অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বৰকলীয়া নস্কৰা

বৰকলীয়া নস্কৰা (Borokalia Nashkara) গাওঁখন ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা মহুকুমাৰ অন্তৰ্গত এখন ৰাজহ গাঁও। এই গাঁওখনৰ লগত আৰু বহু কেইখন সৰু-সুৰা গাঁও জড়িত হৈ আছে। ই প্ৰায় ১০খন সৰু গাঁৱৰে গঠিত এখন ৰাজহ গাওঁ। ই নস্কৰা গাঁও পঞ্চায়তক সামৰি লয়।

হালনাগাদ: ৬ মে’ ২০২৬ ৬০৮ শব্দ · ৩ মিনিট সংগৃহীত ৯১
সংশোধনৰ পৰামৰ্শ

বৰকলীয়া নস্কৰা (Borokalia Nashkara) গাওঁখন ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা মহুকুমাৰ অন্তৰ্গত এখন ৰাজহ গাঁও। এই গাঁওখনৰ লগত আৰু বহু কেইখন সৰু-সুৰা গাঁও জড়িত হৈ আছে। ই প্ৰায় ১০খন সৰু গাঁৱৰে গঠিত এখন ৰাজহ গাওঁ। ই নস্কৰা গাঁও পঞ্চায়তক সামৰি লয়।১ নস্কৰা গাঁৱৰ পৰা ৰাজ্যখনৰ ৰাজধানী দিছপুৰৰ দূৰত্ব প্ৰায় ১৭৭ কিলোমিটাৰ।২ নস্কৰাৰ পৰা বেলেগ ওচৰৰ ৰাজ্যৰ ৰাজধানী লক্ষ্ণৌ আৰু ইয়াৰ দূৰত্ব ২৪৫.৫ কিলোমিটাৰ। অন্যান্য সমৃদ্ধ ৰাষ্ট্ৰৰ ৰাজধানীবোৰ হ'ল শ্বিলং ১৮৪.৬ কিলোমিটাৰ, গেংটক ২১৩.৭ কিলোমিটাৰ, আগৰতলা ২৬১.৯ কিলোমিটাৰ। ৩

নামৰ উৎপত্তি

এই গাঁওখনৰ নাম বৰকলীয়া নস্কৰা কেনেকৈ হ’ল সেই বিষয়ত কোনো ধৰণৰ সঠিক ইতিহাস বা প্ৰমাণ পোৱা নাযায়। কিন্তু এটা জনশ্ৰুতি মতে পুৰণিকালত এই অঞ্চলটোত “নস্কৰ” নামৰ এজন ৰাভাই বাস কৰিছিল। আৰু সেই ৰাভাৰজনৰ নাম অনুসৰি গাওঁ খনৰ নাম নস্কৰা হয়। আন এটা জনশ্ৰুতি মতে আছে যে, পুৰণিকালত এই গাওঁখনত খেজুৰ “ৰস” অধিক উৎপন্ন হৈছিল। আৰু বয়সিয়াল মানুহবোৰে “ৰস”ক “নস” বুলিও কৈছিল। গতিকে এই ঠাইত ৰস বা নস উৎপন্ন কৰা হৈছিল বুলি “কৰ” (অৰ্থাৎ ৰস তৈয়াৰ কৰা ঠাই) ধাতু যোগ দি পেলাই নস্কৰা হৈছে বুলি কোৱা হয়।

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি বৰ কলীয়া নস্কৰা গাঁৱৰ জনসংখ্যা ৮২৭৩জন আৰু ইয়াৰ মাজত পুৰুষ ৪১৮০ গৰাকী আৰু মহিলা ৪০৯৩ গৰাকী। মুঠ ১৬৬৩টা পৰিয়াল বসবাস কৰে।

বৰকলীয়া নস্কৰা গাঁৱত ০-৬ বছৰ বয়সৰ শিশুৰ জনসংখ্যা ২০১২ যি গাঁৱৰ মুঠ জনসংখ্যাৰ ২৪.৩২ %। বৰকলীয়া নস্কৰা গাঁৱৰ গড় লিংগ অনুপাত ৯৭৯ যি অসমৰ গড় ৯৫৮তকৈ বেছি। বৰকলীয়া নস্কৰাৰ বাবে শিশু লিংগ অনুপাত লোকপিয়ল অনুসৰি ১০১৮, অসমৰ গড় ৯৬২তকৈ অধিক।

