১৯৬৭ চনৰ কৈনানগৰ ভূমিকম্পটো মহাৰাষ্ট্ৰৰ কৈনানগৰ চহৰৰ সমীপত সংঘটিত হৈছিল ১১ ডিচেম্বৰত। ভূমিকম্পটোৰ মান আছিল ৬.৬ আৰু প্ৰাৱল্য আছিল মাৰ্ক'লী প্ৰাৱল্য মাপনীত VIII (Severe).ভূমিকম্পটো কৈনা নদীবান্ধৰ সমীপত সংঘটিত হৈছিল আৰু ইয়াৰ কাৰণ বহুতে নদীবান্ধটো বুলিয়েই ক'ব খোজে। ইয়াৰ ফলত প্ৰায় ১৭৭ জনৰ মৃত্যু হয় আৰু প্ৰায় ২২৭২জন আঘাতপ্ৰাপ্ত হয়। .
ক্ষয়ক্ষতি
ভূমিকম্পটোৰ ফলত কৈনানগৰৰ ৮০% তকৈও বেছি ঘৰ ধ্বংস হয়১ কিন্তু ইয়াৰ ফলত কৈনা নদীবান্ধৰ বিশেষ ডাঙৰ ক্ষতি নহ'ল। ১৯৬৭ চনৰ পৰাই অঞ্চলটোত আৰু বহুতো সৰু ভূমিকম্প হৈ আহিছে। কিছুমানৰ মতে এই আটাইবোৰ ভূমিকম্পৰ কাৰণ হ'ল কৈনা নদীবান্ধটো১।
তথ্যসূত্ৰ
- ↑ Rajesh Menon. (October 3, 2005). Tremors may rock Koyna for another two decades. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯৬৭ চনৰ কৈনানগৰ ভূমিকম্প” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৮৬ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।