অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

নাগ (লংকা)

নাগসকল (ইংৰাজী: Naga people) হৈছে এসময়ত শ্ৰীলংকা আৰু দক্ষিণ ভাৰতৰ বিভিন্ন প্ৰান্তত বসবাস কৰিছিল বুলি বিশ্বাস কৰা এক প্ৰাচীন জনগোষ্ঠী। ভি. কনকচাভাইৰ মতে, দক্ষিণ ভাৰত আৰু উত্তৰ-পূব শ্ৰীলংকাত বিস্তৃত হৈ থকা অলিয়াৰ, পাৰাথৱাৰ, মাৰাৱাৰ আৰু এয়িনাৰসকল সকলো নাগ জনজাতিৰ লোক।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫৩৮ শব্দ · ৩ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

নাগসকল (ইংৰাজী: Naga people) হৈছে এসময়ত শ্ৰীলংকা আৰু দক্ষিণ ভাৰতৰ বিভিন্ন প্ৰান্তত বসবাস কৰিছিল বুলি বিশ্বাস কৰা এক প্ৰাচীন জনগোষ্ঠী। ভি. কনকচাভাইৰ মতে, দক্ষিণ ভাৰত আৰু উত্তৰ-পূব শ্ৰীলংকাত বিস্তৃত হৈ থকা অলিয়াৰ, পাৰাথৱাৰ, মাৰাৱাৰ আৰু এয়িনাৰসকল সকলো নাগ জনজাতিৰ লোক। মহাবংশ, মণিমেকলাই, মহাভাৰত আদি বহুতো প্ৰাচীন গ্ৰন্থ তথা অন্য বহু সংস্কৃত আৰু পালি সাহিত্যতো নাগসকলৰ উল্লেখ পোৱা যায়। সাধাৰণতে তেওঁলোকক সাধাৰণতে পৃথিৱীৰ অভ্যন্তৰত (পাতাল) বাস কৰা সৰ্পৰ ৰূপ লোৱা এক শ্ৰেণীৰ অতিমানৱ হিচাপে প্ৰতিনিধিত্ব কৰা হয়।।১ মণিমেকলাইৰ দৰে গ্ৰন্থসমূহে তেওঁলোকক মানৱ ৰূপত প্ৰতিনিধিত্ব কৰে।

জাফনাৰ নাগদ্বীপ আৰু গমপাহাৰ কল্যানীৰ দৰে কিছুমান ঠাই তেওঁলোকৰ বাসস্থান হিচাপে উল্লেখ কৰা হৈছে।২ শ্ৰীলংকাৰ কিংবদন্তিত কিছুমান নাগ ৰজাৰ নাম যেনে মণি অক্ষিতা (মণি নাগ) আৰু মহোদৰাৰ নামো সংস্কৃত সাহিত্যত অতিমানৱীয় নাগসকলৰ মাজত পোৱা যায় আৰু ভাৰততো মধ্যযুগৰ সময়লৈকে মণি নাগৰ পূজা প্ৰচলিত আছিল।৩

তামিল সাহিত্যত জাফনা উপদ্বীপক নাকানাডু, পালি সাহিত্যত নাগদ্বীপ আৰু গ্ৰীক গেজেটিয়াৰত নাগাদিবা বুলি উল্লেখ কৰা হৈছে।৪৫৬৭ জাফনাৰ উড়ুথুৰাইৰ ব্ৰাহ্মী লিপিযুক্ত মুদ্ৰাত আৰু তামিলনাডুৰ পুডুক্কোট্টাইৰ থকা তামিল লিপিযুক্ত শিলালিপিতো জাফনা উপদ্বীপৰ নাম নাগভূমি বুলি উল্লেখ কৰা দেখা পোৱা যায়।৮

ব্যুৎপত্তি

সংস্কৃত, পালি, সিংহল আৰু তামিল ভাষাত "নাগ" শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে "সৰ্প" বা "সাপ"।

উৎপত্তি

মনোগৰণৰ মতে কিছুমান পণ্ডিতে "যক্ষ আৰু নাগসকলক [...] শ্ৰীলংকাৰ আদিবাসী জনগোষ্ঠী বুলি ধাৰণা কৰিছে"।৯ কে. ইন্দ্ৰপালৰ দৰে পণ্ডিতসকলে তেওঁলোকক এটা প্ৰাচীন জনগোষ্ঠী হিচাপে গণ্য কৰে যিয়ে খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ পৰাই তামিল সংস্কৃতি আৰু ভাষাৰ লগত একত্ৰীকৰণ হ'বলৈ আৰম্ভ কৰিছিল।১০ তেওঁৰ মতে, নৱম শতিকাৰ শেষৰ ফালে বা সম্ভৱতঃ তাতকৈ সময়ৰ বহু আগতেই, নাগসকলে দ্বীপটোৰ দুটা প্ৰধান জনগোষ্ঠীৰ সৈতে নিজকে একত্ৰীকৰণ কৰিছিল।

