ধৰ্ম আৰু দৰ্শন
দেৱ-দেৱী, মন্দিৰ, সত্ৰ, পুৰাণ আৰু দাৰ্শনিক চিন্তা · ১,৯৫৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
আকিকা
ইছলামৰ পৰিভাষাত সন্তান জন্ম গ্ৰহণ কৰাৰ পিছত আল্লাহৰ শ্বুকৰিয়া ও আনন্দৰ বহিৰ্প্ৰকাশ হিচাবে আল্লাহৰ সন্তুষ্টি অৰ্জনৰ কাৰণে যি পশু জবেহ কৰা হয়, তাকে আকীকা বোলা হয়।
-
আদি পুৰাণ
আদি পুৰাণ খ্ৰীষ্টীয় নৱম শতিকাৰ দিগম্বৰ সন্ন্যাসী জিনাসেন ৰচিত সংস্কৃত কবিতা। ইয়াত প্ৰথম তীৰ্থংকৰ ঋষভনাথৰ জীৱনৰ বিষয়ে আলোচনা কৰা হৈছে।
-
আময় য়েই য়িন
আময় য়েই য়িন (বাৰ্মীজ ভাষা: အမေရေယဉ်; নদীৰ আই বা মাটিৰ তলৰ কোমল পানী, য়েইন কদাও বুলিও জনা যায়) এগৰাকী প্ৰসিদ্ধ বৰ্মী নট। তেওঁ পাঁচগৰাকী মাতৃ নটৰ অন্যতম আৰু "অনৌক মেদাও" ('পশ্চিমৰ ৰাজমাতা') নামেৰে পৰিচিত।
-
আহলে কিতাপ
আহলে কিতাপ বা আহলে কিতাব (أهل الكتاب) হৈছে সেই সকল জাতি যিসকলে মুহাম্মাদ(ছাঃ)ৰ নবুওত প্ৰাপ্তৰ আগতেই সংগঠিত হৈছে, এই জাতিৰ উপৰত প্ৰত্যাদেশ সংবলিত ধৰ্মগ্ৰন্থ অৱতীৰ্ণ হৈছিল সেয়েহেই ইহঁতক আহলে কিতাব বা কিতাপৰ মানুহ বোলে। এই জাতিসমূহ আব্ৰাহামীয় মতবাদত বিশ্বাসী।
-
আৰম্ভণিৰ বৌদ্ধ গ্ৰন্থ
আৰম্ভণিৰ বৌদ্ধ গ্ৰন্থ, আৰম্ভণিৰ বৌদ্ধ সাহিত্য বা আৰম্ভণিৰ বৌদ্ধ প্ৰৱচন হৈছে আৰম্ভণিৰ বৌদ্ধ পৰম্পৰাসমূহে লগে লগে সমভাগ কৰা বৌদ্ধ লেখ। আতাইতকৈ অধিক অধ্যয়ন হোৱা এনে গ্ৰন্থ হ'ল প্ৰথম চাৰি পালি নিকায়, আৰু সংশ্লিষ্ট চীনা আগম।
-
ইছলামী পৰিভাষা
তলৰ তালিকাখনত আৰবী ভাষা শব্দৰূপে প্ৰকাশ কৰা, ইছলামী আৰু আৰৱ পৰম্পৰাৰ পৰা আহৰণ কৰা কিছুমান বিশেষ ধাৰণা সন্নিবিষ্ট কৰা হৈছে। এই তালিকাখনৰ মূল উদ্দেশ্য হৈছে বহু বানানৰ দ্বাৰ্থতা দূৰ কৰা, এই ধাৰণাসমূহৰ অব্যৱহৃত বানানসমূহৰ টোকা প্ৰস্তুত কৰা, ধাৰণাসমূহ এটা বা দুটা শাৰীত প্ৰকাশ কৰা, ধাৰণাসমূহৰ সন্ধান…
