অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

পালাছ (ট্ৰাইটনৰ কন্যা)

পালাছ (/ˈpáləs/; প্ৰাচীন গ্ৰীক: παλλάς, ইংৰাজী: Pallas) এগৰাকী সাগৰীয় নিম্ফ আৰু যোদ্ধা।

হালনাগাদ: ২৫ মাৰ্চ ২০২৫ ১৬৮ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

পালাছ (/ˈpáləs/; প্ৰাচীন গ্ৰীক: παλλάς, ইংৰাজী: Pallas) এগৰাকী সাগৰীয় নিম্ফ আৰু যোদ্ধা।

কিংবদন্তি

প'জাইডনৰ পুত্ৰ আৰু সাগৰৰ দূত ট্ৰাইটনৰ কন্যা আছিল পালাছ। জ্যুচৰ কপালৰ পৰা সম্পূৰ্ণ অস্ত্ৰৰে সজ্জিত হৈ এথেনাৰ জন্ম১২৩ হোৱাৰ পিছত ট্ৰাইটন দেৱীৰ পোষক পিতৃ-মাতৃ হৈছিল আৰু পালাছৰ সৈতে তেওঁক ডাঙৰ-দীঘল কৰিছিল। তেওঁ দুয়োগৰাকী কন্যাক যুদ্ধৰ কলা শিকোৱাৰ পিছত দুয়োজনী অতি ঘনিষ্ঠ বান্ধবী হৈ পৰিছিল।

এথলেটিকছ উৎসৱৰ সময়ত পালাছ আৰু এথেনাই বন্ধুত্বপূৰ্ণ আখৰা যুদ্ধত বৰ্ষা লৈ যুঁজিছিল৷ এই যুদ্ধত যিজনে নিজৰ প্ৰতিদ্বন্দ্বীক নিৰস্ত্ৰ কৰিবলৈ সক্ষম হয়, তেঁৱেই বিজয়া হয়। যুঁজৰ আৰম্ভণিতে এথেনাক পালাছে পৰাস্ত কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল। তেতিয়া তাত দৰ্শক হিচাপে উপস্থিত থকা জ্যুছে তেওঁৰ কন্যাক বিজিত হোৱা দেখি ভয় খাই এজিছৰ সৈতে পালাছক বিচলিত কৰিছিল৷

দুখ আৰু অনুশোচনাৰ বাবে এথেনাই পেলেডিয়াম সৃষ্টি কৰিছিল৷ ইয়াত তেওঁ পালাছৰ সদৃশ এটা মূৰ্তি তৈয়াৰ কৰি তাৰ বক্ষত তেওঁ ভয় কৰা এজিছক মেৰিয়াই দিলে আৰু তেওঁৰ সন্মানত মূৰ্তিটো জ্যুছৰ কাষত স্থাপন কৰিলে৷৪ পিছলৈ এথেনাই নিজৰ প্ৰয়াত বান্ধবীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে পালাছ উপাধি দখল কৰে।

এথেনা আৰু পালাছৰ বিষয়ে এই কাহিনীয়ে লিবিয়াত দেৱীসকলৰ প্ৰতি উৎসৰ্গিত বছৰেকীয়া উৎসৱৰ বাবে অনুপ্ৰাণিত কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Kerényi 1951, পৃ. 118–120
  2. ↑ Deacy 2008, পৃ. 17–32
  3. ↑ Penglase 1994, পৃ. 230–231
  4. ↑ Apollodorus, 3.12.3.

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পালাছ (ট্ৰাইটনৰ কন্যা)” প্ৰবন্ধৰ সংশোধন ৪৯৭১৯৭ (২৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।