মাগুৰী মতাপুং বিল বা মাগুৰী বিল অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন বিল তথা আৰ্দ্ৰভূমি। ই ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই কাষত অৱস্থিত। এই বিলখন বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ প্ৰাকৃতিক আৱাসস্থলী আৰু স্থানীয় সম্প্ৰদায়সমূহৰ জীৱিকাৰ উৎস।১ মাগুৰী মতাপুং বিলক বোম্বে প্ৰাকৃতিক ইতিহাস ছচাইটিয়ে গুৰুত্বপূৰ্ণ পক্ষী এলেকা হিচাপে চিহ্নিত কৰিছে।
নামৰ উৎপত্তি
বিলখনৰ নামক লৈ কেইবাটাও মতবাদ প্ৰচলিত হৈ আছে। কিছুমানৰ মতে এসময়ত বিলখনত এটা নিমখৰ পুং আছিল। পুংটোৰ পৰা নিগৰিত হোৱা লুণীয়া পানীয়ে বিলখনৰ উদ্ভিদ আৰু প্ৰাণীকুলৰ বিস্তৰ ক্ষতিসাধন কৰিছিল বাবে স্থানীয় ৰাইজে মিলি পুঙটো বন্ধ কৰিবৰ বাবে পূজা-আৰ্চনা কৰি এটা মতা ম’হ বলি দিছিল। এই মতা ম’হৰ ‘মতা’ আৰু নিমখ পুঙৰ ‘পুং’ শব্দ দুটা লৈ মতাপুং নামটোৰ উৎপত্তি হৈছে বুলি কোৱা হয়। আন এক মত অনুসৰি এই বিলখনৰ গাত এখন বহল পথাৰ লাগি আছিল। এই পথাৰখনত আছিল অসংখ্য মাদুৰী বন আছিল। স্থানীয় ৰাইজে সেয়েহে এই পথাৰখনক বুলিছিল মাদুৰী পথাৰ। পিছে নৈপৰীয়া হোৱা বাবে প্ৰতি বছৰ বাৰিষাৰ বানে পথাৰখন বুৰাই পেলাইছিল। লাহে লাহে পথাৰখনত খেতি কৰিব নোৱাৰা হ’ল। যাৰ বাবে স্থানীয় ৰাইজে পথাৰখনক মাদুৰী পথাৰ ৰ সলনি মাদুৰী বিল হিচাপে নামকৰণ কৰিলে। কালক্ৰমত এই মাদুৰী বিলেই মাগুৰী বিল হিচাপে পৰিচিত হ’ল।২ কিছুমানৰ মতে আকৌ মাগুৰ মাছ বেছিকৈ পোৱা বাবে বিল খনৰ নাম মাগুৰী হোৱা বুলি কব খোজে।
অৱস্থান
মাগুৰী মতাপুং বিল তিনিচুকীয়া চহৰৰ পৰা প্ৰায় ৯ কিঃমিঃ দূৰত আৰু ডিব্ৰুগড় বিমানবন্দৰৰ পৰা ৫০ কিলোমিটাৰ দূৰত অৱস্থিত। এই বিলখন গুইজান ফেৰী ঘাটৰ পৰা ৩.৮ কিঃমিঃ দূৰত অৱস্থিত। বিলখন ডিব্ৰু নদীৰ দক্ষিণ পাৰত অৱস্থিত। ই ডিব্ৰু নদীক এটা সৰু খালৰ মাজেৰে সংযোগ কৰে আৰু শেষত ব্ৰহ্মপুত্ৰ নদত পৰে।৩ ৪
জৈৱ-বৈচিত্ৰ্য
মাগুৰী বিলত যথেষ্ট সংখ্যক স্থানীয় আৰু পৰিভ্ৰমী পক্ষী দেখিবলৈ পোৱা যায়। ই ২৮৫ বিধৰো অধিক প্ৰজাতিৰ দেশী-বিদেশী পক্ষীৰ বিচৰণস্থলী। বছৰটোৰ অক্টোবৰৰ পৰা মাৰ্চ মাহলৈ ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীবোৰৰ ইয়ালৈ আগমণ ঘটে। ইয়াৰে আঠটা আই ইউ চি এন ৰঙা তালিকাৰ বিপদাপন্ন প্ৰজাতিৰ চৰাই যেনে: কাকলি হাঁহ আৰু দেওহাঁহ। বিলখনত বিভিন্ন প্ৰজাতিৰ আলংকৰিক মাছৰ লগতে প্ৰায় ৬টা প্ৰজাতিৰ কাছ, কেইবাপ্ৰকাৰৰ সাপ, অন্য সৰীসৃপ, শিহু, উভচৰ প্ৰাণী, কীট-পতংগ আদি দেখিবলৈ পোৱা যায়। ইয়াৰোপৰি বিলখনৰ জলভাগত পানীমেটেকা, ভেট, পদুম, সৰুপুনি, বৰপুনি, আজানা আদি আৰু দাঁতি-কাষৰীয়া অঞ্চলবোৰত বিভিন্ন ধৰণৰ ঘাঁহ-বন, নল-খাগৰি, বৰতাৰ, ইকৰা ইত্যাদি জলজ উদ্ভিদ দেখা যায়।২
পৰ্যটন
পৰ্যটকসকলৰ পক্ষী নিৰিক্ষণৰ সুবিধাৰ্থে বিলখনৰ ওচৰে পাজৰে কেইবাটাও পৰ্যটন কুটীৰ গঢ় লৈ উঠিছে। ইয়াৰে কেইটামান হৈছে- কঁহুৱা ইক’-কেম্প, বনজুৰী কেম্প, মাগুৰী বাৰ্ডিং কেম্প, বনশ্ৰী ইক’-কেম্প, ৱেভ ইক’-টুৰিজম, গ্ৰীণ-বাড টুৰিষ্ট ল’জ আদি। এই কুটীৰ সমূহে পৰ্যটকসকলক খাদ্য, নিৱাস, যাতায়ত পৰিবহণ আদিয়ো উপলব্ধ কৰায়।২
প্ৰদূষণ
অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ বাঘজান তৈলখাদৰ পৰা মধুবনলৈ যোৱা তৈল পৰিবাহী পাইপলাইনৰপৰা তেল নিৰ্গত হৈ মাগুৰী বিল প্ৰদূষিত হৈছে।৫ ২০২০ চনৰ বাঘজানৰ অগ্নিকাণ্ডতো এই বিলখনৰ বিস্তৰ ক্ষতি সাধন হয়।৬
তথ্যসূত্ৰ
- ↑ Maguri Motapung: an asset lost to flames. Wetlands International
- ↑ মতাপুং মাগুৰী বিল: প্ৰীতিৰেখা গোঁহাই. monikut.com
- ↑ Maguri Beel. তেজপুৰ বিশ্ববিদ্যালয় website
- ↑ Avians attract tourists to beel. The Telegraph
- ↑ মাগুৰী-মতাপুং বিলত খাৰুৱা তেলৰ প্ৰদূষণ বন্ধৰ দাবীত জিলা উপায়ুক্তলৈ স্মাৰকপত্ৰ. assam.nenow.in
- ↑ প্ৰদূষিত হৈয়েই আছে মাগুৰী মটাপুং বিল. janambhumi.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাগুৰী মতাপুং বিল” প্ৰবন্ধৰ সংশোধন ৪৪৭৬২০ (২৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।