বান্ধ হৈছে প্ৰাকৃতিক ভাবে প্ৰবাহিত পানী বা ভূগৰ্ভস্থ জলপ্ৰবাহবন্ধ বা সীমিত কৰা একপ্ৰকাৰৰ কৃত্ৰিম বাধা। বান্ধৰ ফলত কৃত্ৰিম জলাধাৰৰ সৃষ্টি হয়। বান্ধৰ দ্বাৰা সৃষ্টি হোৱা জলাধাৰবোৰে বানপানী ৰোধ কৰাৰ লগতে জলসিঞ্চন, মানুহৰ দৈনন্দিন ব্যৱহাৰ, ঔদ্যোগিক ব্যৱহাৰ, মীনপালন, জলঅৰ্থনীতি আৰু যাতায়তৰ বাবে পানী প্ৰদান কৰে। প্ৰায়ে বান্ধৰ সৈতে শক্তিগৃহ স্থাপন কৰি জলবিদ্যুৎ উৎপাদন কৰা হয়। অসমত অৱস্থিত বান্ধ আৰু জলাধাৰসমূহৰ তালিকা তলত উল্লেখ কৰা হ'ল:১
| নদী | বান্ধ | উচ্চতা | দৈৰ্ঘ্য | প্ৰকাৰ | সংৰক্ষণ ক্ষমতা | জলাধাৰৰ কালি | অৱস্থা |
|---|---|---|---|---|---|---|---|
| পাগলাদিয়া নদী | পাগলাদিয়া বান্ধ | 26.2 মিটাৰ | 230 মিটাৰ | ভূমি বান্ধ | নিৰ্মাণ চলি আছে | ||
| কপিলী নদী | খানদং বান্ধ | 66 মিটাৰ | 243 মিটাৰ | মাধ্যাকৰ্ষণ বান্ধ | সম্পূৰ্ণ২ | ||
| উমৰং নালাহ | উমৰং বান্ধ | 30 মিটাৰ | 143 মিটাৰ | মাধ্যাকৰ্ষণ বান্ধ | সম্পূৰ্ণ২ | ||
| সোৱণশিৰি নদী | নামনি সোৱণশিৰি বান্ধ | 130 মিটাৰ | 284 মিটাৰ | মাধ্যাকৰ্ষণ বান্ধ | 1.365 ঘন কিলোমিটাৰ | 33.5 বৰ্গ কি.মি. | নিৰ্মাণ চলি আছে |
| বৰপানী নদী | কাৰ্বি লাংপি বান্ধ | 35 মিটাৰ | 197 মিটাৰ | মাধ্যাকৰ্ষণ বান্ধ | সম্পূৰ্ণ২ |
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ বান্ধ আৰু জলাধাৰসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৩৭৯৮০৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।