Orient Blackswan. পৃ. 43. ISBN 81-8028-013-6

সম্পৰ্কিত শ্ৰেণী

পশ্চিমবংগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মল্লভূম” প্ৰবন্ধৰ সংশোধন ৪৫৩৬০৬ (১১ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।