অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

পুষ্পা দেৱী সিং

পুষ্পা দেৱী সিং (Pushpa Devi Singh; জন্ম: ১৮ মে' ১৯৪৮) ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ সপ্তম লোকসভাত কাৰ্যনিৰ্বাহ কৰা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। পুষ্পা দেৱী সিংহৰ জন্ম হৈছিল ছত্তীসগঢ়ৰ সৰনগড় ৰায়পুৰৰ গণ্ড আদিবাসী ৰজাঘৰীয়া পৰিয়ালত।

হালনাগাদ: ১২ জানুৱাৰী ২০২৬ ২৩৯ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

পুষ্পা দেৱী সিং (Pushpa Devi Singh; জন্ম: ১৮ মে' ১৯৪৮) ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ সপ্তম লোকসভাত কাৰ্যনিৰ্বাহ কৰা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ।১

পুষ্পা দেৱী সিংহৰ জন্ম হৈছিল ছত্তীসগঢ়ৰ সৰনগড় ৰায়পুৰৰ গণ্ড আদিবাসী ৰজাঘৰীয়া পৰিয়ালত। তেওঁ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হৈ থকা সাৰনগৰৰ ৰাজা নৰেশ চন্দ্ৰ সিঙৰ কন্যা। সাগৰৰ ছেইণ্ট জোচেফ কনভেণ্ট আৰু ভোপালৰ মহাৰাণী লক্ষ্মীবাই কলেজ আৰু উজ্জয়িনৰ বিক্ৰম বিশ্ববিদ্যালয়ত তেওঁ শিক্ষা গ্ৰহণ কৰে।

১৯৮০ চনত পুষ্পা সিঙে ৩১ বছৰ বয়সত লোকসভালৈ নিৰ্বাচনত জয়ী হ’বলৈ বৈধ ভোটৰ ৫৩.৭৬ শতাংশ ভোট লাভ কৰি সেই সংসদৰ অন্যতম কনিষ্ঠ সদস্য হিচাপে পৰিগণিত হয়। তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী মোৰাৰজী মন্ত্ৰীসভাৰ মন্ত্ৰী জনতা পাৰ্টিৰ নৰহৰি প্ৰসাদ ছাইয়ে ২১.৯৭ শতাংশ ভোট লাভ কৰে।২

১৯৮৪ চনত পুনৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বাবে, তেওঁ অষ্টম লোকসভালৈ নিৰ্বাচিত হয়। এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী নন্দ কুমাৰ ছাইক ২৯.৯৮ শতাংশ ভোটেৰে পৰাস্ত কৰি তেওঁ মুঠ ভোটৰ ৬২.৫১ শতাংশ লাভ কৰে, যি ২০০৪ চনলৈকে তেওঁৰ সমষ্টিত এক অখণ্ড অভিলেখ আছিল।

১৯৮৯ চনত সাধাৰণ নিৰ্বাচনত পুষ্পা সিং নন্দ কুমাৰ ছাইৰ হাতত পৰাস্ত হয়৷ সেইমুহূৰ্তত ৰাজীৱ গান্ধীৰ কংগ্ৰেছৰ বিৰুদ্ধে ঢৌ উঠিছিল। ১৯৯১ চনত দশম লোকসভাৰ নিৰ্বাচনত সিঙে পুনৰ ৫৩.১৩ শতাংশ ভোট লাভ কৰি জয়লাভ কৰি তেতিয়াৰ ৰাজ্যিক বিজেপিৰ সভাপতি নন্দ কুমাৰ ছাইক পুনৰ পৰাস্ত কৰে।৩এই তিনিটা নিৰ্বাচনত তেওঁৰ জয়লাভৰ জৰিয়তেই কংগ্ৰেছে কোনো এটা সমষ্টিত ৫০%তকৈ অধিক ভোট লাভ কৰাৰ মৰ্যাদা পাইছিল।

১৯৯৬ চনৰ লোকসভা নিৰ্বাচনত নন্দ কুমাৰ ছাইয়ে পুষ্পা সিঙক পৰাস্ত কৰিছিল। দুয়োৰে মাজত হোৱা ৪ খন প্ৰতিযোগিতাৰ ভিতৰত পুষ্পা সিঙে ২ খন (১৯৮৪, ১৯৯১) আৰু নন্দ কুমাৰ ছাই (১৯৮৯, ১৯৯৬) দুবাৰকৈ জয়লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ The University of Queensland Homepage
  2. ↑ General Elections 2004 - Partywise Comparison for 2-Raigarh Constituency of CHHATTISGARH
  3. ↑ General Elections 2004 - Partywise Comparison for 2-Raigarh Constituency of CHHATTISGARH

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুষ্পা দেৱী সিং” প্ৰবন্ধৰ সংশোধন ৫৬৯৩৪২ (১২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।