অসমৰ তুলনাত বৰকালীয়া নস্কৰা গাঁৱৰ সাক্ষৰতাৰ হাৰ কম। ২০১১ চনত বৰকলীয়া নস্কৰা গাঁৱৰ সাক্ষৰতাৰ হাৰ আছিল ৫৩.৭০ %, অসমৰ ৭২.১৯ %। বৰকলীয়াত নস্কৰাত পুৰুষৰ সাক্ষৰতা ৫৭.৭১ % হোৱাৰ বিপৰীতে মহিলাৰ সাক্ষৰতাৰ হাৰ আছিল ৪৯.৫৫ %।৪৫

নস্কৰা ৰাজহ গাঁৱৰ অন্তৰ্গত গাঁওসমূহ

বৰকলীয়া নস্কৰা গাঁৱৰ ধান খেতি।
বৰকলীয়া নস্কৰা গাঁৱৰ ধান খেতি।ছবি: Yuvomilan Dev Society · CC BY-SA 4.0
  • কুচবাৰী
  • ধাপান পাৰা
  • বড় নস্কৰা
  • ছট নস্কৰা
  • নস্কৰা বিলপাৰা
  • চিনাবাৰী
  • ৰাধুৰাম চালা
  • শেৰশো ভাঙাৰ পাৰ
  • শিমূলচালা
  • আমচালা৬

নস্কৰাৰ ওচৰতে থকা গাঁওসমূহ আৰু দূৰত্ব

বৰকলীয়া নস্কৰা গাঁৱৰ ঘেঁহু খেতি।
বৰকলীয়া নস্কৰা গাঁৱৰ ঘেঁহু খেতি।ছবি: Yuvomilan Dev Society · CC BY-SA 4.0
  • বাউশকাটা ৭.৭ কিলোমিটাৰ,
  • বালাডোবা ৬.৯ কিলোমিটাৰ,
  • ৰাৱাতাৰী ৬.৬ কিলোমিটাৰ,
  • হামিদাবাদ ৫.৪ কিলোমিটাৰ,
  • টুমনী ১১.০ কিলোমিটাৰ,
  • ফকিৰগঞ্জ ৫.৪ কিলোমিটাৰ,
  • পটাকাটা ১৩.৮ কিলোমিটাৰ,
  • আইৰকাটা ৪.০ কিলোমিটাৰ।৬৭

ৰাজহুৱা ভাষা

নস্কৰাৰ আদি ভাষা হ'ল অসমীয়া, বাংলা। যদিও গাওঁখনৰ ৰাজহুৱা ভাষা অসমীয়া কিন্তু ঘৰত বা গাঁৱৰ মানুহৰ লগত বেছিভাগ মানুহে বাংলা ভাষা ব্যৱহাৰ কৰে। কোনো ৰাজহুৱা অনুষ্ঠান নাইবা চৰকাৰী কাৰ্য্যলয়ত কেৱল অসমীয়া ভাষা ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও স্কুল কলেজ আদিতো অসমীয়া ভাষা কোৱাটো বাধ্যতা কৰা হৈছে। নস্কৰা গাঁৱৰ মানুহে অসমৰ আন আন ঠাইলৈ গ'লে যোগাযোগৰ বাবে অসমীয়া ভাষাক ব্যৱহাৰ কৰে।৮

বিশেষ

নস্কৰা গাঁওখন ইউটিচি ৫.৩০ সময় অঞ্চলত অৱস্থিত আৰু এইটো ভাৰতীয় মান সময় (IST) অনুসৰণ কৰি। নস্কৰা বেলি উঠাৰ সময়টো আইএচটি-ৰ পৰা -৩০ মিনিটৰ মাজত পৰিবৰ্তিত হয়। নস্কৰাত যানবাহন চলোৱাৰ দিশ বাওঁকাষ, গাড়ী চলোৱাৰ সময়ত সকলো যানবাহনক বাওঁফালে দি যাব লগা হয়। নস্কৰাৰ মানুহৰ ৰাষ্ট্ৰীয় মুদ্ৰা ব্যৱহাৰ কৰিছে যিটো ভাৰতীয় ৰুপি আৰু ইয়াৰ ইণ্টাৰনেচনাল মুদ্ৰা কোডটো INR।২ বিদেশৰ পৰা ভাৰতীয় দেশৰ ডাইলিং কোড +৯১ যুক্ত কৰি নস্কৰাৰ ফোন আৰু মোবাইলবোৰ লাভ কৰিব পৰা যায়। নস্কৰাৰ মানুহে দৈনিন্দন জীৱনত দিন/মাহ/বছৰ তাৰিখৰ ফৰ্মেটটো অনুসৰণ কৰে। ৭

