নামাজু (ইংৰাজী: Namazu (鯰) বা Ōnamazu (大鯰)) হৈছে জাপানী শ্ৰুতিকথাত বৰ্ণিত এটা কিংবদন্তিমূলক জীৱ। এই বিশাল কেটফিছ (মাগুৰ জাতীয় মাছ) সদৃশ জীৱটো মাটিৰ তলৰ বাস কৰে আৰু ভূমিকম্পৰ সৃষ্টি কৰে বুলি বিশ্বাস কৰা হয়।
জাপানৰ দ্বীপসমূহৰ তলত বাস কৰা এই জীৱটো কাছিমাতৰ দেৱতা টাকেমিকাজুচিয়ে (Takemikazuchi) পহৰা দি থাকে, যিয়ে কেটফিছটোক শিলেৰে বশ কৰি ৰাখে। যেতিয়া নামাজুৱে শিলবোৰ ইফালে সিফালে ঠেলি দিয়ে, তেতিয়া ভয়ানক ভূমিকম্পৰ সৃষ্টি হয়।
শ্ৰুতিকথা
জাপানৰ কিংবদন্তি বা শ্ৰুতিকথা মতে নামাজু এটা পৃথিৱীৰ আভ্যন্তৰত (বা বোকাত১) বাস কৰা বিশাল জীৱ (কেটফিছ) যি ভূমিকম্পৰ সৃষ্টি কৰে।২
ভূমিকম্পৰ সৈতে নামাজুৰ সম্পৰ্ক প্ৰথমে বিৱা হ্ৰদৰ আশে-পাশে থকা অঞ্চলত, প্ৰায় ১৬ শতিকাত উদ্ভৱ হোৱা বুলি কোৱা হয়।৩ নামাজুক সেই অঞ্চলত নিৰ্মিত “অটছু-ই” (Ōtsu-e; "অটছু চহৰৰ ছবি")ত চিত্ৰিত কৰা হৈছিল।৪৫৬
এই ভূমিকম্প সৃষ্টিকাৰী জীৱটো ইবাৰাকিৰ কাছিমাৰ দেৱতা আৰু "আধাৰশিলা"ৰ সৈতে জড়িত হৈ পৰে।৭ শ্ৰুতিকথা অনুসৰি কাচিমাত স্থাপন কৰা দেৱতা টাকেমিকাজুচিয়ে জীৱটোক এটা শিলৰ তলত আবদ্ধ কৰি ৰাখে।৮৯ যেতিয়া কাছিমা-দেৱতাই নিজৰ প্ৰহৰীক জিৰাবলৈ সুবিধা দিয়ে, তেতিয়া নামাজুৱে শিলবোৰ ইফালে সিফালে ঠেলি দিয়ে, যাৰ ফলত ভয়ানক ভূমিকম্প হয়।১
ব্যাখ্যা
১৭ শতিকাৰ শেষৰ ফালে জাপানত কেটফিছ আৰু ভূমিকম্পৰ মাজত ব্যাপক সংযোগ নাছিল আৰু ১৯ শতিকাৰ সময়ছোৱাত প্ৰতীকীভাৱে ভূমিকম্পৰ কাৰণ বা ভৱিষ্যদ্বাণী হিচাপেহে জনপ্ৰিয়তা লাভ কৰিছিল।১০ ১৮৫৫ চনৰ এডো ভূমিকম্পৰ পূৰ্বে এজন ইল মাছমৰীয়াই নদী এখনত অস্বাভাৱিকভাৱে সক্ৰিয় কিছুমাৱ কেটফিছ দেখা পোৱা বুলি কোৱা হয়, যিটো তেওঁ ভূমিকম্পৰ পূৰ্বানুমান হিচাপে গ্ৰহণ কৰিছিল। পিছদিনা ৰাতি ভূমিকম্পৰ সৃষ্টি হয়।১১ ১৮৫৬ চনৰ ভূমিকম্পৰ বিষয়ে সাংবাদিকতাৰ বাতৰিৰ বুৰঞ্জীত লিপিবদ্ধ কৰা এই উপাখ্যানটোৱেই হৈছে কেটফিছে প্ৰাকৃতিকভাৱে ভূমিকম্পৰ ভৱিষ্যদ্বাণী কৰিব পাৰে বুলি আটাইতকৈ প্ৰাচীন জ্ঞাত দাবী।১০ ১৯৩০ চনত জাপানী ভূমিকম্পবিজ্ঞানী শ্বিনকিছি হাটাই আৰু নোবৰু আবেই প্ৰমাণ কৰিছিল যে একুৰিয়াত থকা কেটফিছে ভূমিকম্পৰ কেইবা ঘণ্টা আগতেই আগজাননী প্ৰদান কৰিছিল আৰু ৮০% সঠিকতাৰে ভূমিকম্পৰ ভৱিষ্যদ্বাণী কৰিবলৈ সক্ষম হৈছিল।১২
