অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মাদুৰি

মাদুৰি হৈছে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত জোকতলি মৌজাৰ এখন বৃহৎ গাঁও। এই গাঁওখন নাজিৰা নগৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ দূৰত্ব অৱস্থিত।

হালনাগাদ: ৩ জানুৱাৰী ২০২১ ৭৬৩ শব্দ · ৪ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

মাদুৰি হৈছে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত জোকতলি মৌজাৰ এখন বৃহৎ গাঁও। এই গাঁওখন নাজিৰা নগৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ দূৰত্ব অৱস্থিত।

নামৰ উৎপত্তি

মাদুৰি নামৰ এবিধ বন থকাৰ বাবে ঠাইখনৰ নাম মাদুৰি গাঁও হ’ল বুলি জনা যায়। মাদুৰি হৈছে এবিধ চোকা ধাৰৰ ক্ষুৰ সদৃশ পাতৰ উদ্ভিদ। এই অঞ্চলৰ পূৱখণ্ডত এখন বিল আছে আৰু ইয়াৰ কাষৰ হাবিত এনে ধৰণৰ বন প্ৰচুৰ পৰিমাণে পোৱা গৈছিল। হাবিৰ মাজত ছেগা-চোৰোকাকৈ এজোপা দুজোপা প্ৰায় ৭০ বছৰমান আগলৈকে দেখা গৈছিল যদিও আজিকালি এই বন একেবাৰেই নাইকিয়া হৈ গৈছে। এই মাদুৰি বনৰ উৎপত্তিৰ কথা মহাভাৰতত উল্লেখ পোৱা যায়। চাওফাসকলৰ দিনত এই মাদুৰি বনেৰে সজা কথ বৰ আপুৰুগীয়া বুলি পৰিগণিত হৈছিল। জিকিৰত এই সম্পৰ্কে উল্লেখ পোৱা যায়:

সৰাগুৰি চাপৰি দিখৌ নৈ কাষৰি

ৰজাই বন্ধাই দিয়া মঠ।

ছকুৰি ভকতে লয় আল্লাৰ নাম

মাদুৰি বনৰে কঠ॥

বুৰঞ্জী

মাদুৰি হৈছে আহোম ৰাজত্ব কালৰ দুখন পুৰণি চহৰৰ ভিতৰত এখন। চুহুংমুং দিহিঙ্গীয়া ৰজাৰ ৰাজত্ব কালত ১৪৯৭-১৫৩৯ চনৰ মাজ ভাগত দিখৌ নৈৰ উত্তৰ পাৰে দিলিহিত বুঢ়াগোহাঁই ডাঙৰীয়া সকলৰ কাৰণে বাসস্থান আৰু দিখৌ নৈৰ দক্ষিণ পাৰে মাদুৰিত বৰগোহাঁই ডাঙৰীয়া সকলৰ কাৰণে স্থায়ী বাসস্থান পাতি দিয়ে। মাদুৰিত পোন প্ৰথমে কিলিংখাম বৰগোহাঁই ডাঙৰীয়াক বাসস্থান দিয়ে। মাদুৰিত প্ৰথম বাসস্থান লোৱা কিলিংখাম ডাঙৰীয়াৰ পৰা ১৭জন ডাঙৰীয়াৰ বাসস্থানৰ পিছত বৰগোহাঁই সকলৰ প্ৰথম ৰাজমন্ত্ৰী বিষয় বাপ পোৱা লাইথেপেনা বৰগোহাঁইয়ে বাসস্থান লয়। এই মাদুৰি গাঁৱতে জন্মগ্ৰহণ কৰিছিল মহাসতী জয়মতীয়ে। জয়মতী কুঁৱৰী আছিল মাদুৰিয়াল লাইথেপেনা বৰগোহাঁইৰ জীয়েক আৰু তুংখুখীয়া ৰাাজকোঁৱৰ ফৈদৰ চ্যু-পাত-ফাৰ পত্নী। এই সম্পৰ্কে কৃপানাথ ফুকনৰ মালিতাত আছিল-

