অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

নাৰিকলি মন্দিৰ, ছিপাঝাৰ

দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত নাৰিকলি শিৱ মন্দিৰ এক ঐতিহ্যমণ্ডিত মন্দিৰ। গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলি হৈ তেজপুৰলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাষতে এই মন্দিৰটো অৱস্থিত।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৬ ১৯৬ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত নাৰিকলি শিৱ মন্দিৰ এক ঐতিহ্যমণ্ডিত মন্দিৰ। গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলি হৈ তেজপুৰলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাষতে এই মন্দিৰটো অৱস্থিত।

ইতিহাস

বিভিন্ন জনশ্ৰুতি আৰু প্ৰবাদ অনুসৰি এই মন্দিৰটো প্ৰথম অৱস্থাত শিলৰ এক মনোমোহা আৰ্হিৰে নিৰ্মাণ কৰা হৈছিল। সেয়ে ইয়াৰ পৌৰাণিক নাম আছিল "শিলৰ খুঁটি বুঢ়া গোহাঁই"। যেতিয়া সেনাপতি কালাপাহাৰে অসমৰ মঠ-মন্দিৰবোৰ ভাঙি ফুৰিছিল তেতিয়া শিল্পকলাৰ জাক-জমকতাৰে নিৰ্মিত এই মন্দিৰটোও ভাগি চূৰমাৰ কৰি দিছিল। তাৰপাছত সেই স্থানতে স্থানীয় লোকৰ তত্ত্বাৱধানত মন্দিৰটো পুনৰ্নিমাণ কৰা হয়।

নাৰিকলি গাঁৱৰ শঙিধৰ নাথৰ এটা বিশেষ সপোন পোৱাৰ পিছত তাত বিষ্ণু আৰাধনাৰ নিমিত্তে ভাগৱত মন্দিৰ স্থাপন কৰা হয়।

বৰ্তমানৰ পৰিৱেশ

এক সুন্দৰ ভাস্কৰ্য্যৰে নিৰ্মিত ভাগৱত মন্দিৰ আৰু শিৱ মন্দিৰৰ লগতে মনসা মন্দিৰ নিৰ্মাণৰ কামো পৰিচালনা সমিতিয়ে হাতত লৈছে। প্ৰতিদিনে অহা দৰ্শনাৰ্থী আৰু বিবাহ যাত্ৰীৰ বাবে খোৱা-লোৱা কৰাৰ সুন্দৰ পৰিৱেশ আছে। কোনো ধৰণৰ যানযঁটৰ অসুবিধা নহ’বৰ বাবে গাড়ী ৰখাৰ বাবে এখন নিৰ্ভৰশীল খেলপথাৰ আছে। এই সকলোবোৰ চোৱা-চিতা কৰে মন্দিৰ পৰিচালনা সমিতিয়ে। পৰেশ নাথক সভাপতি আৰু জগমোহন নাথক সম্পাদক হিচাপে বৰ্তমান একৈছ জনীয়া সমিতিয়ে এই সকলোবোৰ পৰিচালনা কৰি আছে।

উৎসৱ

এই মন্দিৰৰ প্ৰধান উৎসৱ হৈছে মহা শিৱৰাত্ৰি, যি তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। শিৱৰাত্ৰিৰ সময়ত হাজাৰ হাজাৰ ভক্তৰ সমাগমৰ ঘটে। ইয়াৰ উপৰি প্ৰতি বছৰতে অসমীয়া আঘোণ মাহৰ এক তাৰিখৰপৰা তিনিদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ পালন কৰা হয়।

সম্পৰ্কিত শ্ৰেণী

অসমৰ হিন্দু মন্দিৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰিকলি মন্দিৰ, ছিপাঝাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৬০২৭ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।