অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

সোণ বিল

সোণবিল( হ্ৰদ ) এছিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম জলাহভূমি৷ এই হ্ৰদটো অসমৰ কৰিমগঞ্জ জিলাত অৱস্থিত আৰু ই ভাৰত তথা দক্ষিণ অসমৰ বৃহত্তম জলাভূমি৷ এই হ্ৰদটোৰ বিশেষত্ব হ’ল শীত কালত এটি সম্পূৰ্ণ কৃষি ভূমিলৈ পৰিণত হয় আৰু ইয়াত ধান খেতি (বৰো ধান) কৰা হয়৷ শীতকালৰ পিছত মাৰ্চ মাহৰ পৰা এই কৃষি ভূমিত লাহে লাহে…

হালনাগাদ: ২৩ নৱেম্বৰ ২০২৪ ২০০ শব্দ · ১ মিনিট সংগৃহীত ৪০
সংশোধনৰ পৰামৰ্শ

সোণবিল( হ্ৰদ ) এছিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম জলাহভূমি৷ এই হ্ৰদটো অসমৰ কৰিমগঞ্জ জিলাত অৱস্থিত আৰু ই ভাৰত তথা দক্ষিণ অসমৰ বৃহত্তম জলাভূমি৷ এই হ্ৰদটোৰ বিশেষত্ব হ’ল শীত কালত এটি সম্পূৰ্ণ কৃষি ভূমিলৈ পৰিণত হয় আৰু ইয়াত ধান খেতি (বৰো ধান) কৰা হয়৷ শীতকালৰ পিছত মাৰ্চ মাহৰ পৰা এই কৃষি ভূমিত লাহে লাহে পানীৰে ভৰি পৰে আৰু পুনৰ হ্ৰদলৈ পৰিণত হয়৷

এই হ্ৰদৰ গভিৰতা কম হোৱা বাবে বাৰিষা পানীৰে ওপচি পৰে আৰু কাকৰা/কুছিয়াৰা নদীৰ মাধ্যমেৰে বাংলাদেশলৈ প্ৰবাহিত হয়৷ হ্ৰদৰ পূৱ আৰু পশ্চিম উভয় প্ৰান্তত পাহাৰ হোৱা বাবে এক মনোৰম দৃশ্য পৰিদৰ্শিত হয়৷ সোণবিলৰ প্ৰৱাহ আৰু নিৰ্গমন পথ হৈছে মনিপুৰৰ পৰা উৎপত্তি হোৱা শিংগলা নদী৷ সোণবিল দক্ষিণ অসমৰ জিলাবোৰৰ ভিতৰত প্ৰধান মৎস্য উৎপাদনকাৰী স্থল আৰু এই হ্ৰদটো মৎস্য চিকাৰৰ বাবে বিখ্যাত৷ এই হ্ৰদটো চোৱাৰ বাবে সৰ্বশ্ৰেষ্ঠ সময়কাল হ’ল বাৰিষা৷১

বাৰিষাৰ সময়ত হ্ৰদত পানীৰে ওপচি থাকে আৰু এক মনোৰম হৃদয়স্পৰ্শী দৃশ্য দেখিবলৈ পোৱা যায়৷ এই জলাভূমিৰ চাৰিওফালে থকা হিজল গছ (Barringtonia Acutangula) বোৰে এক দুৰ্দান্ত দৃশ্যৰ উপস্থাপন কৰিছে আৰু এই হিজল গছবোৰ এক আকৰ্ষণৰ কেন্দ্ৰ বিন্দুহৈ পৰিছে৷২

ইয়াৰ ওপৰিও সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত হ্ৰদৰ পানীত সূৰ্যৰ ৰশ্মী বিভিন্ন উপায়েৰে প্ৰতিবিম্বিত হৈ এক বৰ্ণময় দৃশ্যৰ সৃষ্টি কৰে আৰু নিশাৰ আকাশৰ তৰা বোৰো এই হ্ৰদত প্ৰতিবিম্বিত হৈ নিশাৰ ভাগত আন এক মনোৰম দৃশ্যৰ পৰিদৰ্শিত কৰে৷৩

তথ্যসূত্ৰ

  1. ↑ SON BEEL. GOVERNMENT OF ASSAM, KARIMGANJ DISTRICT
  2. ↑ Son Beel Lake KARIMGANJ ASSAM. entranceindia
  3. ↑ Important Bird Areas factsheet:Son Beel. Datazone.birdlife.org

সম্পৰ্কিত শ্ৰেণী

অসমৰ পৰ্যটনস্থলীবিলকৰিমগঞ্জ জিলাঅসমৰ জলাশয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণ বিল” প্ৰবন্ধৰ সংশোধন ৪৪৭৬২২ (২৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।