-
ইছাক্কি
ইছাক্কি (তামিল: இசக்கி), বা ইছাক্কি আম্মান এগৰাকী লোক হিন্দু দেৱী। ইছাক্কি শব্দটো সংস্কৃত যক্ষীৰ পৰা উদ্ভৱ হৈছে।প্ৰাকৃতত ইয়াক যক্কিৰ বুলি কোৱা হৈছে। তামিলনাডুৰ দক্ষিণ ভাৰতীয় জিলা বিশেষকৈ কন্যাকুমাৰী, তিৰুনেলভেলী আৰু চেলেম জিলাৰ কিছুমান হিন্দু সম্প্ৰদায়ৰ মাজত এইগৰাকী দেৱী জনপ্ৰিয়।
-
ইডিপাছ
ইডিপাছ (,; Οἰδίπους "ফুলা ভৰি") থিবছৰ এজন পৌৰাণিক গ্ৰীক ৰজা আছিল। গ্ৰীক পৌৰাণিক কাহিনীত এজন কৰুণ নায়ক, ইডিপাছে অজানিতে এটা ভৱিষ্যদ্বাণী পূৰণ কৰিছিল যে তেওঁ নিজৰে পিতৃক হত্যা কৰিব আৰু মাতৃৰ সৈতে বিবাহ কৰিব, যাৰ ফলত তেওঁৰ নগৰ আৰু পৰিয়ালৰ ওপৰত বিপৰ্য্যয় নামি আহিব।
-
ইণ্ডোনেছিয়াত হিন্দু ধৰ্ম
হিন্দু ধৰ্ম হৈছে ইণ্ডোনেছিয়াৰ তৃতীয় বৃহত্তম ধৰ্ম, যাক গৃহ মন্ত্ৰ্যালয়ৰ ২০২৩ চনৰ নাগৰিক পঞ্জীয়ন তথ্য অনুসৰি দেশৰ জনসংখ্যাৰ প্ৰায় ১.৬৮ শতাংশ লোকে পালন কৰে।
-
ইতিহাসবাদ
ইতিহাসবাদ (ইংৰাজী: Historicism) হৈছে পৰিঘটনাসমূহৰ অস্তিত্ব, বিশেষকৈ সামাজিক আৰু সাংস্কৃতিক পদ্ধতিসমূহৰ (ধাৰণা আৰু বিশ্বাসকে ধৰি) ব্যাখ্যা কৰাৰ এক পদ্ধতি। এই শব্দটো দৰ্শন, নৃতত্ত্ব আৰু সমাজবিজ্ঞানত বহুলভাৱে ব্যৱহাৰ কৰা হয়।
-
ইয়াৰা (শ্ৰুতিকথা)
ইয়াৰা (ইংৰাজী: Iara, Uiara, Yara বা Hiara; পৰ্তুগীজ উচ্চাৰণ: ), হৈছে প্ৰাচীন টুপি আৰু গুয়াৰানি লোককথাৰ ওপৰত ভিত্তি কৰি ব্ৰাজিলৰ শ্ৰুতিকথাত বৰ্ণিত এটা কিংবদন্তিমূলক জীৱ। শব্দটোৰ উৎপত্তি হৈছে পুৰণি টুপি ভাষাৰ yîara = y (“পানী”) + îara (“প্ৰভু; নাৰী”) = “হ্ৰদৰ নাৰী” (পানীৰ ৰাণী) শব্দটোৰ পৰা।
-
ইলা (দেৱতা)
ইল (इल) বা ইলা (इला) হৈছে হিন্দু আখ্যানৰ এক উভয়লিংগী দেৱতা। তেওঁ নিজৰ লিংগ পৰিৱৰ্তনৰ বাবে খ্যাত। এজন পুৰুষ হিচাপে, তেওঁক ইল বা সুদুম্ন নামেৰে জনা যায় আৰু এগৰাকী নাৰী হিচাপে তেওঁক ইলা নামেৰে পৰিচিত। ইলাক ভাৰতীয় চন্দ্ৰবংশী ৰজাসকলৰ মুখ্য বংশধৰ বুলি গণ্য কৰা হয়।
