অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদ

বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদ ( Bodo Kachari Welfare Autonomous Council) বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’নৰ বাহিৰত বসবাস কৰা বড়ো জনগোষ্ঠীয় লোকৰ উন্নয়ন আৰু সুৰক্ষাৰ বাবে গঠন কৰা অসমৰ এক স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ। ইয়াৰ স্থাপনা হৈছে ২০২০ চনত।

হালনাগাদ: ২৫ জানুৱাৰী ২০২৪ ১৮১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদ ( Bodo Kachari Welfare Autonomous Council) বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’নৰ বাহিৰত বসবাস কৰা বড়ো জনগোষ্ঠীয় লোকৰ উন্নয়ন আৰু সুৰক্ষাৰ বাবে গঠন কৰা অসমৰ এক স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ। ইয়াৰ স্থাপনা হৈছে ২০২০ চনত।১

বিৱৰণ

বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়ো জনগোষ্ঠীয় লোকসকলৰ কল্যাণৰ বাবে এখন বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদৰ গঠনৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি অহা হৈছিল। এই সংক্ৰান্তত বিভিন্ন বড়ো সংগঠনে বিৰোধ প্ৰদৰ্শন কৰিছিল।২ সেই দাবীৰ প্ৰতি সহাৰি দি অসম বিধানসভাত ভৈয়াম জনজাতি আৰু পিছপৰা জাতি কল্যাণ মন্ত্ৰী চন্দন ব্ৰহ্মই বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদ বিল, ২০২০ দাখিল কৰে। এক চমু আলোচনাৰ পিচত বিলখন বিধানসভাত গৃহীত হয়।৩

প্ৰশাসন

পৰিষদত মুঠ ৪০জন সদস্য থাকিব। ইয়াৰে ৩৬জন প্ৰতক্ষ্য ভোটেৰে নিৰ্বাচিত কৰা হ’ব আৰু ৪জন সদস্য ৰাজ্য চৰকাৰে মনোনীত কৰিব। ৩৬খন নিৰ্বাচন আসনৰ ২৫খন অনুসূচীত জনজাতিসকলৰ বাবে আৰু ৬খন আসন পৰিষদীয় অঞ্চলত বসবাস কৰা যিকোনো সম্প্ৰদায়ৰে মহিলাৰ বাবে সংৰক্ষিত থাকিব। চৰকাৰে মনোনীত কৰা ৪জন সদস্য পৰিষদীয় অঞ্চলত বসবাস কৰা জনগোষ্ঠীৰ মাজৰ পৰা বাচনি কৰা হ’ব।৪

২০২১ চনৰ জানুৱাৰীত অসম চৰকাৰে ঘোষণা কৰে যে ২০২১ৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰা সম্ভৱ নহয় বাবে এখন অন্তৰ্ৱৰ্তীকালীন পৰিষদ গঠন কৰা হ’ব।৫

তথ্যসূত্ৰ

  1. ↑ (31 December 2020). Assam Assembly Passes Bill to Create Autonomous Council for Bodo-Kachari Community. The wire
  2. ↑ (7 October 2020). Bodo Kachari Autonomous Welfare Council outside 6th Schedule Area to come up soon: HBS. Sentinelassam
  3. ↑ Assam House Passes Bill to Create Autonomous Council for Bodo-Kachari Community. News18
  4. ↑ (29 December 2020). Bill to form Council for Bodo Kacharis placed; Bodo to be made an 'associate official language'. Sentinelassam
  5. ↑ (9 January 2021). Assam Government To Form Four Interim Councils Soon. Sentinelassam

সম্পৰ্কিত শ্ৰেণী

অসমৰ প্ৰশাসনঅসমৰ স্বায়ত্বশাসিত পৰিষদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদ” প্ৰবন্ধৰ সংশোধন ৪০৩৫১০ (২৫ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।