অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

স্বৰাজ ভৱন, এলাহাবাদ

স্বৰাজ ভৱন হ'ল এলাহাবাদত অৱস্থিত এটা ঐতিহাসিক ভৱন তথা সংগ্ৰহালয়। ইয়াৰ প্ৰকৃত নাম আনন্দ ভৱন আছিল। জৱাহৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰুৱে এই ঐতিহাসিক ভৱন নিৰ্মাণ কৰিছিল। ১৯৩০ চনত মতিলাল নেহৰুৱে এই ভৱনটো দেশৰ নামত সমৰ্পণ কৰি দিছিল। পাছলৈ ইয়াত কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয় বনোৱা হয়।

হালনাগাদ: ১৮ ফেব্ৰুৱাৰী ২০২৫ ২৮৩ শব্দ · ২ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

স্বৰাজ ভৱন হ'ল প্ৰয়াগৰাজত অৱস্থিত এটা ঐতিহাসিক ভৱন তথা সংগ্ৰহালয়। ইয়াৰ প্ৰকৃত নাম আনন্দ ভৱন আছিল। জৱাহৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰুৱে এই ঐতিহাসিক ভৱন নিৰ্মাণ কৰিছিল।

১৯৩০ চনত মতিলাল নেহৰুৱে এই ভৱনটো দেশৰ নামত সমৰ্পণ কৰি দিছিল। পাছলৈ ইয়াত কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয় বনোৱা হয়। ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্ম এই ভৱনতেই হৈছিল। বৰ্তমান এই ভৱনটোক এটা সংগ্ৰাহলয়ৰ ৰূপ দিয়া হৈছে।

পৰিচয়

১৮৯৯ চনত মতিলাল নেহৰুৱে চাৰ্চ লেন নামৰ প্ৰতিৱেশী অঞ্চলত অৱস্থিত এটা ভৱন ক্ৰয় কৰে। যেতিয়া এই ভৱনলৈ নেহৰু পৰিয়াল থাকিবলৈ আহে তেতিয়া ইয়াৰ নাম আনন্দ ভৱন ৰখা হৈছিল। পাছলৈ ভৱনটো ভাৰতীয় জাতীয় কংগ্ৰেছক অৰ্পণ কৰা হয়। ১৯৩১ চনত মতিলাল নেহৰুৰ পুত্ৰ জৱাহৰলাল নেহৰুৱে এটা ন্যাস বনাই স্বৰাজ ভৱনক ভাৰতীয় জনতাৰ জ্ঞানৰ বিকাশ, স্বাস্থ্য তথা সামাজিক আৰ্থিক উত্থানৰ বাবে সমৰ্পণ কৰি দিয়ে। এই ভৱনৰ একাংশত এখন হাস্পতাল আছে যি বৰ্তমান কমলা নেহৰুৰ নামেৰে পৰিচিত। ১৯৪৮ চনৰ পৰা ১৯৭৪ চনলৈ এই ভৱনৰ ব্যৱহাৰ কেৱল শিশুৰ শৈক্ষিক কাৰ্যক্ষম বিকাশৰ বাবে কৰা হৈছিল আৰু ইয়াতেই এটি শিশু ভৱনৰ স্থাপনা কৰা হৈছিল। শিষু ভৱনটোত সংগীত, বিজ্ঞান, খেল আদি বিষয়ৰ ওপৰত শিশুসকলক শিকোৱা হৈছিল। স্বৰাজ ভৱন এটি বিশাল ভৱন আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ৰ এটা সম্পদ। এই ভৱনতেই পণ্ডিত জৱাহৰলাল নেহৰুৱে নিজৰ বাল্যকাল কটাইছিল। ইয়াৰ পৰাই তেওঁ ৰাজনীতিৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰি পাছলৈ ভাৰতীয় স্বাধীনতা আ্দোলনত অংশগ্ৰহণ কৰিছিল। মহাত্মা গান্ধী যেতিয়াই এলাহাবাদলৈ আহিছিল তেওঁ এই ভৱনতেই বাস কৰিছিল। আজিও এই স্থানত গান্ধীৰ অনেক বস্তু ৰখা হৈছে। ১৯৪২ চনত ইন্দিৰা গান্ধীৰ বিবাহ এই ভৱনতেই হৈছিল আৰু ১৯৩৮ চনত জৱাহৰলাল নেহৰুৰ মাতৃ স্বৰূপ ৰাণীৰ মৃত্যুও এই স্থানতেই হৈছিল। ১৯৭০ চনত ইন্দিৰা গান্ধীয়ে এই ভৱনটো দেশক সমৰ্পণ কৰি দিয়ে আৰু পাছলৈ ইয়াক সংগ্ৰহালয়ৰ ৰূপ দিয়া হয়। পুৱা ৯ বজাৰ পৰা গধূলি ৫ বজালৈ স্বৰাজ ভৱন খোলা থাকে। সোমবাৰে সাপ্তাহিক অৱকাশ থাকে।

বাহ্যিক লিংক

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ পৰ্যটনস্থলীস্থাপত্যউত্তৰ প্ৰদেশৰ সংগ্ৰহালয়ভাৰতভিত্তিক সাংস্কৃতিক সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বৰাজ ভৱন, এলাহাবাদ” প্ৰবন্ধৰ সংশোধন ৪৭৯৪৫৮ (১৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।