প্ৰধান জীৱিকা

বৰ কলীয়া নস্কৰাৰ মানুহে বয়ন শিল্পত কাম কৰি আছে।
বৰ কলীয়া নস্কৰাৰ মানুহে বয়ন শিল্পত কাম কৰি আছে।ছবি: Yuvomilan Dev Society · CC BY-SA 4.0

এই গাঁওখনৰ বেছিভাগ মানুহে কৃষি কৰি জীৱিকা নিৰ্বাহ কৰি আছে। কিছু সংখ্যাক মানুহে চৰকাৰী চাকৰি কৰে। যদিও গাঁওখনৰ প্ৰধান জীৱিকা কৃষি কিন্তু পৰ্যাপ্ত পৰিমাণত ভূমি নথকা ফলত গাঁৱৰ মানুহে বেলেগ উপায় বাছি লৈছে। যেনেঃ কিছুমানে দোকান-পোহাৰ কৰে। কিছুমান মাছ মাৰি, কিছুমানে, গুৱাহাটী নাইবা বেলেগ ৰাজ্যলৈ গৈ হাজিৰা নাইবা ব্যক্তিগত খণ্ড কোম্পানিত চাকৰী কৰে। কিছুমানে আকৌ বে-চৰকাৰী বিদ্যালয় প্ৰতিষ্ঠা কৰি টকা অৰ্জন কৰিছে। কিছুমানে অসমৰ বয়ন শিল্প (তাঁতশাল)ত কাম কৰে। তাঁতশালত কাপোৰ বৈ সেই কাপোৰবোৰ মেঘালয়, হাটশিঙিমাৰি, মানকাচৰ ইত্যাদি ঠাইলৈ নি বিক্ৰী কৰে।

খেতিত উৎপাদন কৰা শস্য

ধান, মৰাপাট, ঘেঁহু, সঁৰিয়হ, তিচি, মটৰ, বুট, কুঁহিয়াৰ, জলকীয়া, আলু (পাচলি), ভেণ্ডি, কেৰেলা, জাতি লাউ, ৰঙালাউ, বিলাহী, বেঙেনা, বন্ধাকবি, ফুলকবি, ওলকবি, মূলা, গাজৰ, পিঁয়াজ, নহৰু ইত্যাদি।

যাতায়াত

নস্কৰা গাঁৱৰ প্ৰায়বোৰ বাট বা ৰাস্তা কেঁচা। যদিও কিছুমান ৰাস্তা পকা দেখিবলৈ পোৱা যায় কিন্তু সেইবোৰৰ বৰ বেয়া অৱস্থা।

ৰেল ষ্টেচন

নস্কৰাৰ ওচৰৰ ৰেল ষ্টেচনটো ধুবুৰী যিটো প্ৰায় ১৩.৯ কিলোমিটাৰ দূৰত অৱস্থিত (যিটো জলপথেৰে যাব লগা হয়)। নিম্নলিখিত তালিকাটো অন্যান্য ৰেল ষ্টেচন আৰু মামাকুডিৰ পৰা তাৰ দূৰত্ব দেখুৱা হ’ল।

ধুবুৰী ৰেল ষ্টেচন১৩.৯ কিমি
গোলগঞ্জ ৰেল ষ্টেচন৩০.৯ কিমি
গৌৰীপুৰ ৰেল ষ্টেচন২০.৯ কিমি

বিমান বন্দৰ

ৰুপসীৰ ওচৰৰ বিমানবন্দৰ যিটো নস্কৰা গাঁৱৰ পৰা ২৮.৯ কি.মি. দূৰত। এইটো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। মূলতঃ সামৰিক উদ্দেশ্যত। ১৯৮৩ চন লৈকে, ইণ্ডিয়ান এয়াৰলাইনচ আৰু কিছুমান ব্যক্তিগত বাণিজ্যিক বিমান কলকাতা, গুৱাহাটী আৰু ধুবুৰী মাজত নিয়মিত চলিছিল। তাৰ পিছত প্ৰায় ৩৬ বছৰলৈকে সম্পূৰ্ণ ৰূপে বন্ধ আছিল এই বন্দৰখন। আকৌ প্ৰায় ৩৬ বছৰ পিছত এই ৰুপসী বিমানবন্দৰখন পুনৰ মেৰামতিৰ বাবে জিঅআই দ্বাৰা কাম আৰম্ভ হৈছিল আৰু ২০২১ চনৰ পৰা পুনৰ সেৱা অৰম্ভ হয়।৯

