অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

পাঁচ পীৰ দৰগাহ

পাঁচ পীৰ দৰগাহ (Panch Peer Dargah) ধুবুৰী জিলাৰ ধুবুৰী চহৰত অৱস্থিত পাঁচ গৰাকী চুফী সন্তৰ মাজাৰ শ্বৰিফ। এই দৰগাহ ধুবুৰীৰ শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰাত সংৰক্ষিত পাঁচ গৰাকী চুফী সন্ত ক্ৰমে শ্বাহ আকবৰ, শ্বাহ বাগমাৰ, শ্বাহ চুফী, শ্বাহ সৰণ আৰু শ্বাহ কমলৰ সমাধিৰ ওপৰত নিৰ্মিত দৰগাহ।

হালনাগাদ: ২৭ নৱেম্বৰ ২০২০ ৪২৫ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

পাঁচ পীৰ দৰগাহ (Panch Peer Dargah) ধুবুৰী জিলাৰ ধুবুৰী চহৰত অৱস্থিত পাঁচ গৰাকী চুফী সন্তৰ মাজাৰ শ্বৰিফ।১ এই দৰগাহ ধুবুৰীৰ শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰাত সংৰক্ষিত পাঁচ গৰাকী চুফী সন্ত ক্ৰমে শ্বাহ আকবৰ, শ্বাহ বাগমাৰ, শ্বাহ চুফী, শ্বাহ সৰণ আৰু শ্বাহ কমলৰ সমাধিৰ ওপৰত নিৰ্মিত দৰগাহ।২ ১৬৬২ চনত এই দৰগাহ স্থাপন কৰা হৈছিল। পাঁচ গৰাকী চুফী সন্ত বা পীৰৰ সমাধিত নিৰ্মিত হোৱাৰ বাবে ইয়াক পাঁচ পীৰ দৰগাহ বা পঞ্চ পীৰ দৰগাহ হিচাপে জনা যায়।৩

পটভূমি

ঔৰংজেৱৰ শাসনকালত ১৬৬২ চনত মিৰ জুমলাৰ নেতৃত্বত মোগলে অসম আক্ৰমণ কৰিছিল। তেওঁ মানাহ আৰু গুৱাহাটীৰ মাজৰ গড় অতি সহজেই দখল কৰে। ইয়াৰ পিছতেই মোগলে পাণ্ডু, গুৱাহাটী আৰু কাজলীৰ গড় প্ৰকৃতাৰ্থত কোনো প্ৰতিৰোধ অবিহনেই এটা এটাকৈ দখল কৰি যায়। ১৬৬৩ চনৰ জানুৱাৰী মাহত দুয়োপক্ষৰ মাজত ঘিলাধাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হয়। সন্ধিমতে আহোম ৰজাই পশ্চিম অসম মোগলক এৰি দিয়ে আৰু ৯০টা হাতীৰ লগতে ৩ লাখ টকাৰ যুদ্ধৰ ক্ষতিপূৰণ দিবলৈ কথা দিবলগা হয়। ইয়াৰ উপৰিও তেওঁ নিজৰ একমাত্ৰ সন্তান ৰমণী গাভৰু আৰু ভতিজী তথা তিপাম ৰজাৰ জীয়ৰীক মোগল সম্ৰাটৰ হাৰেমলৈ প্ৰেৰণ কৰিবলগা হয়।৪৫ ইয়াৰ ফলত সমগ্ৰ নামনি অসম কমসময়ৰ বাবে মোগল সাম্ৰাজ্যত অন্তৰ্ভুক্ত হৈছিল। আহোম স্বৰ্গদেউ চ্যু-পং-মু'ঙৰ ৰাজত্বকালত ১৬৬৭ চনৰ ২ নৱেম্বৰ তাৰিখে ইটাখুলি আৰু গুৱাহাটীৰ গড় আহোমৰ হাতলৈ আহে। দুমাহৰ ভিতৰতে আহোমসকলে হেৰুৱা ঠাইসমূহ পুনৰ নিজৰ দখললৈ আনে যদিও গোৱালপাৰা অঞ্চল মোগলৰ হাতত থাকি গৈছিল। পিছলৈ মোগল সম্ৰাজ্যৰ দুৰ্বলতাৰ সুযোগ লৈ বংগৰ নিজামে গোৱালপাৰাক নিজৰ দখললৈ আনে। ১৮৭৪ চনত ব্ৰিটিছ চৰকাৰে বংগ আৰু অসম নিজৰ অধীনলৈ অনাৰ পিছত হে অসমে গোৱালপাৰা অঞ্চল ঘূৰাই পায়। দীৰ্ঘ সময় ইছলামিক শাসনৰ অধীনত থকাৰ ফলত গোৱালপাৰা অঞ্চলৰ ভাষা-সংস্কৃতিত বংগৰ প্ৰভাৱ পৰিলক্ষিত হয়।২

