ভূগোলৰ মতে '''মৰুদ্যান হৈছে মৰুভূমি বা অৰ্ধ-মৰুভূমিৰ পৰিৱেশত থকা এক উৰ্ব্বৰ এলেকা (প্ৰায়ে খেজুৰৰ দৰে উদ্ভিদ গজে)।১ মৰুদ্যানে জন্তু আৰু উদ্ভিদক বাসস্থানো প্ৰদান কৰে। মৰুভূমিত বতাহৰ অবনমন (Deflation) কাৰ্যৰ ফলত মৰুপৃষ্ঠৰ একো-একোটা অংশৰ উচ্চতা কমি ভূ-গৰ্ভস্থ (Groundwater) জলৰাশিৰ সংস্পৰ্শত আহি তেনে অবনমিত অংশত পানী জমা হয়। কালক্ৰমত তেনে পানী জমা হোৱা অবনমিত অংশৰ চাৰিওকাষে সেউজ আৱৰণৰ সৃষ্টি হয়। মৰুভূমিৰ এনে পানী থকা সেউজ আৱৰণযুক্ত অৱনমিত অংশকে মৰুদ্যান বোলা হয়।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰূদ্যান” প্ৰবন্ধৰ সংশোধন ৫২৭৪০০ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।