অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

পাদাৰ দ্বীপ

পাদাৰ, বা পাদা হৈছে ইণ্ডোনেছিয়াৰ ইষ্ট নুছা টেঙ্গগাৰাৰ ৱেষ্ট মাংগাৰাই ৰিজেঞ্চীৰ অংশভুক্ত কমোডো দ্বীপপুঞ্জৰ অন্তৰ্গত কমোডো আৰু ৰিঞ্চা দ্বীপৰ মাজত অৱস্থিত এটা সৰু দ্বীপ। এইটো কমোডো ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত তৃতীয় বৃহৎ দ্বীপ। কমোডো দ্বীপপুঞ্জ কমোডো ড্ৰেগনৰ বাবে বিখ্যাত।

হালনাগাদ: ১২ মে’ ২০২৫ ১৪৭ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

পাদাৰ, বা পাদা হৈছে ইণ্ডোনেছিয়াৰ ইষ্ট নুছা টেঙ্গগাৰাৰ ৱেষ্ট মাংগাৰাই ৰিজেঞ্চীৰ অংশভুক্ত কমোডো দ্বীপপুঞ্জৰ অন্তৰ্গত কমোডো আৰু ৰিঞ্চা দ্বীপৰ মাজত অৱস্থিত এটা সৰু দ্বীপ।১ এইটো কমোডো ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত তৃতীয় বৃহৎ দ্বীপ।

কমোডো দ্বীপপুঞ্জ কমোডো ড্ৰেগনৰ বাবে বিখ্যাত। এই বৃহৎ গোগোলীয়া প্ৰজাতিবোৰৰ দৈৰ্ঘ্য প্ৰায় ৩ মিটাৰ (৯.৮ ফুট)লৈকে হ’ব পাৰে। যদিও কমোডো আৰু ৰিঞ্চা দ্বীপত এইসকল সচৰাচৰ বাস কৰে, পাদাৰ দ্বীপত কমোডো ড্ৰেগন বিলুপ্ত বুলি গণ্য কৰা হৈছিল। কিন্তু ২০০৪ চনত "কমোডো ছাৰভাইভেল এজেন্সী"য়ে ১২জন ব্যক্তিৰ উপস্থিতিৰ তথ্য প্ৰকাশ কৰিছিল, যিয়ে দ্বীপপটোত এইসকল প্ৰজাতিৰ পুনৰ আগমন সম্ভৱ বুলি সূচায়।২

দ্বীপটোৰ ভৌগোলিক গঠন অতি পৰ্বতীয় আৰু থিয়, য’ত আগ্নেয়গিৰি পৰ্বতমালাসমূহ আৰু গভীৰ উপসাগৰসমূহ আছে। ইয়াৰ জৈৱবৈচিত্ৰ্য মূলত জুপাৰ আৰু তৃণভূমিৰে গঠিত, যাৰ বাবে ই এখন ছাৱানাৰ দৰে পৰিৱেশ সৃষ্টি কৰে। পাদাৰত চাৰিখন গভীৰ উপসাগৰ আছে, য’ত বেলিৰ ৰং ভিন্ন – বেছিভাগ অংশ ধুসৰ, কিছু অংশ গোলাপী।৩৪ পাদাৰ দ্বীপৰ চাৰিওফালে থকা পানীৰ অঞ্চলসমূহ স্কুবা ডাইভিং আৰু চ্নৰ্কেলিংৰ বাবে জনপ্ৰিয়।৫

তথ্যসূত্ৰ

  1. ↑ 4m13! 1m7! 3m6! 1s0x2db4f84ff6cd01ab:0xf7e6fd33b692a898! 2sPadar+Island! 3b1! 8m2! 3d-8.6489909! 4d119.5832593! 3m4! 1s0x2db4f84ff6cd01ab:0xf7e6fd33b692a898! 8m2! 3d-8.6489909! 4d119.5832593 Padar Island. Google
  2. ↑ UNESCO: Advisory Body Evaluation, সংগ্ৰহ ২ ফেব্ৰুৱাৰী ২০১০
  3. ↑ Komodo, Rinca and Padar Island. Flores Tourism
  4. ↑ Amazing Padar Island. National Geographic Traveller
  5. ↑ Komodo Dive Sites

সম্পৰ্কিত শ্ৰেণী

দ্বীপৰাষ্ট্ৰীয় উদ্যানইণ্ডোনেছিয়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাদাৰ দ্বীপ” প্ৰবন্ধৰ সংশোধন ৫০৮০৫১ (১২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।