অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মামিত জিলা

ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰত মামিত জিলা অন্যতম। মামিত জিলা মিজোৰামৰ পশ্চিম প্ৰান্তত অৱস্থিত। ইয়াৰ আন্তৰ্জাতিক সীমা বাংলাদেশৰ সৈতে সংযুক্ত, আৰু ই সাজেক নদীৰ দ্বাৰা বিভক্ত। সীমান্ত জিলা হোৱা বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত মামিত জিলাৰ অতি তাৎপৰ্য আছে।

হালনাগাদ: ৩ জুলাই ২০২৩ ৭৫ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰত মামিত জিলা অন্যতম। মামিত জিলা মিজোৰামৰ পশ্চিম প্ৰান্তত অৱস্থিত। ইয়াৰ আন্তৰ্জাতিক সীমা বাংলাদেশৰ সৈতে সংযুক্ত, আৰু ই সাজেক নদীৰ দ্বাৰা বিভক্ত। সীমান্ত জিলা হোৱা বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত মামিত জিলাৰ অতি তাৎপৰ্য আছে।

ভৌগোলিক অৱস্থান

এই জিলাখনৰ উত্তৰে অসম ৰাজ্যৰ হাইলাকান্দি জিলা; পশ্চিমে ত্ৰিপুৰা ৰাজ্যৰ উত্তৰ ত্ৰিপুৰা জিলা আৰু বাংলাদেশ; দক্ষিণে লুংলেই জিলা আৰু পূবে কোলাছিব আৰু আইজল জিলা অৱস্থিত। এই জিলাখনৰ আয়তন হৈছে ৩০২৫.৭৫ কিলোমিটাৰ। মামিত চহৰ জিলাখনৰ প্ৰশাসনিক সদৰ।১

তথ্যসূত্ৰ

  1. ↑ (2011). District Census 2011. Census2011.co.in

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মামিত জিলা” প্ৰবন্ধৰ সংশোধন ৩৭০৭৪৬ (৩ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।