ভল্গা (Volga) (Во́лга) নদী ইউৰোপ মহাদেশৰ আটাইতকৈ দীঘল নদী। এই নদী ৰাছিয়াৰ পৰা কাস্পিয়ান সাগৰলৈ বৈ গৈছে। এই নদীক ৰাছিয়াৰ ৰাষ্ট্ৰীয় নদী বুলি গণ্য কৰা হয়। এই নদীয়ে ৰাছিয়াৰ সংস্কৃতিতো এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে আৰু ৰাছিয়াৰ সাহিত্য তথা লোকপ্ৰবাদত এই নদীক ”Волга-матушка Volga-Matushka” অৰ্থাৎ ভল্গা মাতৃ (Mother Volga) হিচাপে অভিহিত কৰা হয়।
ভল্গা নদী মস্কোৰ উত্তৰ-পশ্চিমে থকা ভালদাই পাহাৰ (Valdai Hills)-ত সাগৰ পৃষ্ঠৰ পৰা ২২৫ মিটাৰ উচ্চতাত উদ্ভৱ হৈছে। তাৰ পৰা পূবলৈ Lake Sterzh, Tver, Dubna, Rybinsk, Yaroslavl, Nizhny Novgorod আৰু Kazan ৰে ভল্গা বৈ গৈছে। তাৰপৰা আকৌ দক্ষিণলৈ Ulyanovsk, Tolyatti, Samara, Saratov আৰু Volgograd হৈ বৈ গৈ Astrakhanত সাগৰ পৃষ্ঠৰ পৰা ২৮ মিটাৰ তললৈ কাস্পিয়ান সাগৰত মিলিত হৈছে।
উপনৈ
ভল্গা নদীৰ ভালেমান উপনৈ আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে কামা (Kama River), উকা (Oka River), ভেটলুগা (Vetluga River) আৰু সুৰা (Sura River) নৈ। ভল্গা আৰু ইয়াৰ উপনৈসমূহে ভল্গা নদী প্ৰণালী (Volga river system) সৃষ্টি কৰিছে। এইসকলোবোৰে মুঠতে প্ৰায় ১৩,৮০,০০০ বৰ্গ কিলোমিটাৰ কালিৰে প্ৰবাহিত হৈ গৈছে। ভল্গা বদ্বীপ (Volga Delta)-ৰ দৈৰ্ঘ্য প্ৰায় ১৫০ কিলোমিটাৰ আৰু ইয়াত প্ৰায় ৫০০টা নলী আৰু নৈ-নিজৰা অন্তৰ্ভুক্ত।
ভূমিকা
ভল্গা নৈয়ে পশ্চিম ৰাছিয়াৰ বাবে মূল জলজ সম্পদৰ যোগান ধৰে। ইয়াৰ ওপৰত থকা বহুতো নদীবান্ধ জলবিদ্যুৎ আৰু জলসিঞ্চনৰ মূল উৎস। মস্কো কেনেল, ভল্গা ড’ন কেনেল আৰু ভল্গা-বেল্টিক জলপথ (Volga–Baltic Waterway)-এ মস্কোক হুৱাইট ছি, বাল্টিক সাগৰ, কাস্পিয়ান সাগৰ আৰু ব্লেক ছিৰে সংযোগ কৰিছে।
ভল্গাৰ উৰ্বৰা উপত্যকাত ঘেঁহুৰ পৰ্যাপ্ত পৰিমাণে খেতি কৰা হয়। তদুপৰি পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, নিমখ আৰু পটাছৰেও ই সমৃদ্ধিশালী। ভল্গা ডেল্টা আৰু কেস্পিয়ান সাগৰত মাছো প্ৰচুৰ পোৱা যায়।
ভল্গা নদীৰ ওপৰত থকা বান্ধ
ভল্গাৰ ওপৰত ভালেসংখ্যক জলবিদ্যুৎ প্ৰকল্প কাৰ্য্যক্ষম হৈ আছে। ইয়াৰ ভিতৰত প্ৰধান হ’ল-
- Volgograd Reservoir
- Saratov Reservoir
- Kuybyshev Reservoir-the largest in Europe by surface
- Cheboksary Reservoir
- Gorky Reservoir
- Rybinsk Reservoir
- Uglich Reservoir
- Ivankovo Reservoir
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভল্গা নদী” প্ৰবন্ধৰ সংশোধন ৪৩১৯৫১ (১৪ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।