পাণ্ড্যা (প্ৰাচীন গ্ৰীক: Πανδαίη, ইংৰাজী: Pandaie বা Pandae) গ্ৰীক শ্ৰুতিকথা অনুসৰি ভাৰতত জন্মগ্ৰহণ কৰা হেৰাক্লিছৰ কন্যা আছিল, আৰু দক্ষিণ ভাৰতৰ এখন ৰাজ্যৰ শাসক হৈছিল। ইতিহাসবিদ মেগাষ্টেনিছৰ বিৱৰণীত তেওঁ পাণ্ড্য ৰাজবংশৰ এগৰাকী ৰাণী আছিল।
কিংবদন্তি
পাণ্ড্যাক পিতৃ হেৰাক্লিছে ভাৰতত এখন ৰাজ্যত নিযুক্তি দিছিল বুলি কোৱা হৈছিল, যিয়ে ইয়াৰ বাবে নিৰ্দিষ্ট আইন স্থাপন কৰিছিল আৰু তেওঁৰ নামেৰে ৰাজ্যখন নামকৰণ কৰিছিল। মেগাষ্টেনিছৰ মতে হেৰাক্লিছে তেওঁক ৫০০ হাতী, ৪০০০ ঘোঁৰা আৰু ১৩০ ০০০ পদাতিক বাহিনীও দিছিল।১
প্লিনি দ্য এল্ডাৰৰ২ মতে পাণ্ড্যাই আছিল হেৰাক্লিছৰ একমাত্ৰ মহিলা সন্তান (এই কথাটো অৱশ্যে মেকাৰিয়া, ইউক্লিয়া আৰু মাণ্টোক তেওঁৰ কন্যা বুলি উল্লেখ কৰা বিৱৰণীসমূহৰ সৈতে নিমিলে), আৰু সেয়েহে তেওঁৰ প্ৰতি বিশেষ অনুকূলতা আছিল।৩ সেই কাৰণেই তেওঁ পাণ্ড্যাক ৰাণী হিচাপে নিযুক্ত কৰিছিল৷ তেতিয়াৰ পৰা পাণ্ড্যা সমগ্ৰ ভাৰতবৰ্ষতে নাৰীৰ দ্বাৰা শাসিত একমাত্ৰ জাতি হৈ পৰিল। প্লিনিয়ে কয় যে পাণ্ড্যাৰ বংশধৰসকলে তিনিশ চহৰত ৰাজত্ব কৰিছিল আৰু ৫,১০০ জনীয়া সৈন্যবাহিনীৰ লগতে পাঁচশ হাতীৰ সেনাধক্ষ্য আছিল।৪
পলিয়ানাছে জনাইছে যে হেৰাক্লিছে ভাৰতৰ সাগৰৰ পাৰত থকা দক্ষিণ অংশ পাণ্ড্যাক আবণ্টন দিছিল, এই অঞ্চলটো তেও ৩৬৫টা বিভাগত উপবিভক্ত কৰিছিল আৰু প্ৰতিটোৰ ওপৰত বছৰৰ এটা নিৰ্দিষ্ট দিনত দিবলগীয়া বছৰেকীয়া কৰ আৰোপ কৰিছিল। যদি কোনো বিভাগে ধন দিবলৈ অস্বীকাৰ কৰে, তেন্তে আন বিভাগে লোকচানৰ ক্ষতিপূৰণ দিবলৈ বাধ্য হৈছিল।৫
তথ্যসূত্ৰ
- ↑ Cited in Arrian, Indica 8. 6 - 7; Karl Wilhelm Ludwig Müller, Fragmenta Historicorum Graecorum, vol. 2, p. 418
- ↑ Pliny the Elder, Naturalis Historia. Karl Friedrich Theodor Mayhoff. Lipsiae. Teubner. 1906. Latin text available at the Perseus Digital Library.
- ↑ প্লিনি দ্য এল্ডাৰ, The Natural History. John Bostock, M.D., F.R.S. H.T. Riley, Esq., B.A. London. Taylor and Francis, Red Lion Court, Fleet Street. 1855. Online version at the Perseus Digital Library.
- ↑ Pliny the Elder, Naturalis Historia, 6. 23 (20)
- ↑ Polyaenus, Stratagems of War, 1. 3. 4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাণ্ড্যা” প্ৰবন্ধৰ সংশোধন ৪৮০৬৩৭ (২১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।