অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

শোণিতপুৰ ৰাজ্য

অসুৰ ৰাজ্য বা শোণিতপুৰ ৰাজ্য বৈদিক যুগৰ এখন ৰাজ্য। কিংবদন্তি অনুসৰি মৰীচি হৈছে এই ৰাজ্যখনৰ প্ৰতিষ্ঠাপক। বৰ্তমান এই ঠাইখণ্ড অসমৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত। এই ৰাজ্যখন প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ সমসাময়িক বুলি ধাৰণা কৰা হয়। পুৰাণ, মহাভাৰত আৰু অন্যান্য ধৰ্মীয় কাব্যসমূহত শোণিতপুৰৰ উল্লেখ আছে।

হালনাগাদ: ২৩ মে’ ২০২০ ৯২ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

অসুৰ ৰাজ্য বা শোণিতপুৰ ৰাজ্য বৈদিক যুগৰ এখন ৰাজ্য। কিংবদন্তি অনুসৰি মৰীচি হৈছে এই ৰাজ্যখনৰ প্ৰতিষ্ঠাপক। বৰ্তমান এই ঠাইখণ্ড অসমৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত। এই ৰাজ্যখন প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ সমসাময়িক বুলি ধাৰণা কৰা হয়। পুৰাণ, মহাভাৰত আৰু অন্যান্য ধৰ্মীয় কাব্যসমূহত শোণিতপুৰৰ উল্লেখ আছে।১ প্ৰবাদ আছে যে শোণিতপুৰৰ ৰজা বাণাসুৰে শত্ৰুৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি গড় বান্ধিছিল যাক অগ্নিগড় নামেৰে জনা গৈছিল।২ পৌৰাণিক কাহিনী অনুসৰি বাণৰজাৰ একমাত্ৰ জীয়ৰি ঊষাই গোপনে দ্বাৰকাৰ কৃষ্ণৰ নাতি অনিৰুদ্ধক গোপনে বিয়া কৰোৱাৰ পৰিণতিত শোণিতপুৰত হৰি-হৰ যুদ্ধ অৰ্থাৎ শ্ৰীকৃষ্ণ আৰু শিৱৰ ভয়ংকৰ যুদ্ধ সংঘটিত হৈছিল।

ৰজাসকল

ক্ৰমিক নংনামসম্পৰ্কিত আখ্যান
১মৰীচি
২কাশ্যপ
৩হিৰণ্যকশিপুনৰসিংহ অৱতাৰ
৪প্ৰহ্লাদ
৫বিৰোচন
৬বলিবামণ অৱতাৰ (বলি চলন)
৭বাণাসুৰহৰি-হৰ যুদ্ধ

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Niśipada Caudhurī (1985), Historical archaeology of central Assam, p.67
  2. ↑ শান্তনু বৰুৱা. (২০০৪). তেজপুৰ, এখন চহৰ অনেক কাহিনী. তেজপুৰ মহোৎসৱ উদ্‌যাপন কমিটি ২০০৪. পৃ. ২,৩

সম্পৰ্কিত শ্ৰেণী

অসমৰ ইতিহাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শোণিতপুৰ ৰাজ্য” প্ৰবন্ধৰ সংশোধন ২৩০৭৯৮ (২৩ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।