ভি. কনকচাভাইৰ মতে, দক্ষিণ ভাৰত আৰু উত্তৰ-পূব শ্ৰীলংকাত বিস্তৃত হৈ থকা অলিয়াৰ, পাৰাথৱাৰ, মাৰাৱাৰ আৰু এয়িনাৰসকল সকলো নাগ জনজাতিৰ লোক।১১১২ কেইবাজনো লেখকে তেওঁলোকক দ্ৰাবিড় জনগোষ্ঠী বুলি ক’ব বিচাৰে।১৩১৪ সংগম সাহিত্যলৈ অৰিহণা যোগোৱা বহুতো তামিল কবিয়ে তেওঁলোকৰ নগা বংশৰ বুলি বুজাবলৈ তেওঁলোকৰ নামৰ লগত নগা উপসৰ্গ আৰু প্ৰত্যয় সংলগ্ন কৰিছিল।১৫১৬

প্ৰাচীন উল্লেখ

মহাবংশ

মহাবংশ হৈছে পালি ভাষাত লিখিত শ্ৰীলংকাৰ পৌৰাণিত ইতিহাসৰ বিৱৰণ থকা এখন প্ৰাচীন গ্ৰন্থ। এই গ্ৰন্থখনত উল্লেখ আছে যে বুদ্ধই দ্বীপটোলৈ দ্বিতীয়বাৰৰ বাবে ভ্ৰমণৰ সময়ত নাগদ্বীপৰ দুজন নাগ ৰজা চুলোদৰা আৰু মহোদৰাৰ মাজত ৰত্নৰে ভৰা সিংহাসনৰ বাবে হোৱা বিবাদ মীমাংসা কৰিছিল। এই সিংহাসন অৱশেষত কৃতজ্ঞ নাগ ৰজাসকলে বুদ্ধক অৰ্পণ কৰে আৰু তেওঁলোকে ইয়াক নাগদ্বীপৰ ৰাজায়াথান গছৰ (Rajayathana tree) তলত পূজাৰ বেদী হিচাপে স্থাপন কৰে।১৭ তেতিয়াৰ পৰাই বহু শতিকা জুৰি এই ঠাইখন দ্বীপটোৰ বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ অন্যতম পবিত্ৰ মন্দিৰলৈ পৰিণত হয়। মহাবংশত নাগদ্বীপৰ উল্লেখৰ লগতে অন্যান্য পালি লিখনীসমূহৰ লগতে প্ৰত্নতাত্ত্বিক আৰু এপিগ্ৰাফিক প্ৰমাণৰ পৰা মহাবংশত উল্লেখিত নাগদ্বীপ বৰ্তমানৰ জাফনা উপদ্বীপ বুলি ঠাৱৰ কৰা হৈছে।১৮১৯২০

মণিমেকলাই

তামিল মহাকাব্য মণিমেকলাইত উল্লেখ আছে যে গ্ৰন্থৰ নায়িকাগৰাকীক অলৌকিকভাৱে বুদ্ধৰ লগত জড়িত আসন বা পদশিলা থকা মণিপল্লৱম নামৰ এটা সৰু দ্বীপলৈ লৈ যোৱা হয়। মণিপল্লৱত থকা এই আসনখন বুদ্ধই নাগ ভূমিৰ দুই ৰজাৰ মাজত হোৱা যুদ্ধৰ মীমাংসা আৰু মিলন কৰাৰ সময়ত ব্যৱহাৰ কৰিছিল আৰু দেৱতাৰ ৰজা ইন্দ্ৰই ইয়াক মণিপল্লৱত স্থাপন কৰিছিল।২১ কিংবদন্তিটোত কোৱা হৈছে জাফনা উপদ্বীপৰ মণিপল্লৱমত মহান নাগ ৰজা “ৱালাই বানন” (Valai Vanan) আৰু তেওঁৰ ৰাণী “বাছামাইলাই” (Vasamayilai) শাসন কৰিছিল। এই দ্বীপটোতে তেওঁলোকৰ কন্যা ৰাজকুমাৰী “পিল্লী ভালাই”ৰ (Pilli Valai) আৰু আদিম চোল ৰজা “কিল্লীবল্লভম”ৰ (Killivalavan) সৈতে সম্পৰ্ক ঘটিছিল; এই সম্পৰ্কৰ পৰাই ৰাজকুমাৰ “টণ্ডাই ইলাম থিৰাইয়াৰ”ৰ (Tondai Eelam Thiraiyar) জন্ম হৈছিল। এওঁৱেই পল্লৱ ৰাজবংশৰ প্ৰাৰম্ভিক পূৰ্বপুৰুষ বুলি ইতিহাসবিদসকলে উল্লেখ কৰিছে।২২২৩২৪