নগৰ

বৰ কলীয়া নস্কৰা গাঁৱৰ ওচৰৰ নগৰ/গুৰুত্বপূৰ্ণ স্থানটো ১৪.১ কিলোমিটাৰ দূৰত থকা ধুবুৰী জিলা। নস্কৰাৰ চাৰিওফালে থকা নগৰবোৰ নিম্নলিখিত ধৰণৰ।

ধুবুৰী১৪.১ কিমি
গৌৰীপুৰ২০.৯ কিমি
বিলাসীপাৰা৩৭.৩ কিমি
লক্ষিপুৰঅ. ৩০ কিমি

শিক্ষানুষ্ঠান

বৰ কলীয়া নস্কৰা ভালেমান চৰকাৰী তথা বে-চৰকাৰী শিক্ষানুষ্ঠান আছে। যিবোৰে এই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ়িবলৈ যথেষ্ট ভূমিকা পালন কৰি আহিছে।১০

চৰকাৰী বিদ্যালয়

  • দক্ষিণ নস্কৰা বিলপাৰা এলপি স্কুল
  • শান্তিপুৰ বৰৈবাৰী গাৰ্ল্চ এমই মাদ্ৰাছা
  • পশ্চিম শিমূলচালা এলপি স্কুল
  • ১৭৪ নং আমচলা এল পি স্কুল
  • বৰকলীয়া নস্কৰা হাই স্কুল
২১৬৩ নং একে মণ্ডল মেমোৰিয়াল এলপি স্কুল।
২১৬৩ নং একে মণ্ডল মেমোৰিয়াল এলপি স্কুল।ছবি: হানিফ আলী · CC BY-SA 4.0

২১৬৩ নং একে মণ্ডল মেমোৰিয়াল এলপি স্কুল

  • আবু বক্কাৰ বেপাৰী মেমোৰিয়াল এল পি স্কুল
  • জ্যোতি হাই মাদ্ৰাছা
  • শেৰশো ভাঙাৰ পাৰ গাৰ্ল্চ স্কুল
  • জে ইউ আহমেদ মেমোৰিয়াল এল পি স্কুল
  • চিনাবাৰী এল পি স্কুল
  • নস্কৰা নয়াপাৰা এল পি স্কুল
  • ১১৮৫ নং নস্কৰা এল পি স্কুল
  • শিমূল চালা এল পি স্কুল
  • চান্দিপাৰা এল পি স্কুল
  • ৰাধুৰাম চাৰিআলি প্ৰি-ছেনিওৰ মাদ্ৰাছা
  • বি এন বিলপাৰা এল পি স্কুল
  • বৰকলীয়া নস্কৰা নৱমিলন এম ই স্কুল
  • খেদাইমাৰি চৰ এল পি স্কুল
  • ২৬৭ নং বৰ কলীয়াৰপাৰ এল পি স্কুল
  • মিৰ বক্স খাঁন মেমোৰিয়াল এল পি স্কুল
  • ৰাধুৰাম চালা এল পি স্কুল
  • নস্কৰা এম ই স্কুল
  • চান্দিপাৰা এম ই মাদ্ৰাছা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়

তথ্যসূত্ৰ

  1. ↑ Nashkara Area
  2. ↑ About: Borokalia Nashkara. dbpedia.org/
  3. ↑ BOROKALIA NASHKARA Village NASKARA Panchayat. brandbharat
  4. ↑ জনসংখ্যা ২০১১
  5. ↑ Borokalia Nashkara Population. indiagrowing
  6. ↑ দক্ষিণ শালমাৰা মহকুমা গাঁৱৰ তালিকা
  7. ↑ Nearby Villages of Borokalia Nashkara. INDIAN VILLAGE DIRECTORY
  8. ↑ Nashkara in Wikiedit
  9. ↑ https://www.livemint.com/news/india/good-news-flights-to-kolkata-guwahati-from-rupsi-airport-extended-to-6-days-11645198886528.html. livemint
  10. ↑ List of Schools in Nashkara Cluster (Dhubri)

সম্পৰ্কিত শ্ৰেণী

অসমৰ গাঁওধুবুৰী জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰকলীয়া নস্কৰা” প্ৰবন্ধৰ সংশোধন ৬০৪৮৫৩ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।