বগামাটি ভাৰত-ভূটান সীমান্তৰ সমীপত বাক্সা জিলাত উত্তৰ দিশত অৱস্থিত। ঘন অৰণ্যৰে আবৃত এই ঠাইডোখৰ ভ্ৰমণকাৰী আৰু স্থানীয়লোকৰ বাবে এক বিখ্যাত পৰ্যটকস্থলী লৈ পৰিণত হৈছে। বৰনদী মুখত অৱস্থিত বগামাটি ঠাইখন বৰ ধুনীয়া। ভূটান পাহাৰৰ মনোমোহা দৃশ্যই এই ঠাইলৈ মানুহক আকৰ্ষণ কৰে। এইখনৰ নিচেই কাষত সমগ্ৰ অসমৰ এক গুৰুত্বপূৰ্ণ তথা অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী মানস ৰাষ্ট্ৰীয় উদ্যান আছে। ইয়াত বিভিন্ন প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ প্ৰচুৰ পৰিমাণে আছে। চৰাই পৰ্যবেক্ষকৰ বাবেও ই এক স্বৰ্গ আৰু শীতকালত বহুতো পৰিভ্ৰমী চৰাই এই ঠাইলৈ আহে। ইয়াত বাঘ, নাহৰফুটুকী, হাতী, বাইছন, লেংগুৰ আদিও দেখা পোৱা যায়।১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বগামাটি” প্ৰবন্ধৰ সংশোধন ৫৬৪১৬৬ (১৫ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।