মণিপুৰ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী ইম্ফাল। মণিপুৰক নখন প্ৰশাসনিক জিলাত বিভক্ত কৰা হৈছে।
প্ৰশাসন
জিলাসমূ্হ প্ৰশাসনিক বিষয়া হৈছে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্ত। ৰাজ্যখনৰ বিভিন্ন চৰকাৰী বিভাগে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্তক জিলাখন সূচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে।
জিলাখনৰ আইন সম্বন্ধীয় বিষয়সমূহ পুলিছ অধীক্ষকে (Superintendent of Police) পৰিচালনা কৰে।
জিলাসমূ্হ
মণিপুৰৰ নখন জিলা হৈছে:
| ক’ড | জিলা | সদৰ | জনসংখ্যা (২০১১)১ | মাটিকালি (বৰ্গ কিমি) | জনঘনত্ব (প্ৰতি বৰ্গ কিমি) | ৱেবছাইট |
| BI | বিষ্ণুপুৰ | বিষ্ণুপুৰ | 240,363 | 496 | 415 | ukhrul.nic.in |
| CC | চুড়াচান্দপুৰ | চুড়াচান্দপুৰ | 271.274 | 4,574 | 50 | churachandpur.nic.in |
| CD | চান্দেল | চান্দেল | 144,028 | 3,317 | 37 | chandel.nic.in |
| EI | পূব ইম্ফাল | পৰম্পত | 452,661 | 710 | 555 | imphaleast.nic.in |
| SE | সেনাপতি | সেনাপতি | 354,772 | 3,269 | 116 | Senapati.nic.in |
| TA | তামেংলং | তামেংলং | 140,143 | 4,391 | 25 | tamenglong.nic.in |
| TH | থৌবাল | থৌবাল | 420,517 | 514 | 713 | thoubal.nic.in |
| UK | উখৰুল | উখৰুল | 183,115 | 4,547 | 31 | ukhrul.nic.in |
| WI | পশ্চিম ইম্ফাল | লম্ফেলপাত | 514,683 | 519 | 847 | imphalwest.nic.in |
তথ্যসূত্ৰ
- ↑ (2010 - 2011). Ranking of Districts by Population Size, 2001 and 2011. The Registrar General & Census Commissioner, India, New Delhi-110011
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মণিপুৰৰ জিলাসমূহ” প্ৰবন্ধৰ সংশোধন ৩৭২৭৫৭ (৩০ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।