নেয়াৰ নদী (Neyyar River) কেৰালাৰ তিৰুৱনন্তপুৰম জিলাৰ মাজেৰে বৈ যোৱা প্ৰায় ৫৬ কিলোমিটাৰ দীঘল এখন নদী। ইয়াৰ উৎপত্তি পশ্চিমঘাটৰ অগস্ত্য মালা (অগস্ত্যাৰকূডম) অঞ্চলত। তিৰুৱনন্তপুৰম জিলাৰ নেয়্যাট্টিনকাৰা চহৰখন এই নদীৰ পাৰত অৱস্থিত আৰু নদীখনৰ নাম অনুসৰিয়েই চহৰখনৰ নামকৰণ কৰা হৈছে। নেয়াৰ নদী নেয়াৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজেৰে বৈ গৈ নেয়াৰ জলাধাৰত প্ৰৱেশ কৰে। ইয়াৰ পিছত নদীখন পশ্চিমমুখী হৈ কাল্লিক্কাড, কাট্টাক্কাডা, অট্টাশেখৰমঙ্গলম, মণ্ডপথিনকাভাডু,১ কীঝাৰুৰ, পেৰুমকাডাভিল্লা, অৰুৱিপুৰম, নেয়্যাট্টিনকাৰা আৰু তিৰপুৰম আদি অঞ্চলৰ মাজেৰে বৈ যায়। অৱশেষত পুভাৰ মোহনাত আৰৱ সাগৰত মিলিত হয়।২৩ নেয়াৰ নদীৰ প্ৰধান উপনৈসমূহৰ ভিতৰত কাল্লাৰ, মুল্লায়াৰ আৰু কাৰাভালিয়াৰ উল্লেখযোগ্য। নদীখনৰ কাষেৰে কেইবাটাও সৰু জলখাল আছে। নেয়াৰ জলসিঞ্চন প্ৰকল্প ৪আৰু নেয়াৰ বান্ধ৫ এই নদীৰ ওপৰত অৱস্থিত। নদীৰ ওচৰত এখন ছাফাৰী পাৰ্কো আছে। নেয়াৰ নদী বালি খননৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।
নদীখনৰ জলগ্ৰহণ অঞ্চলৰ অধিকাংশই বনাঞ্চলেৰে আৱৃত। আনহাতে, জলসিঞ্চিত বা নিয়ন্ত্ৰিত কৃষি অঞ্চলত নাৰিকল, মাটি-কঁঠাল (টেপিওকা), জালুক, কল আৰু ধান আদি বিভিন্ন শস্যৰ খেতি কৰা হয়।৬
তথ্যসূত্ৰ
- ↑ [https://journals.indexcopernicus.com/search/article?articleId=1637443 IndexCopernicus.com: "Analysis of Physico Chemical Parameters in Neyyar River with Special Reference to Environmental Pollution", M. Badusha & S. Santosh, in International Journal of Environment, Ecology, Family and Urban Studies (IJEEFUS), 2018; 8
- ↑ (2009-06-07). Quality flows out of Neyyar river. দ্য হিন্দু
- ↑ India9.com, Retrieved on July 1, 2008
- ↑ Irrigation Department irrigation.kerala.gov.in Neyyar irrigation project | Irrigation-kerala
- ↑ trivandrum.nic.in trivandrum.nic.in NEYYAR DAM - thiruvananthapuram
- ↑ Keralapages.org Neyyar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেয়াৰ নদী” প্ৰবন্ধৰ সংশোধন ৬২৮৮২৮ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।