-
ঈমান, ঐক্য, অনুশাসন
ঈমান, ঐক্য, অনুশাসন (; বাংলা: ঈমান, একতা, শৃঙ্খলা) হৈছে পাকিস্তানৰ ৰাষ্ট্ৰীয় মূলমন্ত্ৰ। ইয়াক পাকিস্তানৰ পথ-প্ৰদৰ্শক নীতি হিচাপে গণ্য কৰা হয়। মুহাম্মাদ আলী জিন্নাহই পাকিস্তানৰ স্বাধীনতাৰ সময়ত ইয়াক জাতীয় মূলমন্ত্ৰ হিচাপে প্ৰৱৰ্তন কৰি গ্ৰহণ কৰিছিল।
-
ঈশ্বৰী
ঈশ্বৰী (সংস্কৃত: ईश्वरी, ৰোমানীকৃত: Īśvarī) সংস্কৃত মূলৰ হিন্দু উপনাম৷ এই শব্দই ইশ্বৰৰ সমকক্ষ ঐশ্বৰিক নাৰী দেৱীসকলক বুজায়। ইয়াৰ উপৰিও ই এটা শব্দ যিয়ে শক্তি বা ত্ৰিমূৰ্তিৰ নাৰী শক্তিক অৰ্থাৎ সৰস্বতী, লক্ষ্মী আৰু পাৰ্বতীক বুজায়।
-
উংকুলংকুলু
উংকুলংকুলু, প্ৰায়ে উংকুলুংকুলু বা উমখুলু ওমখুলু হিচাপে কোৱা কৰা হয়, জুলু, নেবেলে আৰু স্বাতি জনগোষ্ঠীৰ ভাষাত এটা পৌৰাণিক পূৰ্বপুৰুষ, পৌৰাণিক পূৰ্বসূৰী গোট, বা সৰ্বোচ্চ সৃষ্টিকৰ্তা।
-
উপমন্যু
উপমন্যু হিন্দু ধৰ্মৰ এজন ঋষি, শিৱ দেৱতাৰ ভক্ত আৰু গণৰ নেতা (গানমত্য) হোৱাৰ বাবে বেছিকৈ পৰিচিত। তেওঁক সামবেদৰ বাম্চা ব্ৰাহ্মণ (১.১৮)ত উল্লেখ কৰা কম্বোজা ঔপমান্যৱ ঋষিৰ পিতৃ বা পূৰ্বপুৰুষ বুলি কোৱা হয়।
-
ঋতুপৰ্ণ
ঋতুপৰ্ণ (সংস্কৃত: ऋतुपर्ण) হিন্দু সাহিত্যত অযোধ্যাৰ এজন ৰজা। সূৰ্যবংশৰ অন্তৰ্গত তেওঁক মহাভাৰতত নল আৰু দময়ন্তীৰ কিংবদন্তিত দেখা যায়। তেওঁ নলক বহুক নামেৰে গোহালি আৰু পাকঘৰত নিয়োগ কৰে।
-
একলব্য
একলব্য (Ekalavya, एकलव्य) মহাভাৰতৰ এটা চৰিত্ৰ। তেওঁ প্ৰাচীন ভাৰতৰ বন আৰু পাহাৰীয়া জনগোষ্ঠীৰ নিষাদ জাতিৰ ৰাজকোঁৱৰ আছিল। একলব্যক ৰাজসূয় যজ্ঞৰ এজন অগ্ৰণী ৰজা বুলি কোৱা হয় য’ত তেওঁ যুধিষ্ঠিৰক সন্মানেৰে পাদুকাযোৰ আগবঢ়াই সন্মান যাঁচে৷ একলব্য এজন শক্তিশালী ধনুৰ্বিদ আৰু যোদ্ধা হিচাপে বিখ্যাত আছিল৷…
