অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

নিঋতি

নিঋতি (निर्ऋति, কেতিয়াবা নিৰ্ৰুতি বা নিৰিতি) হৈছে এগৰাকী হিন্দু দেৱী। তেওঁ মৃত্যু, ক্ষয় আৰু দুখক প্ৰতিনিধিত্ব কৰে। কিছুমান হিন্দু শাস্ত্ৰত নিঋতি অধৰ্মৰ সৈতে সম্পৰ্কিত।

হালনাগাদ: ৫ অক্টোবৰ ২০২১ ২০৬ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

নিঋতি (निर्ऋति, কেতিয়াবা নিৰ্ৰুতি বা নিৰিতি) হৈছে এগৰাকী হিন্দু দেৱী। তেওঁ মৃত্যু, ক্ষয় আৰু দুখক প্ৰতিনিধিত্ব কৰে। কিছুমান হিন্দু শাস্ত্ৰত নিঋতি অধৰ্মৰ সৈতে সম্পৰ্কিত। পৰৱৰ্তীকালীন হিন্দু ধৰ্মত নিঋতি আৰু নিঋত এগৰাকী পুৰুষ দেৱতা আৰু তেওঁক দক্ষিণ-পশ্চিমৰ দিকপাল বা দিগপাল ("দিশৰ অধিষ্ঠাতা") হিচাপে গণ্য কৰা হয়।

ব্যুৎপত্তি

সংস্কৃত শব্দ নিঋতিৰ অৰ্থ হৈছে 'ক্ষয়' আৰু ই নিঋ শব্দৰ পৰা আহিছে (আক্ষৰিক অৰ্থ 'পৃথক কৰা')। ইয়াক "ঋতি বিহীন" বুলি ব্যাখ্যা কৰিব পাৰি। ইয়াৰ অৰ্থ হৈছে বিশৃংখলতা বা বিশৃংখলতাৰ এক স্থিতি। ১২

নিঋতি নামটোৰ অৰ্থ হৈছে "ঋতৰ অনুপস্থিতি।" ই কোনো 'বিকাৰ', বা 'অনিয়ম'। ইয়াক বিশেষকৈ দৈৱিক বা মহাজাগতিক বিশৃংখলতাৰ স্থিতিৰ অধিষ্ঠাতা বুলি ক'ব পাৰি।২৩

এই শব্দটো বৈদিক গ্ৰন্থসমূহতত অস্তিত্বহীনতা আৰু পৰম অন্ধকাৰে আৱৰা এক জগতক সূচাবলৈ ব্যৱহাৰ কৰা হৈছিল। ত্যাগ আৰু প্ৰজননৰ ক্ষেত্ৰত নিজ কৰ্তব্যত বিফল হোৱা সকলক ই গ্ৰাস কৰাৰ ভাবুকি দিছিল। নিঋতিত বৈদিক জীৱন আৰু ৰীতি-নীতিৰ বাবে কোনো প্ৰয়োজনীয় উপাদান যেনে পোহৰ, খাদ্য আৰু শিশু নাছিল।২

দেৱী ৰূপ

নিঋতিক উল্লেখ কৰা ঋকবেদৰ সিংহভাগ স্তোত্ৰতে তেওঁৰ পৰা সুৰক্ষা বিচৰা বা সম্ভাৱ্য প্ৰস্থানৰ সময়ত তেওঁক মিনতি কৰা হৈছে। এটা স্তোত্ৰত (X. ৫৯) তেওঁক বহুবাৰ উল্লেখ কৰা হৈছে। এই স্তোত্ৰটোৱে দেৱীগৰাকীৰ প্ৰকৃতিৰ থূলমূল বৰ্ণনা দিয়াৰ পিছত তেওঁক আহুতিৰ স্থানৰ পৰা আঁতৰি যাবলৈও প্ৰাৰ্থনা কৰে। অথৰ্ববেদত (V.৭.৯) তেওঁৰ সৈতে সোণালী তলা থকা বুলি বৰ্ণনা কৰা হৈছে। তৈত্তিৰীয় ব্ৰহ্ম১ (I.৬.১.৪) নিঋতিক কৃষ্ণবৰ্ণা, আন্ধাৰ বৰণীয়া বস্ত্ৰ পৰিহিতা আৰু তেওঁৰ আহুতি গাঢ় ফলীয়া তুঁ‌হ বুলি বৰ্ণনা কৰা হৈছে। শতপথ ব্ৰহ্মৰ (X.১.২.৯) মতে, তেওঁ দক্ষিণ-পশ্চিম দিশৰ সৈতে জড়িত। কিন্তু পাঠ্যখনিৰ আন ঠাইত (V.২.৩.৩.) তেওঁক মৃতকৰ ৰাজ্যত বাস কৰা বুলি উল্লেখ কৰা হৈছে। ৪৫৬

