অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মৃত সাগৰ

মৃত সাগৰ বা ডে'ড ছী পশ্চিম এছিয়াৰ ইজৰাইল আৰু জৰ্ডানৰ সীমান্ত অৱস্থিত লুণীয়া পানীৰ হ্ৰদ। পৃথিৱীৰ বিভিন্ন জাতিৰ মাজত ‘মৃত সাগৰ’ বিভিন্ন নামেৰে পৰিচিত। আৰবী ভাষাত ইয়াৰ নাম 'বাহায়াৰেট লুট' (Buhayrat Lut), হিব্ৰু ভাষাত 'য়াম হা-মেলাহ' (Yam Ha-Melah) আৰু ৰোমান ভাষাত ই 'লাকাছ এছফালিটেছ' (Lacus…

হালনাগাদ: ১৭ অক্টোবৰ ২০১৯ ২৪৬ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

মৃত সাগৰ বা ডে'ড ছী পশ্চিম এছিয়াৰ ইজৰাইল আৰু জৰ্ডানৰ সীমান্ত অৱস্থিত লুণীয়া পানীৰ হ্ৰদ। পৃথিৱীৰ বিভিন্ন জাতিৰ মাজত ‘মৃত সাগৰ’ বিভিন্ন নামেৰে পৰিচিত। আৰবী ভাষাত ইয়াৰ নাম 'বাহায়াৰেট লুট' (Buhayrat Lut), হিব্ৰু ভাষাত 'য়াম হা-মেলাহ' (Yam Ha-Melah) আৰু ৰোমান ভাষাত ই 'লাকাছ এছফালিটেছ' (Lacus Asphalites) নামে পৰিচিত। আন কোনো হ্ৰদৰে ইমানকেইটা বিচিত্ৰ নাম নাই।

পৃথিৱীৰ আটাইতকৈ নিম্নতম স্থান (Lowest Point) মৃত সাগৰ সাধাৰণ সমুদ্ৰ পৃষ্ঠৰ পৰা ৪০০ মিটাৰ (প্ৰায় ১,৩০০ ফুট) তলত অৱস্থিত। প্ৰায় ৭৪ কিলোমিটাৰ (৪৬ মাইল) দীঘল আৰু প্ৰায় ১৬ কিলোমিটাৰ (১০ মাইল) বহল এই হ্ৰদৰ কালি ১,০৪৯ বৰ্গ কিলোমিটাৰ (৪০৫ বৰ্গ মাইল)। হ্ৰদটোৰ গভীৰতা অঞ্চলভেদে সুকীয়া; সৰ্বনিম্ন ৯ মিটাৰ (৩০ ফুট) আৰু সৰ্ব্বোচ্চ গভীৰতা ৪০০ মিটাৰ (১৩০০ ফুট) মৃত সাগৰৰ পানী অতি লুণীয়া। সাগৰৰ পানীত সাধাৰণতে ৪-৬ শতাংশ লোণ থাকে। মৃত সাগৰৰ পানীত লোণৰ এই পৰিমাণ ২৩-২৫ শতাংশ। উত্তৰৰ জৰ্ডান নদী আহি মৃত সাগৰত পৰিছে। এই জলভাগ কোনো নদীৰ মাধ্যমেৰে নিষ্কাষিত হোৱাৰ ব্যৱস্থা নাই; কিন্তু ইয়াৰ বাস্পীভৱনৰ হাৰ বেছি, --- বছৰি প্ৰায় ১,৪০০ মিলিমিটাৰ (৫৫ ইন্সি)। ক্ৰমাগত বাষ্পীভৱনৰ ফলত ইয়াৰ পানীত লোণৰ পৰিমাণ অত্যাধিক। ইজৰাইল আৰু জৰ্ডানে খেতি পথাৰৰ বাবে ব্যাপক হাৰত জৰ্ডান নদীৰ পানী টানি নিয়াৰ ফলতো মৃত সাগৰত মিঠা পানীৰ (Fresh Water) অভাৱ ঘটিছে। ইয়াৰ পৰিণতিত হ্ৰদটোৰ পানী অত্যন্ত লৱণাক্ত আৰু পানীৰ ঘনত্বও অতি বেছি। সেইকাৰণে ইয়াত সাঁতুৰিবলৈ সহজ। ইয়াত মানুহে অনায়াসে ওপঙি থাকিব পাৰে। আনকি ইয়াৰ পানীত ওপৰমুৱাকৈ শুই বাতৰিকাকতো পঢ়িব পাৰি। মৃত সাগৰৰ পানী অত্যন্ত লৱণাক্ত হোৱা বাবে কিছুমান সৰল প্ৰাণীৰ বাহিৰে মাছ, কাছ একো ইয়াত জীয়াই থাকিব নোৱাৰে। সেয়ে ইয়াক মৃত সাগৰ বা মৃত সাগৰ বোলা হয়।

সম্পৰ্কিত শ্ৰেণী

হ্ৰদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৃত সাগৰ” প্ৰবন্ধৰ সংশোধন ২০৭২৩৮ (১৭ অক্টোবৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।