অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

প্ৰকৃত যীশু গীৰ্জা

প্ৰকৃত যীশু গীৰ্জা বা সত্য যীশু গীৰ্জা (The True Jesus Church) ১৯১৭ চনত চীন দেশত প্ৰতিষ্ঠা হোৱা এটি স্বাধীন প্ৰটেষ্টান্ত গীৰ্জা। এই গীৰ্জাৰ শাখা বিশ্বৰ ৪৫খন দেশত আছে। ১৯৩৭ চনত ইয়াৰ শাখা ভাৰতত প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ উদ্দেশ্য হ'ল যীশুৰ দ্বিতীয় আগমনৰ পূৰ্বে মহান বাণীসমূহ প্ৰচাৰ কৰা।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৯৩ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

প্ৰকৃত যীশু গীৰ্জা বা সত্য যীশু গীৰ্জা (The True Jesus Church) ১৯১৭ চনত চীন দেশত প্ৰতিষ্ঠা হোৱা এটি স্বাধীন প্ৰটেষ্টান্ত গীৰ্জা। এই গীৰ্জাৰ শাখা বিশ্বৰ ৪৫খন দেশত আছে। ১৯৩৭ চনত ইয়াৰ শাখা ভাৰতত প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ উদ্দেশ্য হ'ল যীশুৰ দ্বিতীয় আগমনৰ পূৰ্বে মহান বাণীসমূহ প্ৰচাৰ কৰা।