ইতিহাস

পাঁচ পীৰ দৰগাহৰ ভিতৰছোৱা
পাঁচ পীৰ দৰগাহৰ ভিতৰছোৱাছবি: Wahabdr · CC BY-SA 3.0

গোৱালপাৰা অঞ্চলত বংগৰ চুফী সংস্কৃতিৰো প্ৰভাৱ পৰে। পাঁচ পীৰ দৰগাহ অবিভক্ত গোৱালপাৰা জিলাৰ (বৰ্তমান ধুবুৰী জিলা) শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰাৰ দামদামা চাহিব গুৰুদ্বাৰাত সংৰক্ষিত পাঁচ গৰাকী চুফী সন্ত ক্ৰমে শ্বাহ আকবৰ, শ্বাহ বাগমাৰ, শ্বাহ চুফী, শ্বাহ সৰণ আৰু শ্বাহ কমলৰ সমাধিৰ ওপৰত নিৰ্মিত দৰগাহ। ১৬৬২ চনত এই দৰগাহ নিৰ্মাণ কৰা হৈছিল।৬ এই পাঁচজন চুফীসন্তসকল একেলগে এই স্থানত বাস কৰিছিল বুলি জনা যায়। তেওঁলোকৰ মৃত্যুৰ পিছত তেওঁলোকৰ শিষ্য আৰু অনুগামী সকলে তেওঁলোকক ইয়াতে সমাধিস্থ কৰিছিল। স্থানীয় আন কিছুমান লোকৰ মতে বিশ্বাস কৰে যে শ্বাহ আকবৰ এই সন্তসমূহৰ মুৰব্বী আছিল আৰু কেৱল তেওঁ ধুবুৰীৰ এই স্থানত বাস কৰিছিল। সেইদৰে ইয়াত কেৱল শ্বাহ আকবৰৰ সমাধি আছে বুলি কিছুলোকে কয়। বাকী আন চাৰিগৰাকী সন্তয়ে বিভিন্ন স্থানলৈ গৈ ইছলামৰ বাণী প্ৰচাৰ কৰিছিল।২

অৱস্থান

পাঁচ পীৰ দৰগাহ ধুবুৰী চহৰৰ ৱাৰ্ড নং ১ ৰ ব'ৰ'বাজাৰ অঞ্চলত অৱস্থিত। ধুবুৰীলৈ ছিলিগুৰি আৰু কাতিহাৰৰ পৰা ৰেলেৰে যোৱাৰ ব্যৱস্থা আছে। ফকিৰাগ্ৰাম জংচনৰ পৰা ৰেলৰ দিশ সলনি কৰিব লগীয়া হয়। ধুবুৰী চহৰৰ পৰা এই ঠাই লৈ নিয়মিত বাছ চলাচল কৰে। নিকটৱৰ্তী বিমানবন্দৰ হৈছে ৰূপসী বিমানবন্দৰ।

পৰ্যটন

পাঁচ পীৰ দৰগাহ ধুবুৰী চহৰৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থল। ইছলাম ধৰ্মালম্বী সকলে ইয়াক পৱিত্ৰ বুলি জ্ঞান কৰে। ইয়াৰ লগতে আন আন ধৰ্মালম্বী সকলেও ইয়াক পৱিত্ৰ স্থান হিচাপে দৰ্শনৰ বাবে আহে। ১৬৬২ চনত স্থাপন কৰা এই দৰগাহৰ ঐতিহাসিক মহত্ত্ব আছে। দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহৰ ইয়ালৈ আগমন হয়। তেওঁলোকে ইয়াত মমবাটি জ্বলায়। কিছুমানে মাজাৰত চাদৰ দিয়ে। বহুতে তেওঁলোকৰ প্ৰাৰ্থনাৰ উত্তৰ পোৱাৰ আশাত ইয়ালৈ আহে।২

তথ্যসূত্ৰ

  1. ↑ Important Places to Visit
  2. ↑ Mumtaz, Nahida. (২০১০). SUFIS AND THEIR CONTRIBUTION TO THE CULTURAL LIFF OF MEDIEVAL ASSAM IN 16-17"' CENTURY. আলিগড় মুছলিম বিশ্ববিদ্যালয়. পৃ. ৮৯,৯০
  3. ↑ Assam: Dhubri denizens take stroll through historic lanes of town
  4. ↑ MS, Assam Buranji. No.6
  5. ↑ S.K. Bhuyan, Lachit Barphukan And His Times, p.8
  6. ↑ Students And Teachers Participate In Dhubri Town ‘Heritage Walk’. sentinelassam.com

সম্পৰ্কিত শ্ৰেণী

ধুবুৰী জিলাঅসমৰ ধৰ্মীয় স্থানমছজিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাঁচ পীৰ দৰগাহ” প্ৰবন্ধৰ সংশোধন ২৫১৯৩৩ (২৭ নৱেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।