-
একাদশ ৰুদ্ৰ
একাদশ ৰুদ্ৰ বুলি ক'লে ৰুদ্ৰ দেৱতাৰ এঘাৰটা ৰূপ আৰু অনুগামীসকলক বুজায়। এইসকলৰ পৰম্পৰাসমূহ শিৱৰ সৈতে জড়িত হৈ আছে। বৈদিক পন্থা অনুসৰি এই সকল তেত্ৰিশ কৌটি দেৱতাৰ ভিতৰত এঘাৰজন দেৱতা এইসকলে গঠন কৰে।
-
এণ্ড্ৰমেডা (শ্ৰুতিকথা)
এণ্ড্ৰমেডা (/ænˈdrɒmɪdə/; প্ৰাচীন গ্ৰীক: Ἀνδρομέδα, ইংৰাজী: Andromeda) গ্ৰীক শ্ৰুতিকথা অনুসৰি ইথিওপিয়াৰ ৰাজকুমাৰী৷ তেওঁ ইথিওপিয়াৰ ৰজা চেফিয়াছ আৰু ৰাণী কেচিঅ’পিয়াৰ কন্যা।
-
এম্বোকোমু
বৰ্তমানৰ কংগো গণতান্ত্ৰিক গণৰাজ্যৰ এনগোম্বে জনগোষ্ঠীৰ পৰম্পৰাগত বিশ্বাস অনুসৰি এম্বোকোমু (উচ্চাৰণ:ম্বোকোমু) আছিল পৃথিৱীৰ প্ৰথম মহিলা। প্ৰথম খেতিয়ক আছিল তেওঁ। তেওঁ সকলো মানুহৰ পূৰ্বপুৰুষ।
-
ওৰাং মাৱাছ
ওৰাং মাৱাছ (ইংৰাজী: Orang Mawas) বা মাৱাছ (Mawas) মালয়েছিয়াৰ লোককথাত বৰ্ণনা কৰা এবিধ কিংবদন্তিমূলক জীৱ৷ ইয়াক ওৰাং ডালাম (Orang Dalam) বুলিও জনা যায়৷ এই জীৱবোৰ মালয়েছিয়াৰ জোহৰৰ জংঘলত বাস কৰা বুলি কোৱা হয়।
-
ওৱাকফ্
ইছলামিক আইন অনুসৰি ওৱাকফ বা মৰ্টমেইন সম্পত্তি হ’ল এক অ-হস্তান্তৰযোগ্য দাতব্য অক্ষয় নিধি। ইয়াত সাধাৰণতে মুছলমান ধৰ্মীয় বা দাতব্য উদ্দেশ্যত এটা অট্টালিকা, মাটি বা অন্যান্য সম্পত্তি দান কৰা হয় যিবোৰ সম্পত্তি পুনৰ দাবী কৰাৰ কোনো অৱকাশ নাথাকে।
-
কমলাকামিনী
কমলা (कमला),কমলাত্মিকা (कमलात्मिका) বা কমলাকামিনী হৈছে হিন্দু ধৰ্মৰ এগৰাকী দেৱী। তেওঁৰ সুন্দৰ দিশটো হৈছে পৰিপূৰ্ণতা। তেওঁক দশম আৰু অন্তিম মহাবিদ্যা ("মহান জ্ঞান") বুলি বিশ্বাস কৰা হয় আৰু সকলো মহাবিদ্যাৰ দৰে পাৰ্বতীৰ এক প্ৰকাৰ। কেতিয়াবা, তেওঁক লক্ষ্মীৰ তান্ত্ৰিক ৰূপ বুলিও গণ্য কৰা হয়।
-
কম্ব ৰামায়ণ