এই গীৰ্জাৰ প্ৰধান দহটি বিশ্বাস হ'ল -

  1. পবিত্ৰ আত্মা - পৱিত্ৰ আত্মাত বা পৰ‌মাত্মাত বিলয়, যি সুভাষণত প্ৰকাশ পায়, হৈছে মোক্ষলাভৰ‌ প্ৰতিশ্ৰুত পন্থা।১
  2. শৰণ - জল-দীক্ষা হৈছে পাপ মৰীষণ আৰু জীৱৰ পৰিত্ৰাণাৰ্থে পালন কৰা ধৰ্মানুস্থান। এই দীক্ষানুস্থান কোনো প্ৰাকৃতিক জলপ্ৰৱাহ যেনে নৈ, জান-জুৰি অথবা সাগৰ আদিত আয়োজিত কৰা হয়। পৰমাত্মা আৰু পানীৰ পৱিত্ৰ জলদীক্ষা গ্ৰহণ কৰা কোনো ব্যক্তিয়ে প্ৰভু যীশুখৃষ্টক স্মৰণ কৰি এই অনুষ্ঠানৰ পৌৰোহিত্য কৰে। দীক্ষাপ্ৰাৰ্থী ব্যক্তিয়ে সম্পূৰ্ণভাৱে জলত নিমজ্জিত হৈ নতশীৰে শৰণ লয়।২৩
  3. পদ প্ৰক্ষালন - পদপ্ৰক্ষালন কাৰ্য্যৰ জৰীয়তে ব্যক্তি প্ৰভু যীশুৰ লগত একাত্ম হয়। লগতে ই মানুহৰ থাকিবলগীয়া প্ৰেম, পৱিত্ৰতা, নম্ৰতা, দয়া আৰু সেৱাৰ ভাৱৰো নিৰন্তৰ স্মাৰক। জলদীক্ষাত দীক্ষিত ব্যক্তিয়ে প্ৰভু যীশুখৃষ্টক স্মৰণ কৰি পদপ্ৰক্ষালন কৰা বাঞ্ছনীয়। উপযুক্ত ক্ষেত্ৰত পাৰস্পৰীক পাদ্যাৰ্ঘদান কাৰ্যও যথাসম্ভৱ পালনীয়।
  4. সাত্বিক/পৱিত্ৰ ভোজন - সাত্বিক ভোজন আচাৰ প্ৰভু যীশুখ্ৰীষ্টৰ মহাপৰিনিৰ্বানৰ প্ৰতি সন্মানৰ পৰিচায়ক। ই আমাক প্ৰভুৰ লগত একেলগে কৰা ভোজনৰ প্ৰতীকৰ জৰীয়তে তেওঁৰ প্ৰতি আগ্ৰ্হ প্ৰকাশ কৰিবলৈ উদ্বুদ্ধ কৰে।৪
  5. চাবাথ বা প্ৰাৰ্থণা দিৱস - সপ্তাহৰ‌ সপ্তম দিনটো অৰ্থাৎ শণিবাৰক‌, পবিত্ৰ দিন বুলি গণ্য কৰা হয়। এই দিনা ভগবানৰ‌ পৰা আশীৰ্বাদ গ্ৰহণ কৰা হয়। ভগবানৰ বিপুল সৃষ্টিৰ‌ কাৰ‌ণে সন্মান আৰু ধন্যবাদ জনাই আৰু মোক্ষলাভ আৰু মহাপৰিনিৰ্বানৰ‌ আগ্ৰ‌হ কৰি এই উপাসনা কৰা হয়।
  6. যীশু খ্ৰীষ্ট - যীচু, যি ভগৱানৰ ৰ‌ক্ত-মাংসৰ‌ অৱতাৰ‌স্বৰূপ, যি পাপীৰ‌ পৰিত্ৰাণৰ‌ কাৰ‌ণে কাৰণে ক্ৰচবিদ্ধ হৈ জীৱন উচৰ্গিলে, তৃতীয় দিনা যাৰ‌ পুনৰোত্থান হ'ল আৰু মহাপৰিনিৰ্বান লভিলে। তেওঁৱেই মানবৰ‌ একমাত্ৰ ত্ৰাতা, পৃথিৱী আৰু স্বৰ্গৰ‌ সৃষ্টিকৰ্তা আৰু পৰ‌ম বিদ্যমান ভগবান।
  7. পবিত্ৰ বাইবেল - নতুন আৰু পুৰণি- দুই স্কন্ধত সংকলিত এই পবিত্ৰ বাইবেল গ্ৰন্থ ভগৱৎ-প্ৰণীত অদ্ৱৈত সত্য আৰু খ্ৰীষ্টীয় পন্থাৰ জীৱন যাপনৰ‌ বিধান।
  8. পৰিত্ৰাণ - ভগৱৎ বিশ্বাসে পাপৰ‌ পৰা পৰিত্ৰাণ কৰে। আস্থাবানজনে ভগৱৎপ্ৰাপ্তিৰ‌ উদ্দেশ্যে পৰ‌মাত্মাত আশ্ৰয় লয়, ভগবানক সন্মান কৰে আৰু মানুহক ভাল পায়।
  9. গীৰ্জা - অধৰ্ম নাশ কৰাৰ উদ্দেশ্যে ভগৱান যিশু খ্ৰীষ্টই স্থাপন কৰা এপষ্টিলিক সময়ৰ প্ৰকৃত পুনৰুজ্জীৱিত গীৰ্জা।
  10. চূড়ান্ত বিচাৰ - পৃথিবীক বিচাৰ কৰিবলৈ ভগৱানে দ্ৱিতীয় অৱতাৰ ধাৰণ কৰিব - দুষ্টক দমন আৰু শান্তক পালনৰ উদ্দেশ্যে।

বহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Mark 1:10, Luke 4:1; 11:13; Acts 2:33; Acts 1:5; 2:4; 10:44-45; Ephesian 1:13-14; Mark 16:17
  2. ↑ 'Repent, and be baptized every one of you in the name of Jesus Christ for the forgiveness of your sins' (Acts 2:38)
  3. ↑ Matthew 3:15-16; Mark 16:16; John 3:5; Titus 3:5; Acts 2:38; 19:4-6; 22:1
  4. ↑ Matthew 28:19; John 13:8, 17; Luke

সম্পৰ্কিত শ্ৰেণী

গীৰ্জাঘৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰকৃত যীশু গীৰ্জা” প্ৰবন্ধৰ সংশোধন ৩৮১৮১১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।