ইতিহাস
নামাজু-ই
“নামাজু-ই” (鯰絵, "কেটফিছৰ লিপি") হৈছে ১৯ শতিকাৰ এক পৰিচিত শিল্প১৩ আৰু এই লিপিসমূহ ১৮৫৫ চনত এডো (বৰ্তমান টকিঅ')ৰ ওচৰত হোৱা আনচেইৰ অন্যতম মহান ভূমিকম্পৰ পিছত বহু পৰিমাণে ছপা কৰা হৈছিল।
এই নামাজু-ই কাঠত খোদিত লিপিমূহত বহুতো দৃশ্য দেখা পোৱা যায়, সাধাৰণতে দেৱতাই ভূমিকম্প সৃষ্টিকাৰী মাগুৰ মাছৰ দৰে জীৱটোক তৰোৱাল বা কানামেইছি শিলৰ তলত বশ কৰাৰ দৃশ্য দেখা পোৱা যায়।১৪ এই জীৱটোক কেতিয়াবা কেৱল "ভূমিকম্পৰ মাছ" (jishin-no-uo) বুলিও কোৱা হয়,১৫ আৰু লিখনিসমূহত ইয়াক কেটফিছ বুলি কোৱাৰ পিছতো, ইয়াৰ চিত্ৰ অজগৰ-সাপৰ দৰে হোৱা দেখা যায়।১৬
নামাজুক দুৰ্যোগৰ বাবে দায়ী কৰা হৈছিল১৭১৮ যদিও ইয়াৰ বিপৰীতে এই জীৱটোক “য়নাওছি দৈম্যজিন” (yonaoshi daimyōjin; "বিশ্ব সংশোধন"ৰ দেৱতা) বুলিও প্ৰশংসা কৰা হৈছিল, অৰ্থাৎ সেই সময়ত জনসাধাৰণৰ ৰাজনৈতিক আৱেগক স্বৰূপ এক প্ৰকাৰৰ "সামাজিক অন্যায়ৰ প্ৰতিশোধ লোৱা" হিচাপে প্ৰকাশ কৰিছিল।১৯২০ ধনীসকলে নিজৰ ধন জমা কৰি ৰাখিছিল যদিও ভূমিকম্পৰ বাবে এইবোৰ বহুলাংশে ধ্বংস হৈছিল, আৰু সামগ্ৰিকভাৱে বিশ্ববাসীলৈ পুনৰ বিতৰণ কৰা হৈছিল: ছবিবোৰত চিত্ৰিত ভূমিকম্পৰ ফলত সিঁচৰতি হৈ থকা ডাঙৰ ডাঙৰ সোণৰ মুদ্ৰাবোৰৰ এনে ধৰণেৰে প্ৰতীকীকৰণ কৰা হৈছিল। পুনৰ নিৰ্মাণৰ প্ৰচেষ্টাত বৃহৎ পৰিমাণৰ ধন খৰচ হৈছিল আৰু চাকৰিৰ সুযোগৰ ফলত ধনৰ পুনৰ বিতৰণ কৰা হৈছিল।২১
এখন চিত্ৰত "yo-naoshi, yo-naoshi, tate-naoshi"ক (আক্ষৰিক অৰ্থত "বিশ্ব-নিৰ্ধাৰণ, বিশ্ব-নিৰ্ধাৰণ, পুনৰ নিৰ্মাণ"২২) পুনৰ নিৰ্মাণৰ সৈতে ছপা কৰা হৈছে যিয়ে এই সংযোগক স্পষ্টভাৱে প্ৰকাশ কৰে।
আধুনিক ব্যৱহাৰ
জাপানৰ জৰুৰীকালীন ভূমিকম্পৰ প্ৰস্তুতিৰ কাৰ্য্যকলাপৰ ছবিত কেটফিছৰ অংকন কৰা হয়। উদাহৰণস্বৰূপে, জাপান বতৰ বিজ্ঞান সংস্থাৰ ভূমিকম্পৰ আগতীয়া সতৰ্কবাণী (EEW) ল’গ’ত আগতীয়া সতৰ্কবাণী জাৰি কৰিব পৰা যন্ত্ৰত কেটফিছৰ ছবি ব্যৱহাৰ কৰা হয়। জনপ্ৰিয় ভূমিকম্পৰ আগতীয়া সতৰ্কবাণী দিয়া মোবাইল এপ্লিকেচন “ইউৰেকুৰু কল”তো (Yurekuru Call) তেওঁলোকৰ আইকন হিচাপে এটা কেটফিছ আছে। ডেনিছ গায়িকা অহ লেণ্ডৰ প্ৰথম ষ্টুডিঅ’ এলবাম Faunaৰ এটা গীতৰ নামো নামাজু, য’ত গীতৰ সংকনখনৰ বেটুপাততো এটা ডাঙৰ কেটফিছৰ ছবি আছে। “ছিক্ৰেট