মাদুৰি চহৰত ডাঙৰ হৈ আছিলোঁ

বৰগোহাঁই আছিলোঁ জী।

গদাপাণি কোঁৱৰে নিলে তুংখুঙলৈ

চকলং বিয়া কৈ দি॥

লেচাই বুঢ়াগোহাঁই জীয়েক

মোৰ আইটা

চন্দ্ৰদাৰু সুন্দৰী বৰ।

দেউতা হৈছিল

লাইথেপেনা বৰগোহাঁই

মাদুৰি চহৰত ঘৰ॥

ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁই ডাঙৰীয়াৰ ২৪জন পুত্ৰ আৰু ১৩ গৰাকী কন্যা আছিল। ইয়াৰে জয়মতী আছিল প্ৰথম জী। তেখেতৰ কনিষ্ঠ পুত্ৰ আছিল বিখ্যাত চকৰিফেঁটি বুৰঞ্জীৰ প্ৰণেতা নুমলি বৰগোহাঁই। মাদুৰি চহৰ বুলি ক'লে ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁই বাসস্থান আৰু মহাসতী কুঁৱৰীৰ জন্মস্থান বুলিয়েই বুৰঞ্জীত খ্যাত। জয়মতীয়ে স্বামীৰ হকে আৰু দেশৰ হকে আত্মত্যাগ কৰি পিতৃ লাইথেপেনা বৰগোহাঁইৰ জন্মস্থান মাদুৰিৰ নাম আৰু অসমীয়া নাৰী জাতিৰ ত্যাগৰ স্বাক্ষৰ বুৰঞ্জীৰ পাতত অমৰ কৰি গ'ল।

পুৰণি কীৰ্তিচিহ্নসমূহ

মাদুৰিত ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ সু- উচ্চ এপুৰা মাটি জুৰি এটা মৈদাম আৰু তেখেতৰ বাৰীৰ চিনমোকাক আছে ইয়াৰ উপৰিও কাষতে পত্নীসকলৰ মৈদাম আৰু পূৱ দিশত 24জন পুত্ৰৰ লানিপাতি এষাৰি সৰু মৈদাম আছে। ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ বাসস্থানত ৰজাপুখুৰী নামেৰে এটা ডাঙৰ পুখুৰী থকাৰ উপৰিও ফুলনি পুখুৰী,মাহ-প্ৰসাদ ধোৱা পুখুৰী, নাওখেল পুখুৰী, ফুকনৰ পুখুৰী আছিল। কিছুমান পুখুৰীৰ চিন নোহোৱা হৈছে। মাদুৰিৰ দক্ষিণ দিশত। লাইথেপেনা বৰগোহাঁইৰ ৩য় পুত্ৰ। ৰামচন্দ খনিকৰ বৰুৱাই খন্দোৱা খটখটি পুখুৰী অক্ষত অৱস্থাত আছে। খটখতি পুখুৰীৰ বিপৰীতে ডিমৌ নৈৰ কাষত আহোম ৰাজত্ব কালৰ শেষ ৰাজমন্ত্ৰী মালভোগ বৰগোহাঁই বাসস্থানত ১০বিঘা মাটি কালিৰ এটা পুখুৰী আছে।

জনগোষ্ঠীয় গাঁথনি

গাঁওখনত অতীতৰ পৰা টাই-আহোম জনগোষ্ঠীৰ লোকে বসবাস কৰি আহিছে। বৰ্তমান গাঁওখনৰ অধিকাংশ লোক আহোম সম্প্ৰদায়ৰ তদুপৰি কিছুসংখ্যক চাহ জনগোষ্ঠীয় আৰু মুছলমান সম্প্ৰদায়ৰ লোক।

সাহিত্য সংস্কৃতিত মাদুৰি

সাহিত্য সংস্কৃতিলৈ অৱদান যোগোৱা ব্যক্তি সকলৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

