অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

শ্বিলং বিমানবন্দৰ

শ্বিলং বিমানবন্দৰ হৈছে ভাৰতৰ শ্বিলং, মেঘালয়ৰ উমৰৈ নামৰ ঠাইত অৱস্থিত এটা বিমানবন্দৰ। যি শ্বিলঙৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত অৱস্থিত।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ২২৩ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

শ্বিলং বিমানবন্দৰ হৈছে ভাৰতৰ শ্বিলং, মেঘালয়ৰ উমৰৈ নামৰ ঠাইত অৱস্থিত এটা বিমানবন্দৰ। যি শ্বিলঙৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত অৱস্থিত।

ইতিহাস

বিমানবন্দৰটো ১৯৬০-ৰ দশকৰ মাজভাগত নিৰ্মাণ কৰা হৈছিল আৰু ১৯৭০-ৰ দশকৰ মাজভাগত কাৰ্যক্ষম হৈছিল। ২০০৯ চনত বিমানবন্দৰৰ সম্প্ৰসাৰণৰ বাবে ২২৪.১৬ একৰ মাটি অধিগ্ৰহণ কৰা হৈছিল। কামটো ২০০৯ চনৰ জুনমাহত আৰম্ভ হৈছিল আৰু ২০১০ চনৰ মে মাহত সম্পূৰ্ণ হৈছিল।১ নতুুুন টাৰ্মিনাল বিল্ডিংটো নিৰ্মাণ কৰোঁতে ₹৩০ কোটি খৰচ গৈছিল। আৰু এয়া ২০১১ চনৰ জুুুন মাহত সম্পূৰ্ণ হৈছিল।২

2015 চনত, ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষক বিমানবন্দৰৰ অধিক সম্প্ৰসাৰণৰ বাবে ভূমি আৱণ্টন কৰা হৈছিল।৩ 2017 চনত, এ.এ.আই.-য়ে শ্বিলঙত আন্তঃগাঁথনি উন্নীত কৰে, এটা ইনষ্ট্ৰুমেণ্ট লেণ্ডিং চিষ্টেম (আই.এল.এছ.) স্থাপন, দুটা ইন্ধন ভৰ্তি সুবিধা নিৰ্মাণ, ৰানৱে সম্প্ৰসাৰণ আৰু উৰণ-পথৰ বাধা আঁতৰ কৰে।৪ বিমানবন্দৰটোৱে জুন ২০১৯ ত ভাৰতীয় ডিজিচিএৰ পৰা ইয়াৰ শ্ৰেণী ৩চি অনুজ্ঞাপত্ৰ লাভ কৰিছিল, যাৰ ফলত কিউ৪০০/এটিআৰ ৭২ বিমানৰ পৰিচালনাৰ অনুমতি দিয়া হৈছিল।৫ ইণ্ডিগ'ই ২০ জুলাই ২০১৯ তাৰিখে শ্বিলঙৰ পৰা কলিকতা বিমানবন্দৰৰ পৰা দৈনিক বিমানেৰে উড়ান আঁচনিৰ অধীনত এটিআৰ-৭২ ব্যৱহাৰ কৰি কাম আৰম্ভ কৰিছিল।৬

বৰ্তমানৰ ৬,০০০ ফুটৰ ৰানৱেটো প্ৰায় ৮,০০০ ফুটলৈ সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰা হৈছিল যাতে বোয়িং ৭৩৭ আৰু এয়াৰবাছ এ৩২০ ৰ দৰে সংকীৰ্ণ বডী জেট বিমানপৰিচালনাৰ সুবিধা হয়।৭ অৱশ্যে, ইয়াৰ বাবে ৰানৱে সম্প্ৰসাৰিত হোৱাৰ পিছত বিমানৰ ওচৰলৈ অহাৰ পথত আহিব লগা হিললকৰ গোটবোৰ কাটিব লাগিব। এই বাধা আঁতৰোৱাৰ ব্যয় আছিল ₹৮,০০০ কোটি।৮ মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে সেই ব্যয়ত বিমানবন্দৰৰ সম্প্ৰসাৰণৰ সৈতে আগবাঢ়ি যোৱাটো কঠিন হ'ব।৯

বাহ্যিক সংযোগসমূহ

তথ্যসূত্ৰ

  1. ↑ Expansion of Air Connectivity in North-East. Pib.nic.in
  2. ↑ (22 June 2011). Shillong airport's new terminal to open on Saturday. The Economic Times
  3. ↑ (8 January 2015). Land handed over to AAI for Umroi Airport expansion work. The Shillong Times
  4. ↑ (16 September 2017). India's Shillong airport to be north eastern hub. Ch-aviation
  5. ↑ (18 June 2019). Umroi Airport gets nod to install advanced ILS. Shillong Times
  6. ↑ (20 July 2019). IndiGo service begins at Shillong. দ্য আছাম ট্ৰিবিউন
  7. ↑ (15 February 2011). Defence ministry refuses to give land for Shillong airport. Daily News & Analysis
  8. ↑ (3 July 2019). IGive list of hurdles that impede Boeing jet landing in Shillong: HC to DGCA. Business Standard
  9. ↑ (20 July 2019). IFinancial probs deter expansion of Shillong airport. The Northeast Today

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বিলং বিমানবন্দৰ” প্ৰবন্ধৰ সংশোধন ৩৮৫৮৯২ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।