অৱ মানা”ৰ (Secret of Mana) জাপানী সংস্কৰণত “আৰ্থ স্লাইড”তো (জাপানী সংস্কৰণত ভূমিকম্প) এটা কেটফিছৰ আইকন আছে। জনপ্ৰিয় ভিডিঅ’ গেইম “দ্য লিজেণ্ড অৱ জেল্ডা: এ লিংক টু দ্য পাষ্ট”তো (The Legend of Zelda: A Link to the Past) কেটফিছে দেখা পোৱা যায়। অন্য এক ভিডিঅ’ গেইম “লুফিয়া II”ত (Lufia II) এটা বিশাল কেটফিছে নামাজুৰ অভ্যাস অনুকৰণ কৰা দেখা যায়। জাপানী চলচ্চিত্ৰ “ৰিভাৰ মনষ্টাৰছ”ৰ (River Monsters) “কল্ড-ব্লাডেড হ'ৰ'ৰ”ত (Cold-Blooded Horror) নামৰ খণ্ডটোত নামাজুক চিত্ৰায়িত কৰা হৈছিল। বহু জাপানী কমিকতো নামাজু এটা চৰিত্ৰ হিচাপে প্ৰদৰ্শিত কৰা হয়।২৩
তথ্যসূত্ৰ
- ↑ Rabitz, Albrecht; Rabitz, Gisela (2010). “When the Namazu Shakes its Body”, Andon (88), pp. 5–27
- ↑ Ouwehand 1964, পৃ. 6
- ↑ Smits 2009, পৃ. 10–11
- ↑ Ōtsu-e are regarded as precursors to ukiyo-e
- ↑ Smits 2006
- ↑ Ouwehand 1964, পৃ. 46
- ↑ Smits 2009, পৃ. 10–11
- ↑ Smits 2009, পৃ. 10–11
- ↑ Ouwehand 1964, পৃ. 67–72
- ↑ Smits, Gregory. (2012). Conduits of Power: What the Origins of Japan's Earthquake Catfish Reveal about Religious Geography. Japan Review. পৃ. 41–65
- ↑ Smits, Gregory. (2014). Seismic Japan: the long history and continuing legacy of the Ansei Edo earthquake. University of Hawaiʻi Press. ISBN 978-0-8248-3910-9
- ↑ (November 1933). Sensitivity of Fish to Earthquakes. Nature. পৃ. 817
- ↑ Smits 2009, পৃ. 10
- ↑ Ouwehand 1964, পৃ. 6
- ↑ Ouwehand 1964, পৃ. 4
- ↑ Ouwehand 1964, পৃ. 6
- ↑ And even referred to as norakura namazu ("good-for-nothing namazu") for being such an opportunist catching the gods off-guard
- ↑ Ouwehand 1964, পৃ. 16
- ↑ Smits 2006, পৃ. 1046
- ↑ "yo-naoshi daimyōjin
- ↑ Smits 2006, পৃ. 1055
- ↑ Ouwehand 1964, পৃ. 16
- ↑ Entertainment Weekly: Stan Sakai previews new Usagi Yojimbo, TMNT crossover (April 1, 2017)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নামাজু” প্ৰবন্ধৰ সংশোধন ৬২৪১৭৩ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।