বৈৰাগীমঠ ডিব্ৰুগড়চহৰৰ উপকণ্ঠত অৱস্থিত। এক সুন্দৰ আৱাসিক এলেকা হোৱাৰ ওপৰিও ইয়াত বহুতো দোকান-পোহাৰ, বজাৰ, শিক্ষানুষ্ঠান, কাৰ্য্যালয়, হোটেল -ৰেষ্টুৰেন্ট, হোষ্টেল আৰু ধৰ্মানুষ্ঠান আছে। শিক্ষা আৰু সংস্কৃতিৰ থলী হিচাপে বৈৰাগীমঠ ডিব্ৰুগড়ৰ ভিতৰতে অন্যতম। ই ঘাইকৈ উচ্চ মানৰ শিক্ষানুষ্ঠানৰ বাবে অসম বিখ্যাত।
নামৰ উৎপত্তি
আহোমৰ ৰাজত্ব কালৰ পৰায়ে ঠাই খনৰ নাম বৈৰাগীমঠ হৈছিল। লোককথা মতে টাই-আহোম জনগোষ্ঠী ৰজা চুলিকফা বা চ্যু-লিক-ফা (১৬৭৯-১৬৮১) প্ৰচুৰ ক্ষমতা লোভী আছিল। নিজৰ সিংহাসন সুৰক্ষিত ৰাখিবলৈ তেওঁ আন কোঁৱৰ সকলক অংগক্ষত কৰিছিল। কাৰণ অংগক্ষত কোঁৱৰে ৰজা হব নোৱাৰে। সেয়ে তেওঁৰ ভায়েক এজনে আহোম ৰাজধানী গড়গাওঁৰ পৰা পলাই আহি বৰ্তমানৰ বৈৰাগীমঠত আশ্ৰয় লৈছিল। তেওঁ তাতে "বৈৰাগী" হিচাপে "মঠ" এটা সাজি থাকিবলৈ লৈছিল। কালক্ৰমত ঠাই খনৰ নাম বৈৰাগীমঠ হৈ পৰিল।
অৱস্থান
বৈৰাগীমঠ ডিব্ৰুগড় পূব ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত। বৈৰাগীমঠৰ মাজেৰে পাৰ হোৱা কনভয় ৰ'ডে ইয়াক দুখন বিধান সভা সমষ্টিত ভাগ কৰিছে: উত্তৰ ফালে ডিব্ৰুগড় ব্লকৰ অন্তৰ্ভুক্ত ডিব্ৰুগড় বিধান সভা সমষ্টি আৰু দক্ষিণে বৰবৰুৱাব্লক অন্তৰ্ভুক্ত লাহোৱাল বিধান সভা সমষ্টি। বৈৰাগীমঠৰ পশ্চিমাঞ্চল দক্ষিণ জালান নগৰ চাহবাগিচায়ে আৱৰি আছে।
ধৰ্ম
বৈৰাগীমঠত প্ৰায় সকলো ধৰ্মৰ লোক কম-বেছি পৰিমানে আছে। হিন্দু, ইছলাম, শিখ, জৈন, বৌদ্ধ, খ্ৰীষ্টান সকলোৱে নিজৰ ধৰ্ম-বিশ্বাস শান্তিৰে পালন কৰি আহিছে। ইয়াত বৈষ্ণৱ সকলৰ বাবে নামঘৰ, হিন্দু সকলৰ বাবে শিৱ মন্দিৰ আৰু ইছলাম সকলৰ বাবে মছজিদ আছে।
শিক্ষা
বৈৰাগীমঠ ইয়াৰ উচ্চ মানদণ্ডৰ শিক্ষানুষ্ঠানৰ বাবে অসম বিখ্যাত। ইয়াত প্ৰাথমিক স্তৰৰ পৰা উচ্চ স্তৰলৈ শিক্ষানুষ্ঠান আছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এখন আগশাৰীৰ কনিষ্ঠ মহাবিদ্যালয় ছল্ট ব্ৰুক একাডেমী ইয়াতেই অৱস্থিত।
বিদ্যালয়:
- কদমনি নিম্ন প্ৰাথমিক বিদ্যালয় (Kadamoni Lower Primary School.
- ডন বস্ক' স্কুল (Don Bosco School ).
- জ্যোতি বিদ্যাপীঠ (Jyoti Vidyapith).
- নিজ মানকতা মধ্য বুনিয়াদী বিদ্যালয় (Niz Mancotta Medium Elementary School).
- নিজ মানকতা উচ্চ মাধ্যমিক বিদ্যালয় (Niz Mancotta High School).
- অইল ভেলী স্কুল (Oil Valley School).
- ডউন স্কুল (Dawn School).
- ৰ'জ বাড কিন্দাৰগাৰ্ডেন স্কুল (Rose Bud Kindergarden School).
- অসম জাতীয় বিদ্যালয় (Asom Jatiya Vidyalay)
উচ্চতৰ মাধ্যমিক বিদ্যালয় / মহাবিদ্যালয়:
- ডন বস্ক' হাইয়াৰ চেকেণ্ডাৰী স্কুল (Don Bosco Higher Secondary School).
- ছল্ট ব্ৰুক একাডেমী (Salt Brook Academy).
- শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয় (Sri Sri Aniruddhadeva Junior College)
- ডিব্ৰু মহাবিদ্যালয় (Dibru College) .
- জ্ঞান বিজ্ঞান একাডেমী (Gyan Vigyan Academy) .
অন্যান্য
- ছেইন্ট ভিনচেঞ্চা জেৰ'ছা ইনষ্টিটিউট অৱ নাৰ্চিং (Saint Vincenza Gerosa Institute of Nursing).
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৈৰাগীমঠ” প্ৰবন্ধৰ সংশোধন ৩৯০২৭৫ (৪ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।