পম্বন সেতু এখন "কেণ্টিলিভাৰ" দলং যি ভাৰতৰ দক্ষিণ প্ৰান্তত অৱস্থিত পম্বন দ্বীপক মূলভূমিৰ সৈতে সংযোগ কৰে। এই পম্বন দ্বীপতে অৱস্থিত হিন্দু ধৰ্মাৱলম্বী সকলৰ পৱিত্ৰস্থান ৰামেশ্বৰম। পম্বন সেতু বুলিলে সমান্তৰাল কৈ যোৱা ৰে'ল আৰু ৰোড দলং দুয়োখনকে বুজোৱা হয়।
ইতিহাস
পম্বনৰ ৰে'লৱে সেতুখন ২.০৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ। এই সেতুখন ১৯১৪ চনত মিটাৰ গ'জ ৰে'লসেৱাৰ বাবে মুকলি কৰি দিয়া হয়।১ সেতুখনৰ এটা অংশ জাহাজ পাৰ হৈ যাব পৰাকৈ উঠাই দিয়াৰ সুবিধাও আছে।
ঐতিহাসিক ভাৱে এই দলঙখনত মিটাৰ গ'জ ৰে'ল চলাচল কৰিছিল যদিও ২০০৭ চনৰ আগষ্ট মাহৰ ১২ তাৰিখৰ পৰা ইয়াক ব্ৰ'ডগ'জ ৰে'লসেৱাৰ উপযোগীকৈ উন্নীত কৰা হয়।
তথ্যসূত্ৰ
- ↑ Raja Simhan T.E. (21 November 2013). Pamban Bridge to be pulled down for gauge conversion. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পম্বন সেতু” প্ৰবন্ধৰ সংশোধন ১৯৪৫১৪ (৩০ এপ্ৰিল ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।