  1. প্ৰেমধৰ বৰগোহাঁই:- প্ৰয়াত প্ৰেমধৰ বৰগোহাঁই আছিল আহোম সম্প্ৰদায়ৰ প্ৰথমজন আৰু অসমৰ ষষ্ঠ গৰাকী স্নাতকোত্তৰ ডিগ্ৰী ধাৰী ব্যক্তি। তেখেতে শিক্ষা সাং কৰি নাজিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰাৰ পাছত গুৱাহাটী কটন বিশ্ববিদ্যালয়ৰ দৰ্শনৰ প্ৰথম গৰাকী অধ্যাপক ভৰ্ত্তি হয়। অৱশ্য তেওঁ চাকৰি ইস্তফা দি চাকৰি জীৱনৰ সামৰণি মাৰে তেখেতে আছিল জোনাকী যুগৰ এগৰাকী বিশিষ্ট লিখক। তেখেতে একাধাৰে কবি, ব্যৱসায়ী, সমাজ সংগঠক।
  2. বীৰেণ বৰগোহাঁই:- প্ৰয়াত বীৰেণ বৰগোহাঁই আছিল ৰামধেনু যুগৰ এগৰাকী বিশিষ্ট কবি। তেখেত গড়গাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক আছিল।
  3. মাণিক বৰগোহাঁই:- মাণিক বৰগোহাঁইএগৰাকী বুৰঞ্জী গৱেষক আৰু সু-বক্তা আছিল। তেখেত গড়গাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক আছিল।
  4. পদ্ম বৰগোহাঁই:- পদ্ম বৰগোহাঁই এগৰাকী বিশিষ্ট সমাজ কৰ্মী, বুৰঞ্জী মুলক প্ৰবন্ধকাৰ। তেখেত আছিল অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্য্য নিৰ্বাহক সদস্য, শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰাক্তন সম্পাদক, জিলা কবিচক্ৰৰ সম্পাদক, অসম পৌৰানিকা কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ সম্পাদক। তেখেত ৰচিত গ্ৰন্থ সমূহ হৈছে "অসম বুৰঞ্জীত নতুন আলোকপাত", "ডাৱৰ আৰু মই" ইত্যাদি।
  5. কমল কছাৰী:- প্ৰয়াত কমল কছাৰী আছিল একাধাৰে কবি, চিত্ৰশিল্পী,গীতিকাৰ, সমাজ সেৱক সংস্কৃতিজ্ঞ। তেখেতৰ লেখা সমূহ বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাই আহিছে। তেখেতৰ গন্থ সমূহ হৈছে "জগাঁও লুইতৰে পাৰ", "টুকুৰা ছবি", "ইস্তহাৰ", "সুৰৰ বুকুত জীৱন বিচাৰি", "নতুন পুৱাৰ গান", "উভলা শিপাৰ আৰ্তনাদ", "শশীকান্ত গগৈ", "উকি" ইত্যাদি। তেও আছিল এগৰাকী বেটুপাত শিল্পী। অসম চৰকাৰৰ পৰা শিল্পী পেন্সন লাভ কৰিছিল। তেখেত আছিল ডিব্ৰুগড অনাতাঁৰ কেন্দ্ৰৰ গীতিকাৰ।

তদুপৰি গাঁওখনৰ আৰু বহুকেইজন ব্যক্তিয়ে অসমীয়া সাহিত্য সংস্কৃতিলৈ বৰঙনি আগবঢ়াবলৈ সক্ষম হৈছে।

ৰাজনীতিৰ দিশত মাদুৰি

ৰাজনৈতিক দিশত মাদুৰিত জন্ম গ্ৰহণ কৰি চাকৰি সূত্ৰে মৰাণত বাসস্থান লোৱা প্ৰয়াত লক্ষ্মী প্ৰসাদ বৰগোহাঁইয়ে মাহমৰা সমষ্টিৰ বিধায়ক আসন লাভ কৰে তথা এই অঞ্চললৈ মাদুৰিত জন্মগ্ৰহণ কৰি শিক্ষকতা কৰাৰ মাজেৰে ৰাজনীতিৰ প্ৰথাৰত ভৰি দি কমিউনিষ্ট পাৰ্টিৰ এজন নেতা হিচাপে পৰিগণিত হোৱা দ্ৰুপদ বৰগোহাঁয়ে সাংসদ আৰু বিধায়ক হিচাপে। তাৰ উপৰিও মাদুৰিত জন্মগ্ৰহণ কৰি বিবাহ সূত্ৰে নাহৰকটীয়াৰ বাসিন্দা হোৱা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী প্ৰণতি ফুকন।

অনুষ্ঠান-প্ৰতিষ্ঠান

  1. লাইথেপেনা বৰগোহাঁই সোঁৱৰণি সংঙ্ঘ,
  2. চিৰ সেউজীয়া সমাজ,
  3. মাদুৰি প্ৰগতি পুথি ভড়াল,
  4. মাদুৰি মহিলা সংঙ্ঘ,
  5. মাদুৰি নাট্য মন্দিৰ আদি।

শিক্ষানুষ্ঠান

  1. জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়,
  2. এম.ভি. স্কুল,
  3. মাদুৰি প্ৰাইমেৰী বিদ্যালয়,
  4. জয়া প্ৰাথমিক বিদ্যালয়,
  5. বেতনি চাপৰি প্ৰাথমিক বিদ্যালয়।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

অসমৰ গাঁওশিৱসাগৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাদুৰি” প্ৰবন্ধৰ সংশোধন ২৫৭৪৮৮ (৩ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।