ৰাণী পাৰ্বতী দেৱী ডেস্কিট ৱাংমো (Rani Parvati Devi Deskit Wangmo; ১ মে' ১৯৩৪ – ৫ নৱেম্বৰ ২০২৪) ভাৰতীয় ৰাজ পৰিয়ালৰ সদস্যা আৰু ৰাজনীতিবিদ। তেওঁ লাডাখৰ ৰাণী মাতৃ আছিল।১ ১৯৭৭ চনৰ পৰা ১৯৮০ চনলৈ ষষ্ঠ লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
প্ৰাথমিক জীৱন
১৯৩৪ চনৰ ১ মে’ত খাংছাৰ প্ৰাসাদত (বৰ্তমান হিমাচল প্ৰদেশৰ লাহাউলৰ অংশ) আৰু স্পিটি জিলাৰ অন্তৰ্গত লাহাউলৰ সৰ্বশ্ৰেষ্ঠ ৰাজগৃহ খাংছাৰৰ ৰয়েল হাউচত নিমা ৱাংগিয়ালৰ ঘৰত পাৰ্বতীৰ জন্ম হয়। তেওঁ পঞ্চম মানলৈকে শিক্ষা লাভ কৰিছিল।২
কৰ্মজীৱন
পাৰ্বতী দেৱী লাডাখত সামাজিক কামৰ বাবে পৰিচিত আছিল।২ ১৯৫৮ চনত তেওঁ লেহৰ ৰূপায়ণ সমিতিৰ কল্যাণ সম্প্ৰসাৰণ প্ৰকল্পৰ আহ্বায়ক হয়।৩
১৯৭৭ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছে দেৱীক লাডাখ সমষ্টিৰ প্ৰাৰ্থী হিচাপে লয় আৰু ইয়াৰ স্থানীয় মিত্ৰজোঁটৰ অংশীদাৰ জম্মু আৰু কাশ্মীৰ ৰাষ্ট্ৰীয় সন্মিলনে তেওঁক সমৰ্থন কৰে।৪ মাত্ৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়েহে তেওঁৰ বিৰুদ্ধে থিয় দিছিল আৰু তেওঁ তেওঁক ২,৮৭৭ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল (তেওঁৰ ২০,২৫৩ টা ভোটৰ বিপৰীতে ২৩,১৩০ টা ভোট লাভ কৰিছিল)৷ এনেকৈয়ে তেওঁ লাডাখৰ প্ৰথমগৰাকী মহিলা সাংসদ হৈছিল।৫৬ ১৯৭৭ চনৰ নিৰ্বাচনত জয়ী হোৱা জম্মু-কাশ্মীৰৰ একমাত্ৰ মহিলা আছিল পাৰ্ৱতী দেৱী আৰু বেগম আকবৰ জেহান আব্দুল্লা।৭সদনে পাঁচ বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰি ১৯৮০ চনত আন এক নিৰ্বাচন অনুষ্ঠিত কৰে। এইবাৰ ৰাষ্ট্ৰীয় সন্মিলনে লাডাখৰ পৰা নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰে।৮
তেওঁ নামগ্যাল ইনষ্টিটিউট অৱ ৰিচাৰ্চ অন লাডাখী আৰ্ট এণ্ড কালচাৰ (NIRLAC)ৰ প্ৰতিষ্ঠাপক আৰু সভানেত্ৰী আছিল।৯১০
ব্যক্তিগত জীৱন আৰু মৃত্যু
১৯৫০ চনৰ ১০ জুলাইত পাৰ্বতীয়ে লাডাখৰ খিতাপধাৰী ৰজা কুনজাং নামগ্যালৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ তেওঁ এজন মদ্যপায়ী বুলি প্ৰমাণিত হয় আৰু ৪৮ বছৰ বয়সত মৃত্যু হয়৷ তেওঁ দেৱী আৰু তেওঁলোকৰ চাৰিটা সন্তান (দুজন পুত্ৰ আৰু দুগৰাকী কন্যা) এৰি যায়।২ স্থানীয় পৰম্পৰা অনুসৰি তেওঁ মৃত ৰজাৰ ভাতৃক বিয়া কৰাব লাগিছিল।১১ কিন্তু তেওঁ ভ্ৰাতৃক পৰিয়ালৰ পৰা বাদ দি মাহিলী ভাট্টা দিয়াৰহে ব্যৱস্থা কৰিলে। ভ্ৰাতৃজনে বিষয়টো আদালতলৈ লৈ যায় আৰু শেষত আদালতৰ বাহিৰৰ নিষ্পত্তিত পৰিয়ালৰ সম্পত্তিৰ এটা অংশ তেওঁ দখল কৰে।১
তেওঁ ষ্টক ভৱনত বাস কৰিছিল।১ শীতকালত তেওঁ মানালীত বাস কৰিছিল।১২
২০২৪ চনৰ ৫ নৱেম্বৰত ৯০ বছৰ বয়সত পাৰ্ৱতীৰ মৃত্যু হয়।১৩
তথ্যসূত্ৰ
- ↑ Daniel, Vaihayasi P. (3 April 1997). Postcards from the edge, 2: Ladakh, the last Shangri-la. Rediff.com
- ↑ Member's Bioprofile: Parvati Devi, Shrimati. লোকসভা
- ↑ (1958). Welfare Extension Project, Leh. Social Welfare. Central Social Welfare Board. পৃ. 20
- ↑ Baṭ, S̲anāʼullāh. (1981). Kashmir in Flames: An Untold Story of Kashmirʾs Political Affairs. Ali Mohammad. পৃ. 219
- ↑ Statistical Report on the General Elections, 1977 to the Sixth Lok Sabha. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 162
- ↑ Chumikchan, Rinchen Angmo. (6 December 2016). Why are women denied justice even today in Ladakh?. Reach Ladakh
- ↑ Sharma, S.P. (8 May 2004). Few women fielded in J-K. The Tribune
- ↑ Statistical Report on the General Elections, 1980 to the Seventh Lok Sabha. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 159
- ↑ (2004). Seminar. R. Thapar. পৃ. 15
- ↑ Contact Us – NIRLAC Ladakh. Namgyal Institute of Research on Ladakhi Art and Culture
- ↑ Nath, Rajendra. (2016). Strategic Ladakh: A Historical Narrative 1951-53 and a Military Perspective. Vij Books India. পৃ. 64. ISBN 978-93-85563-50-8
- ↑ Finegan, Jack. (1986). Tibet, a dreamt of image. Tibet House. পৃ. 185. ISBN 978-0-85226-276-4
- ↑ Gyalmo Deskit Wangmo, Queen of Ladakh, passes away at 90. Reachladakh
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰ্ৱতী দেৱী” প্ৰবন্ধৰ সংশোধন ৫০৯০১৭ (১৬ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।