বিহাৰ আৰু উৰিষ্যা (Bihar and Orissa) ব্ৰিটিছ ৰাজৰ এখন প্ৰদেশ আছিল, ১ য'ত বৰ্তমানৰ ভাৰতীয় ৰাজ্য বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশাৰ কিছু অংশ অন্তৰ্ভুক্ত হৈ আছিল। অষ্টদশ আৰু ঊনবিংশ শতিকাত ব্ৰিটিছে এই ভূখণ্ডসমূহ দখল কৰিছিল আৰু ব্ৰিটিছ ভাৰতৰ সৰ্ববৃহৎ প্ৰশাসনিক উপখণ্ড বেংগল প্ৰেচিডেঞ্চিৰ তেতিয়াৰ ভাৰতীয় অসামৰিক সেৱাৰ দ্বাৰা পৰিচালিত হৈছিল।
১৯১২ চনৰ ২২ মাৰ্চত বিহাৰ আৰু উৰিষ্যা দুয়োটা সংমণ্ডল বেংগল প্ৰেচিডেঞ্চিৰ পৰা “বিহাৰ আৰু উৰিষ্যা প্ৰদেশ” হিচাপে পৃথক কৰা হয়। ১৯৩৬ চনৰ ১ এপ্ৰিলত এই প্ৰদেশখন বিহাৰ আৰু উৰিষ্যা নামেৰে দুখন সুকীয়া প্ৰদেশত বিভক্ত কৰা হয়।
ইতিহাস
১৭৫৬ চনত বিহাৰ বংগ চুবাহৰ অংশ আছিল আৰু আনহাতে উৰিষ্যা মাৰাঠা কনফেডাৰেচনৰ অন্তৰ্গত নাগপুৰ ৰাজ্যৰ অংশ আছিল।
১৭৬৪ চনৰ ২২ অক্টোবৰত বক্সাৰ যুদ্ধৰ ফলত ১৭৬৫ চনৰ ১৬ আগষ্টত প্ৰয়াত আলমগীৰ দ্বিতীয়ৰ পুত্ৰ মোগল সম্ৰাট শ্বাহ আলম আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰবাৰ্ট লৰ্ড ক্লাইভৰ মাজত এলাহাবাদ সন্ধি স্বাক্ষৰিত হয়। ১ এই সন্ধিয়ে ৰাজনৈতিক আৰু সাংবিধানিক অংশীদাৰী আৰু ভাৰতত ব্ৰিটিছ শাসনৰ আৰম্ভণিক চিহ্নিত কৰিছিল। বুজাপৰাৰ চৰ্তসমূহৰ ভিত্তিত আলমে ইষ্ট ইণ্ডিয়া কোম্পানীক দিৱানী অধিকাৰ বা সম্ৰাটৰ হৈ পূব বংগ-বিহাৰ-উৰিষ্যা প্ৰদেশৰ পৰা কৰ সংগ্ৰহৰ অধিকাৰ প্ৰদান কৰিছিল। বংগ চুবাহক বিলোপ কৰি বিহাৰক অধিগ্ৰহণ কৰা হয়। আনহাতে ইংগ-মাৰাঠা যুদ্ধত মাৰাঠাসকলৰ পৰাজয়ৰ পিছত উৰিষ্যা ব্ৰিটিছে দখল কৰি লয়।
১৯১২ চনৰ ১ এপ্ৰিলত পাটনাক ৰাজধানী হিচাপে লৈ বিহাৰ আৰু উৰিষ্যা বংগৰ পৰা পৃথক কৰা হয়। ২ উৰিষ্যা ট্ৰিবিউটেৰী ষ্টেটছকে ধৰি কেইবাখনো দেশীয় ৰাজ্য প্ৰাদেশিক গৱৰ্ণৰৰ কৰ্তৃত্বত আছিল।
১৯৩৬ চনৰ ১ এপ্ৰিলত এই প্ৰদেশক বিহাৰ প্ৰদেশ (য'ত বৰ্তমানৰ বিহাৰ আৰু ঝাৰখণ্ড ৰাজ্য অন্তৰ্ভুক্ত আছিল) আৰু উৰিষ্যা প্ৰদেশত বিভক্ত কৰা হয় আৰু ওড়িয়া ভাষী দেশীয় ৰাজ্যসমূহক ইষ্টাৰ্ণ ষ্টেটছ্ এজেঞ্চিৰ কৰ্তৃত্বত ৰখা হয়।
লগতে চাওক
বাহ্যিক সংযোগ
- পৃ. 277
তথ্যসূত্ৰ
- ↑ পৃ. 654–655
- ↑ O'malley, L. S. S. (1924). Bihar And Orissa District Gazetteers Patna. Concept Publishing Company. ISBN 9788172681210
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিহাৰ আৰু উৰিষ্যা প্ৰদেশ” প্ৰবন্ধৰ সংশোধন ৫১০১৮৮ (১৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।