পৰৱৰ্তী হিন্দু গ্ৰন্থসমূহত নিঋতিক দেৱী হিচাপে পুনৰ ধাৰণা কৰা হৈছিল। কিছুসংখ্যক গ্ৰন্থৰ মতে, তেওঁ অধৰ্মৰ পত্নী যি পুৰুষৰ বাবে প্ৰকৃতিৰ এক গুৰুত্বপূৰ্ণ উপাদান। দেৱী অৰণ্যত বাস কৰে আৰু তেওঁ নৈঋত অৰ্থাৎ তিনি ৰাক্ষস ক্ৰমে মৃত্যু, ভয় আৰু মহাভয়ৰ মাতৃ।৭ ইয়াৰ বিপৰীতে অন্যান্য গ্ৰন্থসমূহে তেওঁক অধৰ্ম আৰু হিংসাৰ জীয়ৰী হিচাপে চিত্ৰিত কৰিছে। তেওঁ নিজ ভ্ৰাতৃ অঋতক বিয়া কৰাইছিল আৰু নৰক (স্থান) আৰু ভয়ৰ জন্ম দিছিল। ২১ কিছুমান গ্ৰন্থই আন অশুভ দেৱী জ্যেষ্ঠা বা অলক্ষ্মীৰ সৈতে নিঋতিক চিহ্নিত কৰে। এই সন্দৰ্ভত তেওঁ সমুদ্ৰ মন্থনৰ পৰা নিৰ্গত হৈছিল বুলি বৰ্ণনা কৰা হৈছে।৮৯

তথ্যসূত্ৰ

  1. ↑ (2003-12-01). In Praise of the Goddess: The Devimahatmya and Its Meaning. Nicolas-Hays, Inc. ISBN 978-0-89254-616-9
  2. ↑ Witzel, Michael. “Macrocosm, Mesocosm, and Microcosm: The Persistent Nature of 'Hindu' Beliefs and Symbolic Forms.” International Journal of Hindu Studies, vol. 1, no. 3, 1997, pp. 501–539. JSTOR, www.jstor.org/stable/20106493. Accessed 10 Mar. 2020
  3. ↑ Chandra, Suresh. (1998). Encyclopaedia of Hindu Gods and Goddesses. Sarup & Sons. ISBN 978-81-7625-039-9
  4. ↑ Kinsley, David (1987, reprint 2005). Hindu Goddesses: Visions of the Divine Feminine in the Hindu Religious Tradition, Delhi: Motilal Banarsidass,, p.13
  5. ↑ Bhattacharji, Sukumari (2000). The Indian Theogony: Brahmā, Viṣṇu and Śiva, New Delhi: Penguin,, pp.80–1
  6. ↑ Stutley, Margaret and James. (2019-04-09). A Dictionary of Hinduism: Its Mythology, Folklore and Development 1500 B.C.-A.D. 1500. Routledge. ISBN 978-0-429-62754-5
  7. ↑ Mani, Vettam. (1975). Puranic encyclopaedia: a comprehensive dictionary with special reference to the epic and Puranic literature. Delhi: Motilal Banarsidass. পৃ. 540
  8. ↑ Benard, Elisabeth; Moon, Beverly. (2000-09-21). Goddesses Who Rule. Oxford University Press. ISBN 978-0-19-535294-8
  9. ↑ Daniélou, Alain. (1991-12-01). The Myths and Gods of India: The Classic Work on Hindu Polytheism from the Princeton Bollingen Series. Simon and Schuster. ISBN 978-1-59477-733-2

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিঋতি” প্ৰবন্ধৰ সংশোধন ৩০৩০৩৩ (৫ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।