ৰামাৱতাৰম, কম্ব ৰামায়ণম হৈছে তামিল কবি কম্বৰে দ্বাদশ শতিকাৰ সময়ছোৱাত ৰচনা কৰা এখন তামিল মহাকাব্য। বাল্মিকীৰ সংস্কৃত ৰামায়ণৰ আধাৰত এই কাহিনীটোত অযোধ্যাৰ ৰজা ৰামৰ জীৱনৰ বিষয়ে বৰ্ণনা কৰা হৈছে। কিন্তু ৰামাৱতাৰম সংস্কৃত সংস্কৰণৰ পৰা বহু দিশত পৃথক।
-
কলীয়া গোঁসাই সত্ৰ
কলীয়া গোঁসাই সত্ৰ অসমৰ শোণিতপুৰ জিলাৰ বালিপৰা অঞ্চলত অৱস্থিত এখন সত্ৰ। বালিপৰা অঞ্চলক প্ৰসিদ্ধ কৰা প্ৰধান চাৰিখন সত্ৰৰ ভিতৰত কলীয়া গোঁসাই সত্ৰ বা থান অন্যতম। দৈনিক অসমৰ বিভিন্ন প্ৰান্তৰ লোকে আহি এই সত্ৰখন দৰ্শন কৰেহি। লোকবিশ্বাস অনুসৰি এই সত্ৰৰ মহিমা অপাৰ।
-
কল্প সূত্ৰ
কল্পসূত্ৰ (कल्पसूत्र) তীৰ্থংকৰসকলৰ জীৱনী, বিশেষকৈ পাৰ্শ্বনাথ আৰু মহাবীৰৰ জীৱনী সন্নিৱিষ্ট এক গুৰুত্বপূৰ্ণ জৈন শাস্ত্ৰ। আচাৰ্য ভদ্ৰবাহুৰ বুলি কোৱা হয়, যাৰ ফলত ইয়াক খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ বুলি ধৰিব পাৰি, ইয়াত উল্লেখ আছে যে ইয়াক মহাবীৰৰ নিৰ্বাণ (মোক্ষ)ৰ ৯৮০ বা ৯৯৩ বছৰৰ পাছত বা তীৰ্থংকৰ…
-
কাংশপাৰ সত্ৰ
কাংশপাৰ অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা অসমৰ কালসংহতিৰ অন্তৰ্গত এখন সত্ৰ। ১৫৪৫ শকত (১৬২৩ চন) স্থাপিত এই সত্ৰখন ডিব্ৰুগড় জিলা শ'লগুৰিত প্ৰথম স্থাপন হৈছিল।
-
কাকৱিন ৰামায়ণ
কাকৱিন ৰামায়ণ হৈছে কাকাৱিন ছন্দ শৈলীত ৰচিত ৰামায়ণৰ পুৰণি জাভানীজ কবিতা। এই কাব্যখন মধ্য জাভাত (আধুনিক ইণ্ডোনেছিয়া) প্ৰায় নৱম শতিকাৰ শেষৰ ফালে বা দশম শতিকাৰ আৰম্ভণিতে, মেডাং ৰাজ্যৰ যুগত ৰচনা কৰা হৈছিল বুলি বিশ্বাস কৰা হয়।
-
কাটেৰী আম্মান
কাটেৰী আম্মান (காட்டேரி அம்மன்) বা সংক্ষিপ্ত ৰূপত কাটেৰী হৈছে এগৰাকী হিন্দু দেৱী। তেওঁৰ পূজাৰ উৎপত্তি যিটো হিন্দু ধৰ্মৰ অধীনত শ্ৰেণীভুক্ত দ্ৰাবিড় লোকধৰ্মৰ পৰা হৈছে। তামিলনাডুত তেওঁক প্ৰায়ে পাৰ্বতীৰ ৰূপ হিচাপে গণ্য কৰা হয়। তেওঁক কোনো এখন চহৰৰ ৰক্ষক দেৱতা হিচাপে পূজা কৰা হয়।