ৰামায়ণ

ভাৰতীয় মহাকাব্য ৰামায়ণত পৌৰাণিক দ্বীপ লংকাক প্ৰায়ে শ্ৰীলংকা বুলি চিনাক্ত কৰা হৈছে। লংকাৰ বাসিন্দাসকলক মূলতঃ ৰাক্ষস আৰু যক্ষ বুলি উল্লেখ কৰা হয়, কিন্তু নাগসকলৰ২৫ কথাও উল্লেখ কৰা হৈছে। ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতৰ বিবাহ নাগ ৰাজকুমাৰী সুলোচনাৰ সৈতে সম্পন্ন হৈছিল।২৬

তথ্যসূত্ৰ

  1. ↑ Senarath Paranavitana. (1961). Journal of the Ceylon branch of the Royal Asiatic society# The Arya Kingdom in North Ceylon. Colombo apothecaries Co. Ltd. পৃ. 181
  2. ↑ JCBRAS, S. Paranavitana 1961, পৃ. 181
  3. ↑ B.Ch.Chhabra. (1950). Epigraphia Indica. পৃ. 330–334
  4. ↑ Nicholas, C.W. (1963). Historical topography of ancient and medieval Ceylon. Journal of the Ceylon Branch of the Royal Asiatic Society, New Series (Vol VI). পৃ. 10
  5. ↑ (2 November 2020). Claudius Ptolemy's Sri Lankan Map. Archaeology.lk
  6. ↑ Intirapālā, Kārttikēcu. (2005). The evolution of an ethnic identity: the Tamils in Sri Lanka c. 300 BCE to c. 1200 CE. M.V. Publications for the South Asian Studies Centre, Sydney. পৃ. 172. ISBN 9780646425467
  7. ↑ Rajeswaran, S. T. B. (2012). Geographical Aspects of the Northern Province, Sri Lanka. Governor's Office, Department of Geography. পৃ. 61
  8. ↑ K. Rajan - Situating the Beginning of Early Historic Times in Tamil Nadu: Some Issues and Reflections (2008) p.56-57
  9. ↑ Manogaran 1987, পৃ. 21
  10. ↑ Indrapala 2005, পৃ. 172,174
  11. ↑ › ca.. Castes and Tribes of Southern India Vol. I-A and B {{!}} INDIAN CULTURE Castes and tribes of Southern Indian
  12. ↑ Kanakasabhai, V. (1904). The Tamils Eighteen Hundred Years Ago. Asian Educational Services. ISBN 9788120601505
  13. ↑ Laura Smid (2003). South Asian folklore: an encyclopedia: Afghanistan, Bangladesh, India, Pakistan, Sri Lanka. Great Britain: Routledge. 429
  14. ↑ Manogaran 1987, পৃ. 21
  15. ↑ Pillay, Kolappa Pillay Kanakasabhapathi. (1963). South India and Ceylon. University of Madras. পৃ. 37
  16. ↑ Indrapala 2005, পৃ. 174
  17. ↑ Geiger, W. (1950). Mahawamsa, Chapter 1, vv. 44–70 (English translation). পৃ. 5–8
  18. ↑ C.W. Nicholas. (1963). Journal of the Ceylon branch of the Royal Asiatic society#Historical Topography of Ancient and Medieval Ceylon. পৃ. 83
  19. ↑ Paul E. Pieris. (1917). Journal of the Ceylon branch of the Royal Asiatic society# Nagadipa and Buddhist Remains in Jaffna (Part I). পৃ. 11–30
  20. ↑ Paul E. Pieris. (1919). Journal of the Ceylon branch of the Royal Asiatic society# Nagadipa and Buddhist Remains in Jaffna (Part II). পৃ. 40–60
  21. ↑ S. Krishnaswami Aiyangar. (1928). Manimekalai in its Historical Setting. পৃ. 129
  22. ↑ Ordhendra Coomar Gangoly. The art of the Pallavas, Volume 2 of Indian Sculpture Series. G. Wittenborn, 1957. পৃ. 2
  23. ↑ Schalk, Peter; Veluppillai, A.; Nākacāmi, Irāmaccantiran̲. (2002). Buddhism among Tamils in pre-colonial Tamilakam and Īlam: Prologue. The Pre-Pallava and the Pallava period. Almqvist & Wiksell. পৃ. 148. ISBN 9789155453572
  24. ↑ C. Rasanayagam. (1926). Ancient Jaffna. পৃ. 26–28
  25. ↑ Manogaran 1987, পৃ. 21
  26. ↑ Saklani, Dinesh Prasad. (2006). Rāmāyaṇa tradition in historical perspective. Pratibha Prakashan. ISBN 9788177021295

সম্পৰ্কিত শ্ৰেণী

কিংবদন্তিমূলক জীৱপৌৰাণিক কথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাগ (লংকা)” প্ৰবন্ধৰ সংশোধন ৬৩২০২০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।