অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ফকিৰগঞ্জ

ফকিৰগঞ্জ ভাৰতৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ এখন গাঁও। ই জিলা সদৰ ধুবুৰীৰ পৰা পূৱফালে ১৩ কিলোমিটাৰ দূৰত অৱস্থিত। দক্ষিণ শালমাৰাৰ পৰা ১১ কিলোমিটাৰ উত্তৰত। ৰাজ্যিক ৰাজধানী দিছপুৰৰ পৰা ১৯৬ কিলোমিটাৰ দূৰৈত অৱস্থিত।

হালনাগাদ: ৪ নৱেম্বৰ ২০২৪ ২১৮ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

ফকিৰগঞ্জ ভাৰতৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ এখন গাঁও। ই জিলা সদৰ ধুবুৰীৰ পৰা পূৱফালে ১৩ কিলোমিটাৰ দূৰত অৱস্থিত। দক্ষিণ শালমাৰাৰ পৰা ১১ কিলোমিটাৰ উত্তৰত। ৰাজ্যিক ৰাজধানী দিছপুৰৰ পৰা ১৯৬ কিলোমিটাৰ দূৰৈত অৱস্থিত।১

ইতিহাস

বৰ্তমান ফকিৰগঞ্জ বুলি যিখন ঠাই সকলোৱে চিনি পায় সেয়া আচলতে সুন্দৰপাৰা। পুৰনি যি ফকিৰগঞ্জ আছিল সেয়া ব্ৰহ্মপুত্ৰ নদৰ গৰাখহনীয়াত ভাঙি যায়। পুৰ্বত বামুণিপাৰা আৰু বলদমাৰাৰ ওচৰতে আছিল ফকিৰগঞ্জ।

শিক্ষানুষ্ঠান

  • হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • মৌলানা ভাষাণি মহাবিদ্যালয়
  • হামিদাবাদ এম ই মাদ্ৰাছা
  • ফকিৰগঞ্জ এম ভি স্কুল
  • ফকিৰগঞ্জ ছোৱালী হাই স্কুল।
  • অন্বেষা শিক্ষা নিকেতন
  • ফকিৰগঞ্জ আঞ্চলিক ৰয়াল ইনষ্টিউট
  • শংকৰ আজান জাতীয় বিদ্যালয়
  • অৰিআচ ইংলিচ একাডেমি

স্বাস্থ্য কেন্দ্ৰ

  • ফকিৰগঞ্জ মডেল হস্পিতাল
  • বলদমাৰা পিএইচচি
  • ঘাগমাৰি পশু চিকিৎসালয়

আৰক্ষী চকী

  • ফকিৰগঞ্জ আৰক্ষী চকী

ডাক আৰু কুৰিয়াৰ

  • ফকিৰগঞ্জ ছাব পোষ্ট অফিচ
  • ই-কাৰ্ট কুৰিয়াৰ চাৰ্ভিচ

অন্যান্য গাঁও আৰু সমষ্টি

গোশাইডুবি তিনডুবি (৪ কি.মি.), বিৰশিং (৬ কি.মি.), বাউশকাটা (৭ কি.মি.), তাঙ্গাঝাৰ (৮ কি.মি.), বালাডোবা (১০ কি.মি.) হৈছে ফকিৰগঞ্জৰ ওচৰৰ গাওঁ। ফকিৰগঞ্জৰ পূবফালে হাতিধুৰা জিলাপৰিষদ, দক্ষিণৰ ফালে দক্ষিণ শালমাৰা জিলাপৰিষদ, পশ্চিমফালে ধুবুৰী জিলাপৰিষদ, উত্তৰফালে বিৰশিংজাৰুৱা জিলাপৰিষদ দ্বাৰা পৰিবেষ্টিত হৈ আছে।১২

ওচৰৰ নগৰ

ধুবুৰী, গৌৰীপুৰ, বিলাসীপাৰা, তুৰা চহৰৰ ওচৰত ফকিৰগঞ্জ আছে।

ফকিৰগঞ্জৰ জনসাংখ্যিক

ভাষা

যদিও এই ঠাইখনৰ স্থানীয় ভাষা অসমীয়া কিন্তু বেছি সময়ত বঙালী ভাষা ব্যৱহাৰ কৰে।

ফকিৰগঞ্জৰ ওচৰত ভোটকেন্দ্ৰ/বুথ

  • ছটো পাটাকাটা এম.ই. স্কুল
  • ডিমাতোলা পাৰ্ট-২ এল.পি. স্কুল
  • গুৰগুৰিপাৰা এল.পি. স্কুল (সোঁ)
  • হামিদাবাদ এইচ.এছ.স্কুল (উত্তৰ বাওঁফালে)
  • হামিদাবাদ এইচ.এছ.স্কুল (উত্তৰ সোঁফালে)

যাতায়াত

ৰেলপথ

ফকিৰগঞ্জৰ ওচৰত ১০ কিলোমিটাৰতকৈ কম দূৰৰ ভিতৰত কোনো ৰেলষ্টেচন নাই। ইয়াৰ একমাত্ৰ ওচৰৰ ৰেল ষ্টেচন হ’ল ধুবুৰী ৰেল ষ্টেচন।

বিমানপথ

ৰূপসী ইয়াৰে একমাত্ৰ বিমান বন্দৰ।

তথ্যসূত্ৰ

  1. ↑ About Fakirganj
  2. ↑ detailed map of Fakirganj and near places

সম্পৰ্কিত শ্ৰেণী

অসমৰ গাঁও

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফকিৰগঞ্জ” প্ৰবন্ধৰ সংশোধন ৪৪২৭১৮ (৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।